হজৰত মহম্মদকলৈ বিতৰ্কিত মন্তব্য কৰি দলৰ পৰা নিলম্বিত বিজেপিৰ মুখপাত্ৰ নূপুৰ শৰ্মা,নবীন জিন্দাল

হজৰত মহম্মদকলৈ বিতৰ্কিত মন্তব্য কৰি দলৰ পৰা নিলম্বিত হ’ল বিজেপিৰ মুখপাত্ৰ নূপুৰ শৰ্মা।নূপুৰ শৰ্মাই এটা টলেভিছিন টকশ্বত হজৰত মহম্মদৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ পিছতে কানপুৰত হিংসাত্মক ঘটনা সংঘটিত হৈছিল। এই হিংসাত্মক ঘটনাত ৪০ জনৰো অধিক লোক গুৰুতৰ ভাবে আহত হৈছিল।

 হজৰত মহম্মদৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰাৰ পিছত বিজেপিয়ে আজি তাৎক্ষণিক ভাৱে  দলটোৰ মুখপাত্ৰ নূপুৰ শৰ্মা আৰু নবীন জিন্দালক দলৰ প্ৰাথমিক সদস্যপদৰ পৰা নিলম্বন কৰে।

নেতাদুগৰাকীক নিলম্বন কৰি বিজেপিৰ তৰফৰ পৰা কোৱা হয় যে বিজেপিয়ে যিকোনো ধৰ্মকে অপমানক কৰা কাৰ্যক নিন্দা কৰে ।

বিজেপিৰ অনুশাসন সমিতিৰ সম্পাদক ওম পাঠকে কয় যে নূপুৰ দলৰ স্থিতিৰ বিপৰীতে মতামত প্ৰকাশ কৰিছে। এনে কাৰ্যৰ জৰিয়তে তেওঁ দলৰ সংবিধানৰ উলংঘন কৰিছে। দিল্লী বিজেপিৰ মুৰব্বী আদেশ গুপ্তাই কয় যে দিল্লী বিজেপিৰ মিডিয়াৰ দায়িত্বত থকা জিন্দাললৈ সামাজিক মাধ্যমত প্ৰকাশ কৰা মতামতে সাম্প্ৰদায়িক সম্প্ৰীতি কলুষিত কৰিছে।
সেয়ে তেওঁৰ প্ৰাথমিক সদস্যপদ বাতিল কৰা হৈছে।

উল্লেখ্য হজৰত মহম্মদৰ বিৰুদ্ধে মন্তব্য কৰাৰ বাবে মহাৰাষ্ট্ৰত বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ নূপুৰ শৰ্মাৰ বিৰুদ্ধে কেইবাখনো এজাহাৰ দাখিল কৰা হৈছে। ৩ জুনত তেওঁ কানপুৰত এক টিভি শ্বত হজৰত মহম্মদৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰিছিল।

আৰক্ষীয়ে শুকুৰবাৰে হিংসাত্মক ঘটনাত জড়িত মুঠ ২৯ জন লোকক গ্ৰেপ্তাৰ কৰিছে৷ এক প্ৰেছ বিবৃতিত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিঙে কয়, “হাজাৰ হাজাৰ বছৰৰ ইতিহাসেৰে ভাৰতত প্ৰতিটো ধৰ্মই আৰু বিকশিত হৈছে। ভাৰতীয় জনতা পাৰ্টীয়ে সকলো ধৰ্মক সন্মান কৰে। বিজেপিয়ে যিকোনো ধৰ্মৰ যিকোনো ধৰ্মীয় ব্যক্তিত্বৰ অপমানক তীব্ৰ নিন্দা কৰে।

সিঙে উল্লেখ কৰে যে ভাৰতৰ সংবিধানে প্ৰতিজন নাগৰিকক তেওঁৰ পচন্দৰ যিকোনো ধৰ্ম পালন কৰাৰ আৰু প্ৰতিটো ধৰ্মক সন্মান আৰু সন্মান কৰাৰ অধিকাৰ প্ৰদান কৰিছে।