• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰ উত্থানত নিশ্চিহ্ন হৈ গ’ল নেকি অসমৰ জাতীয়তাবাদ?

ৰাজেন শৰ্মা by ৰাজেন শৰ্মা
May 23, 2019 1:37 pm
6f8e76ea-23c0-477f-bb46-0e987fea57df

বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত বিজেপি কৰ্মীৰ বিজয়োল্লাস। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভাৰ সাধাৰণ নিৰ্বাচনৰ ফলাফলৰ শেহতীয়া অগ্ৰগতিয়ে অসমত বিজেপিৰ অভূতপূৰ্ব উত্থানৰ ইংগিত দাঙি ধৰিলে। কিন্তু বিজেপি চৰকাৰৰ বিৰুদ্ধে নিৰৱিচ্ছিন্ন আন্দোলন, প্ৰতিবাদ, ধৰ্ণা আৰু জাতীয়তাবাদৰ উত্থানৰ যি ঢৌ দেখা গৈছিল নিৰ্বাচনত তাৰ কোনো প্ৰতিফলন নঘটিল। বৰঞ্চ পূৰ্বৰ তুলনাত বিজেপিয়ে অসমৰ জনসাধাৰণক অধিক আকৰ্ষিত কৰিবলৈ সক্ষম হোৱাৰ বাস্তৱ ছবি এখনহে দেখা পোৱা গ’ল।

বিজেপিয়ে গৃহীত কৰিব খোজা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গঢ়ি উঠা প্ৰবল জনমত, বিমুদ্ৰাকৰণ আৰু অবৈধ বাংলাদেশী বিতাৰণৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহেও এইবাৰ নিৰ্বাচনত কোনো প্ৰভাৱ পেলোৱা দেখা নগ’ল। ২৮ টা জনগোষ্ঠীয় সংগঠন, ৭০টা জাতীয় সংগঠনৰ প্ৰতিবাদী আন্দোলনৰ কোনো প্ৰভাৱ নপৰিল। নিৰ্বাচনকেন্দ্ৰিক ৰাজনীতিত বিজেপিয়ে বিৰোধীৰ দুৰ্বলতাৰ ভালদৰেই সুযোগ ল’লে।

Apply Now

দৰাচলতে অসমত কংগ্ৰেছকে ধৰি বিৰোধী দলবোৰৰ সাংগঠনিক ভিত্তি ইমানেই দুৰ্বল হৈ পৰিছে যে জনসাধাৰণক নিজৰ পক্ষত ৰাখিবলৈ কছৰৎ কৰাৰ জনবল তেওঁলোকৰ শূন্য। ইয়াৰ বিপৰীতে বিজেপিৰ সাংগঠনিক স্থিতি শক্তিশালী হৈ পৰিছে। ৰাজ্যখনত দলৰ চৰকাৰ থকাৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰি দলটোৱে তেওঁলোকৰ সংগঠন সম্প্ৰসাৰিত কৰিছে।

বিজেপিৰ সাংগঠনিক স্থিতি শক্তিশালী হোৱাৰ অন্যতম কাৰণ হৈছে ইয়াৰ কেডাৰসকল। আৰ এছ এছৰ পৃষ্ঠপোষকতাত তৃণমূল পৰ্যায়লৈ দলটোক শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰাত কৰ্মীসকল সফল হৈছে। বিজেপিত নেতাৰ তুলনাত কেডাৰ বা কৰ্মীৰ ভূমিকা বহুত বেছি। আনহাতে, কংগ্ৰেছকে ধৰি আন বিৰোধী দলবোৰ বৰ্তমান নেতাকেন্দ্ৰিক হৈ পৰিছে আৰু তৃণমূল পৰ্যায়ত পুতৌজনকভাৱে কৰ্মীৰ অভাৱ স্পষ্ট হৈ পৰিছে।

বিগত তিনিবছৰত বিজেপিয়ে অসমৰ যুৱ প্ৰজন্মক আকৰ্ষিত কৰাৰ সৰ্বাত্মক প্ৰচেষ্টা চলাইছে আৰু এইক্ষেত্ৰত যথেষ্ট সাফল্য লাভ কৰিছে। বিৰোধী কংগ্ৰেছ তথা আন দলসমূহত যুৱ নেতাসকল অপেক্ষিত হোৱাৰ বিপৰীতে বিজেপিয়ে যুৱসকলক অগ্ৰাধিকাৰ দিয়াৰ সুফল নিৰ্বাচনী ফলাফলত প্ৰতিফলিত হৈছে।

নিৰ্বাচনৰ শেহতীয়া ফলাফলৰ ধাৰা অনুসৰি বিজেপি আৰু ইয়াৰ সহযোগীয়ে অসমত ৯খন আসনত জয়লাভ কৰাৰ দিশে আগবাঢ়িছে। সেয়ে হ’লে পূৰ্বৰ ৭খনৰ তুলনাত দুখন আসন বাঢ়িব। ২০১৪’ৰ নিৰ্বাচনত মোদী ঢৌৰ সময়তকৈয়ো এইবাৰ অধিক ভাল ফলাফলৰ কাৰণ অৱশ্যেই বিজেপিৰ ৰাজ্যখনত এটা ‘আণ্ডাৰ কাৰেন্ট’ ঢৌৰ ইংগিত বহন কৰিছে।

অসমৰ জাতীয়তাবাদী সংগঠনসমূহৰ আন্দোলনমুখী প্ৰৱণতাক জনসাধাৰণে প্ৰত্যাখ্যান কৰি বিজেপিৰ ৰাষ্ট্ৰীয়তাবাদ তথা হিন্দুত্ববাদী চিন্তাধাৰাক অসমৰ জনসাধাৰণে সমৰ্থন জনালে নেকি সেয়া লক্ষ্যণীয় হৈ ধৰা দিছে।

ৰাজেন শৰ্মা

ৰাজেন শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd