NORTHEAST NOW (Assamese)

কংগ্ৰেছৰ নীতি আদৰ্শ হাইজেক কৰিছে বিজেপিয়ে : দেবব্ৰত শইকীয়া

October 23, 2019 9:28 pm · কল্পজ্যোতি শইকীয়া
দেৱব্ৰত শইকীয়াৰ ফাইল ছবি।

‘হিমন্ত বিশ্ব শৰ্মাৰ নীতি আদৰ্শ বেলেগ। এসময়ত গুজৰাটত কিবা কিবি গৈছিল, এতিয়া নোযোৱা হ’ল।‘ বুধবাৰে বিধানসভাৰ বিৰোধী দলপতিৰ কাৰ্য্যালয়ত এখন সংবাদমেলত এইদৰে কয় কংগ্ৰছৰ দলপতি দেবব্ৰত শইকীয়াই।

একেখন সংবাদমেলতে বিজেপিক সমালোচনা কৰিবলৈ গৈ তেওঁ বিজেপিয়ে এতিয়া কংগ্ৰেছৰ নীতি আদৰ্শ অনুকৰণ কৰিবলৈ আৰম্ভ কৰিছে বুলি মন্তব্য কৰে।

‘কেইদিনমানলৈকে হালধীয়া টুপি পিন্ধি থকা বিজেপিয়ে এতিয়া আমাৰ গান্ধী টুপিটোও লৈ গৈছে। খাদী বগা টুপীটো পিন্ধি ঘুৰি ফুৰিছে। তেওঁলোকে দেখাবলৈ কংগ্ৰেছৰ আটাইখিনি লৈ যাব পাৰে।‘ শইকীয়াই কয়।

শইকীয়াৰ মতে ‘কংগ্ৰেছক ৰাইজে এতিয়াও বিশ্বাস কৰে। দেশৰ স্বাধীনতাত কংগ্ৰেছৰ অৰিহনাক ৰাইজে স্বীকৃতি দিয়ে।‘

বৰ্তমানৰ বিজেপি চৰকাৰে সামগ্ৰীৰ মূল্য ৰোধ কৰাত সম্পূৰ্ণ ব্যৰ্থ বুলি মন্তব্য কৰি শইকীয়াই কয় ‘চিলিণ্ডাৰ, পেট্ৰ’ল, ডিজেল ইত্যাদি সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে, অভাৱনীয় ভাৱে নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছে।‘

ইপিনে, কাইলৈ ঘোষিত হ’বলগীয়া উপ নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত শইকীয়াই কয়, ‘শূণ্য নিশ্চয় নহয়, শাসকীয় দলৰ বিৰুদ্ধে থাকিলে অলপ অসুবিধা হয়। আশা কৰিছো আমাৰ ফলাফল ভাল হ’ব।‘

‘ৰাতাবাৰীত এজন পুলিচে কিদৰে ৰিগিং কৰাই আছে নিশ্চয়কৈ সকলোৱে দেখা পাইছে। লগতে বিক্ৰম কৈৰী নামৰ এজন শিক্ষকে স্বাস্থ্য মন্ত্ৰীৰ সভাত মুকলিকৈ প্ৰচাৰ চলাই আছিল। মই মুখ্য নিৰ্বাচনী বিষয়ালৈ ইতিমধ্যে অভিযোগ দিছো।‘ শইকীয়াই কয়।

আনহাতে জনিয়া সমষ্টিত কংগ্ৰেছ যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে বুলি মন্তব্য কৰি শইকীয়াই কয় ‘বিজেপি আৰু এ আই য়ু ডি এফে একেলগে খেলা বুলি গম পাইছো, কাৰণ বিজেপিৰ প্ৰাৰ্থীজনে এ আই য়ু ডি এফৰ কাৰ্য্যালয়ত ভোট বিচাৰি গৈছে।‘

Related News