নিৰ্বাচনৰ মাজতে নাড্ডাৰ দৰ্প! ‘বিজেপি আৰু পূৰ্বৰ দৰে আৰএছএছৰ ওপৰত নিৰ্ভৰশীল নহয়’

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ বা আৰ এছ এছ সন্দৰ্ভত বিজেপিৰ সভাপতি জে পি নাড্ডাই কৰা এক মন্তব্যই ৰাজনৈতিক মহলত তীব্ৰ চৰ্চাৰ সৃষ্টি কৰিছে। নিৰ্বাচনৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে এক সাক্ষাৎকাৰত নড্ডাই কয়, ‘বিজেপি এতিয়া আগৰ দৰে আৰএছএছৰ ওপৰত নিৰ্ভৰশীল নহয়। দলটো এতিয়া নিজৰ ভৰিৰ ওপৰত থিয় দিছে। নিজৰ শক্তিৰে আগবাঢ়ি যাব বিজেপি।‘

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ ৰাজনৈতিক সংগঠন হিচাপে ১৯৮০ চনত বিজেপিয়ে যাত্ৰা আৰম্ভ কৰিছিল। সেই সময়ত অটল বিহাৰী বাজপেয়ী, এল কে আদৱানীৰ পৰা আজিৰ নৰেন্দ্ৰ মোডী, অমিত শ্বাহৰ আৰ এছ এছৰ হাত ধৰিয়েই ৰাজনৈতিক জীৱনত যোগদানৰ সূচনা হৈছিল।

এই সংগঠনটোৱে হিন্দু জাতীয়তাবাদত বিশ্বাস কৰে আৰু ভাৰতক হিন্দুৰ ভূমি বুলি দাবী কৰি আহিছে। সংগঠনটোৰ চূড়ান্ত লক্ষ্য ভাৰতক হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰা। বিজেপি এই সংগঠনৰ মতাদৰ্শৰ দ্বাৰা পৰিচালিত। কোৱা হয় আৰ এছ এছ বিজেপিৰ অভিভাৱক। বিজেপি আৰু তেওঁলোকৰ চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে আৰএছএছৰ মতামত লয়।

লগতে পঢ়কঃ ৰয়েল চেলেঞ্জাৰ্ছৰ ৰাজকীয় প্ৰত্যাৱৰ্তন! স্তব্ধ হ’ল ধোনীৰ ধুন; প্লে অফ্‌ নিশ্চিত কৰিলে কোহলীবাহিনীয়ে

তেওঁলোকৰ ঘোষিত কাৰ্যসূচী অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ, সংবিধানত কাশ্মীৰৰ বিশেষ মৰ্যাদাৰ ৩৭০ অনুচ্ছেদৰ অন্ত পেলোৱা আৰু অভিন্ন নাগৰিক সংহিতা (UCC) প্ৰৱৰ্তন, যাৰ বহুকেইটা মোডী চৰকাৰে কাৰ্যকৰী কৰিছে। এই পৰ্যায়ত নাড্ডাই দলৰ সভাপতিও আছিল। বিগত কেইবছৰমানৰ দৰেই বিজেপিৰ ইস্তাহাৰত অভিন্ন নাগৰিক সংহিতা প্ৰৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। সচেতন মহলে অনুভৱ কৰে যে লোকসভাত ৪০০খন আসনৰ লক্ষ্য পূৰণ হ’লেহে সমগ্ৰ দেশতে অভিন্ন নাগৰিক সংহিতা প্ৰৱৰ্তন কৰিব পৰা যাব।

নাড্ডাৰ এই বক্তব্যক ৰাজনৈতিক মহলে দুটা ধৰণে ব্যাখ্যা কৰিব বিচাৰিছে। এটা পক্ষৰ মতে দলৰ সাফল্যক বিবেচনা কৰি বিজেপিৰ সভাপতিগৰাকীয়ে আৰএছএছৰ ওপৰত নিৰ্ভৰশীলতাক তুচ্ছজ্ঞান কৰিব বিচাৰিছে। আনহাতে, আনটো পক্ষৰ মতে নাড্ডাই আচলতে নৰেন্দ্ৰ মোডীক সন্তুষ্ট কৰিব বিচাৰিছে।

মোডীৰ দিনতে আৰ এছ এছৰ বহুদিনীয়া দাবী পূৰণ হৈছে। সেইবাবেই মোদীয়ে চৰকাৰৰ সফলতাক উজ্জ্বল কৰি তুলিবলৈ আৰ এছ এছৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব বিচাৰিছে।

লগতে পঢ়কঃনিৰ্বাচন আয়োগক ভোটদানৰ পৰিসংখ্যা দিয়াত পলম কৰাৰ বাবে প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

কাকতলীয়াভাৱে নাড্ডাই আৰ এছ এছৰ নিৰ্ভৰশীলতাৰ কথা কোৱাৰ সময়তে মুম্বাইত শিৱসেনাৰ নেতা উদ্ধৱ থাকৰেই কয় যে মোডী পুনৰ ক্ষমতালৈ আহিলে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অস্তিত্বও বিপন্ন হ’ব। নৰেন্দ্ৰ মোদীয়ে সেই সংগঠনটোকো ভুৱা হিন্দুত্ব বুলি কৈ দিব পাৰে।

উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ পিছত বিজেপিৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিব নাড্ডাই। যোৱা বছৰ তেওঁৰ সভাপতি হিচাপে কাৰ্যকাল শেষ হৈছিল। লোকসভা নিৰ্বাচনৰ বাবে তেওঁক মাজতে সলনি কৰা হোৱা নাছিল। বিজেপিৰ সভাপতিগৰাকীয়ে লগতে দাবী কৰে যে দলটো এতিয়া আগৰ দৰে আৰএছএছৰ ওপৰত নিৰ্ভৰশীল নহয়। প্ৰসংগক্ৰমে অহা বছৰৰ ছেপ্টেম্বৰ মাহত আৰ এছ এছে এশ বছৰ সম্পূৰ্ণ কৰিব।

লগতে পঢ়কঃ বিদেশত মেডিকেল পঢ়িবলৈ গৈ মাৰাত্মক বিপদত ভাৰতীয় শিক্ষাৰ্থী; সতৰ্ক কৰি দিলে বিদেশ মন্ত্ৰালয়ে

সাক্ষাৎকাৰটোত নাড্ডাই আন এক গুৰুত্বপূৰ্ণ কথাও কৈছে। বিশ্ব হিন্দু পৰিষদৰ ছত্ৰছায়াত কেইবাটাও সংগঠনে বাৰাণসীৰ জ্ঞানবাপী আৰু মথুৰাৰ শ্বাহী ইদগাহ মছজিদ আঁতৰোৱাৰ দাবীত আইনী যুঁজ অব্যাহত ৰাখিছে। নাড্ডাই কয় যে সেই দুটা স্থানত মন্দিৰ-মছজিদ বিবাদক লৈ বিজেপিৰ কোনো কাৰ্যসূচী নাই। এই বিষয়ত দলটোত আলোচনা হোৱা নাই।