NORTHEAST NOW (Assamese)

‘বিজেপিয়ে বুলডজাৰ দলীয় প্ৰতীক কৰক’, কোনে দিলে পৰামৰ্শ?

April 20, 2022 8:50 pm · এন ই নাও নিউজ,গুৱাহাটী

উত্তৰ প্ৰদেশৰ পিছত দেশৰ ৰাজধানী চহৰ নতুন দিল্লীতো বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত বুলডজাৰেৰে অট্টালিকা ধ্বংস কৰা কাৰ্যই সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

হনুমান জয়ন্তীৰ শোভাযাত্ৰাত একাংশ লোকে কৰা আক্ৰমণৰ পিছতে দিল্লীৰ জাহাংগীৰপুৰত এই উচ্ছেদ অভিযান চলোৱা হয়।

জাননী নিদিয়াকৈ এনেদৰে উচ্ছেদ চলোৱাৰ বিৰোধিতা কৰি সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱে কয় যে
বিজেপিয়ে বুলডজাৰক নিজৰ দলীয় প্ৰতীক কৰা উচিত।

যাদৱে কয় যে বিজেপিয়ে শক্তি প্ৰদৰ্শন কৰিবলৈ বুলডজাৰ ব্যৱহাৰ কৰিছে আৰু দেশৰ সংখ্যালঘু সম্প্ৰদায় ইয়াৰ লক্ষ্য হৈ পৰিছে।

সমাজবাদী পাৰ্টীৰ নেতাজনে কয়, “বিজেপিয়ে বুলডজাৰক ইয়াৰ অবৈধ শক্তিৰ প্ৰতীক কৰি তুলিছে। মুছলমান আৰু অন্যান্য সংখ্যালঘু, পিছপৰা আৰু দলিতসকল ইয়াৰ লক্ষ্যত হৈছে।”

বিজেপিয়ে এনে কাৰ্যৰ জৰিয়তে সংবিধানৰ ওপৰতেই বুলডোজাৰ চলাই আছে বুলি যাদৱে মন্তব্য কৰে।

উল্লেখ্য দিল্লীত ১৬ এপ্ৰিলত হনুমান জয়ন্তী উপলক্ষ্যে উলিওৱা সমদলত সাম্প্ৰদায়িক হিংসা সংঘটিত হোৱাৰ পিছতে জাহাংগীৰপুৰী অঞ্চলত আজি অবৈধ নিৰ্মাণৰ ওপৰত বুলডোজাৰ চলোৱা হয়।

অৱশ্যে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত এই অভিযান বন্ধ কৰা হয়। কাইলৈ উচ্চতম ন্যায়ালয়ে পুনৰ বিষয়টো সন্দৰ্ভত শুনানি গ্ৰহণ কৰিব।

Related News