এমাহৰ ভিতৰতে চৰকাৰী বাংলো এৰিব লাগিব কেইজনমান বিজেপিৰ সাংসদে। ১০ জন সাংসদলৈ প্ৰেৰণ কৰা হৈছে এই জাননী।
হঠাৎ কি হ’ল যে সাংসদসকলক চৰকাৰী বাংলোৰ পৰা ওলাই যাবলৈ কোৱা হ’ল!
সূত্ৰ অনুসৰি তিনিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত জয়ী হোৱা ১০ জন সাংসদে শেহতীয়াকৈ সাংসদ পদৰ পৰা পদত্যাগ কৰিছে। যাৰ বাবে এইবাৰ তেওঁলোকক চৰকাৰী বাংলোৰ পৰা ওলাই যাবলৈ কোৱা হৈছে। বাংলো খালী কৰিবলৈ তেওঁলোকক এমাহৰ সময় দিয়া হৈছে।
চলিত সপ্তাহৰ বৃহস্পতিবাৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ আগত কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰ, প্ৰহ্লাদ পেটেলকে ধৰি বিজেপিৰ ৯ জন সাংসদৰ পদত্যাগ গ্ৰহণ কৰে।
দুই কেন্দ্ৰীয় মন্ত্ৰীৰ উপৰিও মধ্যপ্ৰদেশৰ সাংসদ ৰাকেশ সিং, উদয় প্ৰতাপ সিং, ৰীতি পাঠকেও লোকসভাৰ পৰা পদত্যাগ কৰে।
ৰাজস্থানৰ সাংসদ দিয়া কুমাৰী আৰু ৰাজ্যবৰ্ধন সিং ৰাথোৰেও পদত্যাগ কৰে।
ছত্তীশগড়ৰ সাংসদ গোমতী ছাই আৰু অৰুণ ছাৱেও লোকসভাৰ সদস্যপদৰ পৰা পদত্যাগ কৰে।
আনহাতে ৰাজ্যসভাৰ পৰা পদত্যাগ কৰে কিৰোৰি লাল মীনাই।
কেন্দ্ৰীয় মন্ত্ৰীসকলে সাংসদ পদৰ পৰা পদত্যাগ কৰাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰামৰ্শ মতে অৰ্জুন মুণ্ডাক কৃষি মন্ত্ৰালয় হিচাপে নিযুক্তি দিয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। জনজাতি উন্নয়ন মন্ত্ৰীৰ হাততো থাকিব কৃষি মন্ত্ৰালয়।
কেন্দ্ৰীয় তথ্য প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰক জলবিদ্যুত বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে।
কৃষি ৰাজ্যিক মন্ত্ৰী শোভা কাৰিণ্ডালজেক খাদ্য সংসাধন বিভাগৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে।
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ভাৰতী প্ৰবীণ পাৱাক জনজাতি পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে।





