• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পশ্চিম বংগত ‘অস্বাভাৱিক’ হাৰত মুছলমান ভোটাৰ বৃদ্ধিৰ অভিযোগ বিজেপিৰ; ‘ঘৃণনীয় ৰাজনীতি’ আখ্যা তৃণমূলৰ

 এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 23, 2025 9:56 am
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিম বংগত ভোটাৰ তালিকাৰ জনগাঁথনিগত পৰিৱৰ্তনক লৈ শাসকীয় তৃণমূল কংগ্ৰেছ আৰু বিৰোধী ভাৰতীয় জনতা পাৰ্টিৰ মাজত তীব্ৰ ৰাজনৈতিক সংঘাতৰ সৃষ্টি হৈছে। বিগত ২৩ বছৰত ৰাজ্যখনত হিন্দু ভোটাৰৰ তুলনাত মুছলমান ভোটাৰৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱা বুলি বিজেপিয়ে নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ দাখিল কৰিছে। আনহাতে, তৃণমূলে এই অভিযোগক ‘ভুৱা’ আৰু ‘বিভাজনকাৰী ৰাজনীতি’ বুলি অভিহিত কৰিছে।

নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰা এক প্ৰতিবেদনত বিজেপিয়ে দাবী কৰিছে যে ২০০২ চনৰ পৰা ২০২৫ চনলৈ পশ্চিম বংগত মুছলমান ভোটাৰৰ সংখ্যা ১২৭.৭% বৃদ্ধি পাইছে; ইয়াৰ বিপৰীতে হিন্দু ভোটাৰৰ বৃদ্ধিৰ হাৰ মাত্ৰ ৭২.৩%।

Apply Now

বিজেপিৰ প্ৰতিবেদনত দাবী কৰিছে যে  ৰাজ্যখনৰ মুঠ ভোটাৰ ৩.৯৩ কোটিৰ পৰা ৮৪.১% বৃদ্ধি পাই ৭.২৪ কোটি হৈছে। হিন্দু ভোটাৰ ৩.১ কোটিৰ পৰা ৫.৩ কোটিলৈ বৃদ্ধি পোৱাৰ বিপৰীতে, মুছলমান ভোটাৰ ৮৩.৯ লাখৰ পৰা বৃদ্ধি পাই ১.৯ কোটি হৈছে।

বিজেপিৰ মতে, ৰাজ্যৰ ৪২খন লোকসভা আসনৰ ভিতৰত ৩৭খনতে মুছলমান ভোটাৰৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাইছে। ইয়াৰ বিপৰীতে, হিন্দু ভোটাৰ দুগুণ হোৱা আসনৰ সংখ্যা মাত্ৰ তিনিখন। মুছলমান ভোটাৰৰ আধিপত্য থকা বিধানসভা সমষ্টিৰ সংখ্যা পূৰ্বৰ ৪৫ৰ পৰা ৬০ লৈ বৃদ্ধি পাইছে।

পশ্চিম বংগ বিজেপিৰ নেতা জগন্নাথ চট্টপাধ্যায়ে কয় যে বৰ্তমান চলি থকা ভোটাৰ তালিকাৰ ‘বিশেষ নিবিড় পুনৰীক্ষণ’ (SIR) প্ৰক্ৰিয়াত নিৰ্বাচন আয়োগে এই জনগাঁথনিগত পৰিৱৰ্তনসমূহ গুৰুত্বসহকাৰে পৰীক্ষা কৰা উচিত।

বিজেপিৰ এই দাবীক তৃণমূল কংগ্ৰেছৰ মুখপাত্ৰ জয়প্ৰকাশ মজুমদাৰে তীব্ৰ সমালোচনা কৰিছে। তেওঁ যুক্তি দৰ্শায় যে এই তথ্যৰ কোনো বৈজ্ঞানিক ভিত্তি নাই। মজুমদাৰে কয়, “২০১১ চনৰ পাছত ভাৰতত কোনো লোকপিয়ল হোৱা নাই। তেনেস্থলত তেওঁলোকে এই সঠিক সংখ্যা ক’ৰ পৰা পালে? পশ্চিম বংগৰ জন্মৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈও কম, গতিকে ভোটাৰৰ সংখ্যা ইমান দ্ৰুতগতিত বৃদ্ধি পোৱাৰ কোনো যুক্তি নাই।”

তেওঁ অভিযোগ কৰে যে অহা বছৰৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক্-মুহূৰ্তত মানুহৰ মাজত ধৰ্মীয় মেৰুকৰণ আৰু ভয়ৰ সৃষ্টি কৰিবলৈ বিজেপিয়ে এই বিভাজনকাৰী ৰাজনীতিৰ আশ্ৰয় লৈছে।

উল্লেখযোগ্য যে, ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি স্বৰূপে পশ্চিম বংগ, কেৰালা, গুজৰাটসহ ১২খন ৰাজ্যত নিৰ্বাচন আয়োগে ভোটাৰ তালিকাৰ ‘বিশেষ নিবিড় পুনৰীক্ষণ’ (SIR) চলাই আছে। প্ৰায় ২৭% মুছলমান জনসংখ্যা থকা পশ্চিম বংগত ভোটাৰ তালিকাক লৈ সৃষ্টি হোৱা এই বিতৰ্কই ৰাজ্যখনৰ ৰাজনীতি অধিক উত্তপ্ত কৰি তোলাৰ সম্ভাৱনা আছে। বিজেপিয়ে এখন শুদ্ধ ভোটাৰ তালিকাৰ দাবী জনোৱাৰ বিপৰীতে তৃণমূলে ইয়াক সংখ্যালঘুক লক্ষ্য কৰি লোৱা এক কৌশল বুলি সতৰ্ক কৰি দিছে।

 এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm
পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

September 20, 2026 8:13 pm
ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

September 20, 2026 7:36 pm
মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

September 20, 2026 6:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm
পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

September 20, 2026 8:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd