তিনিচুকীয়া কাণ্ডৰ বিৰুদ্ধে শিৱসাগৰতো বিজেপিয়ে উলিয়ালে প্ৰতিবাদী সমদল

IMG-20190201-WA0000

তিনিচুকীয়া কাণ্ডৰ বিৰুদ্ধে শুকুৰবাৰে শিৱসাগৰত উলিওৱা বিজেপিৰ প্ৰতিবাদী সমদল। ফটো : নৰ্থইষ্ট নাও

যোৱা ৩০ জানুৱাৰিত তিনিচুকীয়া জিলাত এখন দলীয় সভাত অংশ ল’বলৈ যোৱা বিজেপিৰ তিনিচুকীয়া জিলাৰ সভাপতি  লক্ষেশ্বৰ মৰাণক দুস্কৃতিকাৰীয়ে শাৰিৰীকভাৱে আক্ৰমণ কৰাৰ প্ৰতিবাদত শুকুৰবাৰে শিৱসাগৰ জিলা বিজেপিয়ে নগৰখনত এক প্ৰতিবাদী সমদল বাহিৰ কৰে।

জিলা বিজেপিৰ শতাধিক সদস্যই শিৱসাগৰ জিলা বিজেপিৰ সভানেত্ৰী সুৰভি ৰাজকোঁৱৰীৰ নেতৃত্বত এই সমদলে সমগ্ৰ নগৰ পৰিভ্ৰমণ কৰি শিৱসাগৰ জিলা উপায়ুক্তক দোষীক শাস্তি বিহাৰ দাবীৰে এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

স্মাৰকপত্ৰখনত জিলা সভানেত্ৰী সুৰভি ৰাজকোঁৱৰীয়ে উল্লেখ কৰে যে, তিনিচুকীয়াৰ বিজেপিৰ সভাপতিক শাৰীৰিকভাৱে আক্ৰমণ কৰি গণতান্ত্ৰিক ব্যৱস্থাৰ উৰ্দ্ধত গৈ সমগ্ৰ অসমত হিংসাত্মক কাৰ্য্য বিয়পাবলৈ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। এই সন্দৰ্ভত সকলো পক্ষকে এনেধৰণৰ হিংসাত্মক কাৰ্য্য বৰ্জন কৰাৰ লগতে দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিব লাগে।

উল্লেখযোগ্য যে শুকুৰবাৰে সমগ্ৰ ৰাজ্যজুৰি বিজেপিয়ে তিনিচুকীয়াত বিজেপি নেতা লক্ষেশ্বৰ মৰাণক প্ৰহাৰ কৰা ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰে। শাসকীয় দলটোৱে তেওঁলোকৰ প্ৰভাৱ প্ৰদৰ্শনৰ জৰিয়তে বিৰোধী শক্তিক সকীয়াই দিয়াৰ প্ৰয়াস কৰে