• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিজেপিয়ে ২০২৩-২৪ বৰ্ষত লাভ কৰিলে ২,২৪৪ কোটি টকাৰ অনুদানঃ গত বৰ্ষৰ তুলনাত বৰঙণি তিনিগুণ বৃদ্ধি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 26, 2024 4:52 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৩-২৪ বিত্তীয় বৰ্ষত বিজেপিয়ে ব্যক্তি, ট্ৰাষ্ট, আৰু কৰ্পৰেট গোষ্ঠীৰ পৰা প্ৰায় ২,২৪৪ কোটি টকাৰ বৰঙণি লাভ কৰিছে যিটো ২০২২-২৩ চনত লাভ কৰা অনুদানতকৈ তিনিগুণ অধিক। ইয়াৰোপৰি ২০২৩-২৪ বৰ্ষত কংগ্ৰেছে ২৮৮.৯ কোটি টকা লাভ কৰাৰ বিপৰীতে পূৰ্বৰ বছৰত ৭৯.৯ কোটি টকা লাভ কৰিছিল।

নিৰ্বাচন আয়োগৰ ৱেবছাইটত উপলব্ধ তথ্য অনুসৰি ২০২৩-২৪ বৰ্ষৰ দুয়োটা দলৰ অনুদানৰ প্ৰতিবেদন অনুসৰি প্ৰুডেণ্ট ইলেক্টৰেল ট্ৰাষ্টৰ পৰা বিজেপিয়ে ৭২৩.৬ কোটি টকা লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে একেটা ট্ৰাষ্টৰ পৰা ১৫৬.৪ কোটি টকা লাভ কৰে।

Apply Now

মূলতঃ ২০২৩-২৪ চনত বিজেপিৰ অনুদানৰ প্ৰায় এক তৃতীয়াংশ আৰু কংগ্ৰেছৰ আধাতকৈ অধিক অনুদান প্ৰুডেণ্ট ইলেক্টৰেল ট্ৰাষ্টৰ পৰা আহিছিল বুলি সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। ২০২২-২৩ চনত প্ৰুডেণ্টৰ শীৰ্ষ দাতা হিচাপে আছিল মেঘা ইঞ্জি এণ্ড ইনফ্ৰা লিমিটেড, ছিৰাম ইনষ্টিটিউট, আৰ্চেলৰ মিট্টল গ্ৰুপ, আৰু ভাৰতী এয়াৰটেল।

মন কৰিবলগীয়া যে বিজেপি আৰু কংগ্ৰেছে ঘোষণা কৰা মুঠ অনুদানৰ ভিতৰত নিৰ্বাচনী বণ্ডৰ জৰিয়তে দিয়া বৰঙণি বাদ দিয়া হৈছে। নিয়ম অনুসৰি ৰাজনৈতিক দলসমূহে নিৰ্বাচনী বণ্ডৰ ৰচিদ কেৱল বাৰ্ষিক অডিট ৰিপৰ্টতহে ৰিপৰ্ট দিব লাগিব, বৰঙণিৰ ৰিপৰ্টত নহয়।

২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত উচ্চতম ন্যায়ালয়ে নিৰ্বাচনী বণ্ড বাতিল কৰি পোনপটীয়াকৈ বা নিৰ্বাচনী ট্ৰাষ্টৰ জৰিয়তে আগবঢ়োৱা অৱদানক ৰাজনৈতিক দলসমূহৰ বাবে ধনৰ প্ৰধান উৎস হিচাপে ৰাখিছিল।

কিছুমান আঞ্চলিক দলে ২০২৩-২৪ চনৰ অৱদানৰ প্ৰতিবেদনত নিৰ্বাচনী বণ্ডৰ পৰা লাভ কৰা ধন স্বেচ্ছাই প্ৰকাশ কৰে। ইয়াৰ ভিতৰত আছে বণ্ডৰ পৰা ৪৯৫.৫ কোটি টকা লাভ কৰা বি আৰ এছ; ৬০ কোটি টকা লাভ কৰা ডি এম কে; আৰু ৱাই এছ আৰ কংগ্ৰেছে এতিয়া বন্ধ হৈ পৰা আঁচনিৰ জৰিয়তে লাভ কৰিছিল ১২১.৫ কোটি টকা। জেএমএমৰ বণ্ডৰ ৰচিদ ১১.৫ কোটি টকাৰ ৰিপৰ্ট দিয়া হৈছে যদিও ইয়াৰ অন্যান্য বৰঙণিৰ পৰিমাণ আছিল ৬৪ লাখ টকাৰ অলপ বেছি।

বিগত বছৰৰ তুলনাত ২০২৩-২৪ চনত বিজেপিৰ অৱদান ২১২% বৃদ্ধি পাইছে, যিটো সাধাৰণ নিৰ্বাচনৰ পূৰ্বে বেছি দেখিবলৈ পোৱা গৈছে। ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনৰ আগৰ বছৰত ২০১৮-১৯ বৰ্ষত বিজেপিয়ে ৭৪২ কোটি টকাৰ বৰঙণি পোৱাৰ বিপৰীতে কংগ্ৰেছে ১৪৬.৮ কোটি টকাৰ বৰঙণি পাইছিল।

নিৰ্বাচনী ট্ৰাষ্টৰ জৰিয়তে বিজেপিয়ে ৮৫০ কোটি টকা লাভ কৰে, য’ত প্ৰুডেণ্টৰ পৰা ৭২৩ কোটিতকৈ অধিক, ট্ৰাইমফ ইলেক্টৰেল ট্ৰাষ্টৰ পৰা ১২৭ কোটি টকা, আৰু আইনজিগাৰ্টিগ ইলেক্টৰেল ট্ৰাষ্টৰ পৰা ১৭.২ লাখ টকা লাভ কৰে। নিৰ্বাচনী ট্ৰাষ্টৰ পৰা কংগ্ৰেছে ১৫৬ কোটিতকৈ অধিক ধন লাভ কৰিছিল, এই সকলোবোৰ প্ৰুডেণ্টৰ পৰা আহিছিল।

প্ৰুডেণ্টে ২০২৩-২৪ চনত বিআৰএছলৈ ৮৫ কোটি আৰু ৱাইএছআৰ কংগ্ৰেছলৈ ৬২.৫ কোটি টকাও বৰঙণি আগবঢ়াইছিল। বৰ্তমান অন্ধ্ৰপ্ৰদেশৰ শাসকীয় দল টিডিপিয়ে লাভ কৰিছিল প্ৰুডেণ্টৰ পৰা ৩৩ কোটি টকা। ট্ৰাইমফ ইলেক্টৰেল ট্ৰাষ্ট আৰু জয়ভৰথ ট্ৰাষ্টৰ পৰা ডিএমকে-এ লাভ কৰে ৮ কোটি টকা।

আমোদজনক কথাটো হ’ল ভাৰতৰ ‘লটাৰী কিং’ নামেৰেও পৰিচিত চেণ্টিয়াগো মাৰ্টিনৰ মালিকানাধীন কোম্পানী ফিউচাৰ গেমিং এণ্ড হোটেল চাৰ্ভিচেছৰ পৰা বিজেপিয়ে ২০২৩-২৪ চনত ৩ কোটি টকাৰ অনুদান লাভ কৰাৰ কথা ঘোষণা কৰিছিল। নিৰ্বাচনী বণ্ডৰ জৰিয়তে ফিউচাৰ গেমিং আছিল সৰ্বাধিক দাতা, তৃণমূল কংগ্ৰেছ শীৰ্ষ হিতাধিকাৰী আছিল। মাৰ্টিনৰ ধন সৰবৰাহৰ অভিযোগত বলবৎকাৰী সঞ্চালকালয় আৰু আয়কৰ বিভাগৰ তদন্ত চলি আছে।

আন আন ৰাষ্ট্ৰীয় দলসমূহৰ ভিতৰত আপে ২০২৩-২৪ চনত ১১.১ কোটি টকাৰ বৰঙণি পাইছে, যিটো পূৰ্বৰ বছৰৰ ৩৭.১ কোটি টকাৰ তুলনাত হ্ৰাস পাইছে। ২০২২-২৩ চনত চিপিএমৰ অনুদান ৬.১ কোটি টকাৰ পৰা ২০২৩-২৪ চনত ৭.৬ কোটি টকালৈ বৃদ্ধি পাইছে। মেঘালয়ৰ ক্ষমতাত থকা নেশ্যনেল পিপলছ পাৰ্টিয়ে ১৪.৮ লাখ টকাৰ বৰঙণিৰ বাতৰি প্ৰকাশ কৰিছে। বিএছপিয়ে ২০ হাজাৰ টকাতকৈ অধিক অনুদান আগবঢ়োৱাৰ কথা প্ৰকাশ কৰাৰ বিপৰীতে বিজেডিয়েও ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে কোনো অনুদান নোপোৱাৰ কথা ঘোষণা কৰিছে।

২০২৩-২৪ চনত টিডিপিয়ে ১০০ কোটিতকৈ অধিক বৰঙণিৰ ৰিপ’ৰ্ট দিয়াৰ বিপৰীতে বিজেডিয়ে কোনো অনুদান ঘোষণা কৰা নাছিল, আৰু সমাজবাদী পাৰ্টিয়ে ৪৬.৭ লাখ টকাৰ ৰিপ’ৰ্ট দিছিল, যিটো বিগত বছৰত ৩৩ কোটি টকা আছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd