অলপতে মিত্ৰতা ভংগ কৰা অগপক পুনৰ মিত্ৰতালৈ আহ্বান জনাই আশাৰে ৰৈ থকা বিজেপিক হতাশ কৰি পূৰ্বৰ মিত্ৰদলটোৰ বিধায়ক সত্যব্ৰত কলিতাই কয় যে বিজেপিয়ে সেই আশা কৰি লাভ নাই। তেওঁ লগতে বিজেপিৰ এইবোৰ নাটক আঞ্চলিক দলটোৰ ভাবমূৰ্তি বিনষ্ট কৰাৰ ষড়যন্ত্ৰহে বুলি দাবী কৰে।
“মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিবৰ বাবে, অগপ সন্দৰ্ভত মানুহৰ মাজলৈ ভুল বাৰ্তা প্ৰেৰণ কৰিবৰ বাবে এইবোৰ ইচ্ছাকৃতভাৱে কৰিছে। বিজেপিৰ এই আহ্বানক অগপ দলে গুৰুত্ব নিদিয়ে।” কমলপুৰ সমষ্টিৰ অগপ বিধায়কজনে এটা নিউজ চেনেলৰ আগত কয়।
উল্লেখৰ প্ৰয়োজন যে আঞ্চলিক দলটোৱে নাগৰিকত্ব সংশোধনী বিধেয়কৰ স্পষ্ট বিৰোধিতা কৰি যোৱা ৭ জানুৱাৰিতে বিজেপিৰ সৈতে আঢ়ৈ বছৰীয়া মিত্ৰতা ভংগ কৰিছিল। ইয়াৰ পিছতে অগপৰ তিনিজন মন্ত্ৰীয়ে পদত্যাগ পত্ৰও দিয়ে যদিও মুখ্য মন্ত্ৰী সোণোৱালে এতিয়াও ৰাজভৱনলৈ সেই পদত্যাগ পত্ৰকেইখন প্ৰেৰণ কৰা নাই। ইয়াৰ অন্তৰালত আঞ্চলিক দলটোক পুনৰ মিত্ৰতাৰ বাবে বুজনি দিয়াৰ উদ্দেশ্য লুকাই থাকিব পাৰে বুলি জনৰৱ উঠাৰ সময়তে দলটোৰ বিধায়ক সত্যব্ৰত কলিতাৰ ২২ জানুৱাৰিৰ মন্তব্যই যথেষ্ট তাৎপৰ্য্য বহন কৰিছে।
তেওঁ “মিত্ৰতা সম্পূৰ্ণৰূপে ভংগ হৈছে” বুলি স্পষ্ট কৰি দি পদত্যাগ পত্ৰ ৰাজ্যপাললৈ প্ৰেৰণ নকৰিলেও বিজেপিৰ কাষলৈ দলটো ঘূৰি যোৱাৰ আশা ত্যাগ কৰিবলৈ আহ্বান জনায়।
কলিতাই কয়, “আমাৰ তিনিজন মন্ত্ৰী কেবিনেটত নাই। সেইটোৱে সত্য। আৰু সেই সত্যতাটো মানি লৈ বিজেপিয়ে কাম কৰিলে ভাল হয়।”
“আমি তেওঁলোকৰ লগত নাই। ২৮ তাৰিখৰ পৰা এই কথাটো স্পষ্ট হ’ব, যিহেতু আমি বিৰোধীৰ আসনত বহিম।” কলিতাৰ স্পষ্ট আৰু খাৰাংখাচ কথা।
উল্লেখযোগ্য যে যোৱা ২১ জানুৱাৰিত দলটোৱে বিধানসভাৰ অধ্যক্ষলৈও এখন পত্ৰ প্ৰেৰণ কৰিছিল, য’ত দলটোক আগন্তুক বাজেট অধিৱেশনত বিৰোধীৰ আসন দিবলৈ অনুৰোধ কৰিছিল।