NORTHEAST NOW (Assamese)

‘মই এজন কাশ্মিৰী পণ্ডিত’-ৰাহুল গান্ধীৰ এই দাবীৰ পাছতে কটাক্ষ অসন্তুষ্ট বিজেপিৰ

September 11, 2021 7:32 am · এন ই নাও নিউজ

কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীয়ে তেওঁৰ দুদিনীয়া জম্মু-কাশ্মীৰ ভ্ৰমণৰ সময়ত কৰা এক মন্তব্যক লৈ অসন্তুষ্ট বিজেপিয়ে কটাক্ষ কৰে।

শুকুৰবাৰে ৰাহুল গান্ধীয়ে কংগ্ৰেছ কৰ্মীসকলৰ এখন সভাত নিজকে কাশ্মিৰী পণ্ডিত বুলি দাবী কৰে।

তেওঁ কয়,’’মই এজন কাশ্মিৰী পণ্ডিত। আমাৰ পৰিয়ালো কাশ্মিৰী পণ্ডিত।‘’

ৰাহুল গান্ধীয়ে কয় যে কাশ্মিৰী পণ্ডিতসকলৰ প্ৰতিনিধি দলে মোক সাক্ষাৎ কৰিছে। তেওঁলোকে কৈছে কংগ্ৰেছে তেওঁলোকৰ বাবে বহু কল্যাণমূলক কাম কৰিছে যদিও বিজেপিয়ে একোৱে কৰা নাই। মই আমাৰ কাশ্মিৰী পণ্ডিত ভাইসকলৰ বাবে কিছু কৰাৰ প্ৰতিশ্ৰুতি দিছো।

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে ভ্ৰমণৰ প্ৰথম দিনা কংগ্ৰেছৰ যুৱৰাজগৰাকীয়ে জম্মুৰ কাটৰাৰ পৰা খোজ কাঢ়ি বৈষ্ণো দেৱী মন্দিৰলৈ যায়। তাত সাংবাদিকৰ আগত গান্ধীয়ে কয়,’’মই ইয়ালৈ মাতাক সেৱা কৰিবলৈ আহিছো। ইয়াত কোনো ৰাজনৈতিক মন্তব্য কৰিব নিবিচাৰো।‘’

আনহাতে, ৰাহুল গান্ধীৰ মন্দিৰ দৰ্শন তথা তেওঁৰ এই পদক্ষেপক সুবিধাবাদী বুলি অভিহিত কৰিছে ক্ষমতাসীন বিজেপিয়ে।

বিজেপিয়ে এক বিবৃতিত কয় যে ৰাহুল গান্ধীয়ে পাহৰি গৈছে যে কাশ্মিৰী পণ্ডিতসকলৰ দুৰ্দশা কংগ্ৰেছ আৰু তেওঁলোকৰ সমভাৱাপন্ন দলবোৰৰ ‘তুষ্টিকৰণৰ ৰাজনীতিৰ’ বাবে ঘটিছে।

Related News