Poll Expenditure পাঁচখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনত ২৫২কোটি টকা খৰচ কৰিছে বিজেপিয়ে; অসমত কিমান?

a-amit-640x375

Poll Expenditure বৰ্তমান দেশৰ আটাইতকৈ ধনী ৰাজনৈতিক দল হৈছে ভাৰতীয় জনতা পাৰ্টি (বিজেপি)। কেন্দ্ৰত শাসনাধীষ্ঠ এই দলটোৱে যোৱা পাঁচখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনত ব্যয় কৰা বিশাল ধনৰাশিৰ হিচাপ পোহৰলৈ আহিছে।

অসম, পশ্চিমবংগ, কেৰালা, তামিলনাডু আৰু পদুচেৰী এই পাঁচখন ৰাজ্যৰ নিৰ্বাচনৰ বাবে বিজেপিয়ে মুঠ ২৫২কোটি টকা খৰচ কৰিছে।

প্ৰকাশিত তথ্য অনুসৰি বিজেপিয়ে পশ্চমিবংগত মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছক শাসনৰ পৰা বিতাৰিত কৰাৰ প্ৰচেষ্টাৰে নিৰ্বাচনত এই পাঁচখন ৰাজ্যৰ মুঠ ব্যয়ৰ ৬০শতাংশ ধনেই খৰচ কৰিছিল পশ্চিমবংগত।

নিয়ম অনুসৰি নিৰ্বাচন আয়োগক দাখিল কৰা তথ্যত বিজেপিয়ে জানিবলৈ দিয়া মতে দলটোৱে পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত মুঠ ২৫২কোটি ২লাখ ৭১হাজাৰ ৭৫৩টকা খৰচ কৰিছে।

Also Read: Assam water project named after Pakistan পাকিস্তানৰ নামেৰে অসমত পানী যোগান আঁচনি! বিতৰ্কত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰকল্প

একেসময়তে নিৰ্বাচন অনুষ্ঠিত হোৱা পাঁচখন ৰাজ্যৰ ভিতৰত বিজেপিয়ে অকল পশ্চিমবংগতেই প্ৰায় ১৫১কোটি টকা খৰচ কৰাৰ বিপৰীতে বাকী চাৰিখন ৰাজ্যত খৰচ কৰিছিল প্ৰায় ১০১কোটি টকা।

নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ দিনৰে পৰা পশ্চিমবংগত বিজেপিৰ শীৰ্ষ নেতাসকল প্ৰায় উবুৰি খাই পৰিছিল। ৰাজ্যখনলৈ বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰীৰ সোঁত বোৱাই নহয়, প্ৰধানমন্ত্ৰীয়েও আনকি কেইবাবাৰো ৰাজ্যখনলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিছিল।

ইমান ব্যয় কৰাৰ পাছত বিজেপিয়ে শাসন ক্ষমতা নাপালে যদিও বিৰোধী দলৰ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হয়।

Also Read: Kangana Ranaut কথাতে কটা যায় কথাতে বঁটা পায়! পুনৰ কি কথাৰে বিতৰ্কত সোমাই পৰিল অভিনেত্ৰী কংগনা ৰাণাৱট?

আনহাতে, অসমত ক্ষমতা ধৰি ৰখাৰ স্বাৰ্থত বিজেপিয়ে নিৰ্বাচনটোত খৰচ কৰিছিল ৪৩কোটি ৪১লাখ টকা। ইমান টকা খৰচ কৰি হ’লেও বিজেপিয়ে অৱশ্যে অসমত শাসন-ক্ষমতা ধৰি ৰখাত সফল হয়।

কেৰালাতো বাওঁপন্থী চৰকাৰক ক্ষমতাৰ পৰা অঁতৰাবলৈ চেষ্টা চলাই বিজেপিয়ে খৰচ কৰিছিল ২৯কোটি ২৪লাখ টকা। কিন্তু ইয়াত বিজেপি সম্পূৰ্ণৰূপে ব্যৰ্থ হয়।

Also Read: Covid Vaccination Drive ঘৰে ঘৰে চলাব সমীক্ষা; ধুবুৰীত প্ৰতিজন লোকক ভেকচিন প্ৰদানৰ তৎপৰতা জিলা প্ৰশাসনৰ

যোৱা নিৰ্বাচনটোত তামিলনাডুত এআইএডিএমকেৰ পৰা পৰা ক্ষমতা আজুৰি নিয়ে ডিএমকেই। তামিলনাডুত মাত্ৰ ২.৯শতাংশ ভোট লাভ কৰা বিজেপিয়ে খৰচ কৰিছে ২২কোটি ৯৭লাখ টকা।

ইপিনে, ক্ষমতা দখল কৰিবলৈ সক্ষম হোৱা পদুচেৰীত বিজেপিয়ে খৰচ কৰিছে ৪কোটি ৭৯লাখ টকা।