• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিৰ্বাচনী প্ৰচাৰত বিজেপিৰ অভিলেখ সংখ্যক ব্যয়: অডিট ৰিপৰ্টত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 21, 2026 11:15 am
35
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাত নিৰ্বাচন হৈছে এক বৃহৎ প্ৰক্ৰিয়া, য’ত ৰাজনৈতিকদলসমূহৰ নিৰ্বাচনী প্ৰচাৰ আৰু কৌশলগত স্থিতিয়ে বিশেষ তাৎপৰ্য বহন কৰে। কিন্তু প্ৰশ্ন হয় যে এটা ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰত কিমান টকা ব্যয় কৰিব পাৰে?

এই প্ৰশ্নটো পুনৰ চৰ্চালৈ আহিছে শাসকীয় ভাৰতীয় জনতা পাৰ্টিৰ শেহতীয়া বাৰ্ষিক অডিট ৰিপৰ্ট প্ৰকাশ পোৱাৰ পিছত। এই প্ৰতিবেদন অনুসৰি, ২০২৪-২৫ বিত্তীয় বৰ্ষত দলটোৱে নিৰ্বাচনী প্ৰচাৰ আৰু সাধাৰণ প্ৰচাৰ শিতানত মুঠ ৩,৩৩৫.৩৬ কোটি টকা ব্যয় কৰিছে। উল্লেখযোগ্য যে, এই সময়ছোৱাতে দেশত ১৮ সংখ্যক লোকসভা নিৰ্বাচনৰ লগতে আঠখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনো অনুষ্ঠিত হৈছিল, যাৰ ফলত দলটোৰ নিৰ্বাচনী বাজেটত এক অভূতপূৰ্ব বৃদ্ধি দেখা গৈছে।

Apply Now

প্ৰতিবেদন অনুসৰি, এই ব্যয় ২০১৯-২০ বৰ্ষৰ তুলনাত প্ৰায় আঢ়ৈ গুণ অধিক। ২০১৯ চনৰ লোকসভা আৰু সাতখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সময়ত বিজেপিৰ প্ৰচাৰ ব্যয় আছিল ১,৩৫২.৯২ কোটি টকা।

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি ২০২৩-২৪ বিত্তীয় বৰ্ষৰ পৰাই আৰম্ভ হৈছিল। সেইবাবে ২০২৩-২৪ বৰ্ষতো দলটোৱে ১,৭৫৪.০৬ কোটি টকা খৰচ কৰিছিল। অৰ্থাৎ, ২০২৪ চনৰ নিৰ্বাচনৰ পূৰ্বৰ দুবছৰত বিজেপিৰ মুঠ ব্যয়ৰ পৰিমাণ হ’ল ৫,০৮৯.৪২ কোটি টকা। ২০১৯ চনৰ নিৰ্বাচনৰ পূৰ্বৰ দুবছৰৰ মুঠ ব্যয়ৰ (২,১৪৫.৩১ কোটি টকা) তুলনাত এই পৰিমাণ দুগুণতকৈও অধিক।

২০২৫ চনৰ ২৭ ডিচেম্বৰত নিৰ্বাচন আয়োগক দাখিল কৰা প্ৰতিবেদন অনুসৰি, দলটোৰ মুঠ ব্যয় ৩,৭৭৪.৫৮ কোটি টকা, যাৰ ৮৮ শতাংশই নিৰ্বাচনী ব্যয়। বিজ্ঞাপন আৰু প্ৰচাৰৰ নামত ২,২৫৭.০৫ কোটি টকা (মুঠ প্ৰচাৰ ব্যয়ৰ ৬৮ শতাংশ) খৰচ কৰা হৈছে। ইয়াৰে ইলেক্ট্ৰনিক মিডিয়াৰ নামত ১,১২৪.৯৬ কোটি টকা, বিমান আৰু হেলিকপ্টাৰ ভ্ৰমণ ব্যয় ৫৮৩.০৮ কোটি টকা আৰু প্ৰাৰ্থীক বিত্তীয় সাহায্য হিচাপে ৩১২.৯০ কোটি টকা ব্যয় কৰা হৈছে।

আনহাতে, কংগ্ৰেছ দলে দাখিল কৰা প্ৰতিবেদন অনুসৰি, ২০২৪-২৫ বৰ্ষত দলটোৱে নিৰ্বাচনী প্ৰচাৰৰ বাবদ ৮৯৬.২২ কোটি টকা ব্যয় কৰিছে। ইয়াৰ পূৰ্বৰ বৰ্ষত (২০২৩-২৪) এই ব্যয় আছিল ৬১৯.৬৭ কোটি টকা।

মন কৰিবলগীয়া যে, ২০২৪-২৫ বৰ্ষত বিজেপিৰ মুঠ আয় বৃদ্ধি পাই ৬,৭৬৯.১৪ কোটি টকা হৈছে, যিটো পূৰ্বৰ বৰ্ষত আছিল ৪,৩৪০.৪৭ কোটি টকা। আয়ৰ সিংহভাগ দান-বৰঙণিৰ পৰা আহিছে। উল্লেখযোগ্য যে, উচ্চতম ন্যায়ালয়ে ‘ইলেক্টৰেল বণ্ড আঁচনি‘ বাতিল কৰাৰ পাছতো বিজেপিৰ চন্দাৰ পৰিমাণ ৫৪ শতাংশ বৃদ্ধি পাইছে। ইয়াৰ ৬১ শতাংশ ধন ‘ইলেক্টৰেল ট্ৰাষ্ট‘ৰ জৰিয়তে আহিছে। ৩১ মাৰ্চ ২০২৫ পৰ্যন্ত বিজেপিৰ হাতত জমা থকা মুঠ ধনৰ পৰিমাণ হ’ল ১২,১৬৪.১৪ কোটি টকা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

September 5, 2026 8:03 pm
চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

September 5, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd