DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

হিটলাৰ, মুছুলিনিতকৈও ভয়াৱহ বিজেপিৰ শাসন: বিজেপিৰ বিৰুদ্ধে সৰৱ তৃণমূল মূৰব্বী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 23, 2022 9:12 pm
Mamata Banerjee hit out at the BJP
159
VIEWS
Share on FacebookShare on Twitter

শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ বিৰুদ্ধে আকৌ এবাৰ কঠোৰ সমালোচনাত মুখৰ হৈ পৰিছে বংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জী।

কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনক তীব্ৰ আক্ৰমণ কৰি বেনাৰ্জীয়ে আজি বিজেপিৰ শাসনক এডল্ফ হিটলাৰ, জোচেফ ষ্টেলিন বা বেনিটো মুছলিনিতকৈও ভয়াৱহ বুলি অভিহিত কৰে।

তদুপৰি বিজেপি চৰকাৰে স্বতন্ত্ৰ কেন্দ্ৰীয় সংস্থাসমূহ ব্যৱহাৰ কৰি ৰাজ্যৰ বিষয়ত হস্তক্ষেপ কৰাৰ অভিযোগ উত্থাপন কৰে মমতা বেনাৰ্জীয়ে।

সোমবাৰে এক সংবাদমেল সম্বোধন কৰি মমতা বেনাৰ্জীয়ে দেশত গণতন্ত্ৰৰ সুৰক্ষাৰ বাবে কেন্দ্ৰীয় সংস্থাসমূহৰ পূৰ্ণ স্বতন্ত্ৰতাৰ আহ্বান জনায়।

“বিজেপি চৰকাৰে কেন্দ্ৰীয় সংস্থাসমূহ ব্যৱহাৰ কৰি ৰাজ্যৰ বিষয়ত হস্তক্ষেপ কৰি ভাৰতৰ ফেডাৰেল গাঁথনিলৈ ভাবুকি কঢ়িয়াই আনিছে। এই সংস্থাসমূহক স্বতন্ত্ৰতা দিয়া উচিত।”— বেনাৰ্জীয়ে কয়।

তেওঁ লগতে কয়, “গেৰুৱা দলৰ শাসন এডল্ফ হিটলাৰ, জোচেফ ষ্টেলিন বা বেনিটো মুছলিনিতকৈ ভয়ানক।”

শেহতীয়াকৈ পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত আবকাৰী শুল্ক হ্ৰাস কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তকো সমালোচনা কৰে তৃণমূল কংগ্ৰেছৰ মুৰব্বী গৰাকীয়ে।

চৰকাৰৰ এই পদক্ষেপক “নিৰ্বাচনী ষ্টান্ট” বুলি অভিহিত কৰি মমতা বেনাৰ্জীয়ে দাবী কৰে যে দৰিদ্ৰসীমাৰ তলত থকা কেৱল কম সংখ্যক লোকেহে এই সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব।

“বিজেপিয়ে যিকোনো নিৰ্বাচনৰ পূৰ্বে এনে কৰে। বিপিএল শ্ৰেণীৰ কেৱল এটা সৰু অংশ উজ্জ্বলা যোজনাৰ অধীনত আছে। দৰিদ্ৰ লোকসকলে কেনেকৈ ৮০০ টকা ব্যয়েৰে ঘৰুৱা গেছ ক্ৰয় কৰিব?” বুলি প্ৰশ্ন উত্থাপন কৰে বেনাৰ্জীয়ে।

উল্লেখ্য যে সম্প্ৰতি ৰাষ্ট্ৰীয় ৰাজনীতিত শক্তিশালীভাৱে আত্মপ্ৰকাশ কৰিছে মমতা নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে। আগন্তুক লোকসভা নিৰ্বাচনৰ বাবেও প্ৰধানমন্ত্ৰী পদৰ মুখ হিচাপে চৰ্চিত হৈছে বংগ নেত্ৰী গৰাকী।

Recent News

BJP

বিজেপিৰ ৰাজনীতি আৰু অমিত শ্বাহৰ দাম্ভিক ভৱিষ্যতবাণী বনাম দেশৰ গণতান্ত্ৰিক ব্যৱস্থা

Assam Govt

ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত: ৰাজ্যৰ পাঁচ ইছলাম ধৰ্মীয় জনগোষ্ঠীলৈ অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি

Kirtikamal Borah encounter

ভুৱা প্ৰমাণিত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ: আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে CID- এ দাখিল কৰিলে চাৰ্জশ্বীট

Hissing noise from private part

অণ্ডকোষৰ পৰা ওলায় সাপৰ ফুচফুচনিৰ দৰে শব্দ! বিৰল ঘটনাই লগাইছে খলকনি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd