• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উৰণীয়া ষ্টাৰ কেম্পেইনাৰ হ’ব হিমন্ত! হেলিকপ্তাৰেৰে তিনিদিন একেৰাহে চলাব নিৰ্বাচনী প্ৰচাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 29, 2019 3:07 pm
c57cb159-a3ee-4ba3-8b71-7ad9a0d4eee4

অসমৰ বিজেপি মিত্ৰজোঁটৰ অন্যতম ষ্টাৰ কেম্পেইনাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব লাভৰ প্ৰবল হাবিয়াস থকাৰ পাছতো দলীয় টিকটৰ পৰা বঞ্চিত মন্ত্ৰী তথা নেডাৰ আহ্বায়ক হিমন্তৰ ওপৰতে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই ন্যস্ত কৰিছে উত্তৰ-পূবত বিজেপিক জয়ী কৰোৱাৰ দায়িত্ব।

পূৰ্বেও একেদিনাই একেৰাহে তিনি চাৰিখন নিৰ্বাচনী সভাত প্ৰচাৰ চলাই অভিলেখ সৃষ্টিকাৰী হিমন্তৰ ওপৰত এইবাৰো গধুৰ দায়িত্ব দিছে ৰাষ্ট্ৰীয় নেতৃত্বই। উত্তৰ-পূবৰ ২৫ খন আসনৰ ২০ খনতেই বিজেপিক জয়ী কৰোৱাৰ বোজা জাপি দিয়া হৈছে হিমন্তৰ কান্ধত। সেই উদ্দেশ্যে অহা ৩১ মাৰ্চৰ পৰা প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া লোকসভা সমষ্টিত তিনিদিন একেৰাহে প্ৰচাৰ চলাব হিমন্তই।

Apply Now

হেলিকপ্তাৰত একেৰাহে নিৰ্বাচনী প্ৰচাৰ চলাই উৰণীয়া মন্ত্ৰীৰ খিতাপ ল’ব মন্ত্ৰী হিমন্তই। পূৰ্বৰ দৰে ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ প্ৰতিদিনেই চাৰিখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণেৰে তিনিদিনত সৰ্বমুঠ ১২ খন ঠাইত প্ৰচাৰ চলাই  অভিলেখ সৃষ্টিৰ দিশে আগবাঢ়িব ধৰিছে মন্ত্ৰীগৰাকী।

উল্লেখযোগ্য যে, লোকসভা নিৰ্বাচনী প্ৰচাৰৰ বাবে শাসকীয় দল বিজেপিয়ে ব্যৱহাৰ কৰিছে চাৰিখনকৈ হেলিকপ্তাৰ। উক্ত হেলিকপ্তাৰকেইখন ৰখা হৈছে খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত।

অহা ৩১ মাৰ্চৰ দিনা পুৱা ৯ :৩০ বজাত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পৰা হেলিকপ্তাৰৰে বটদ্ৰৱালৈ যাত্ৰা আৰম্ভ কৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ১০:১৫ বজাত উপস্থিত হ’ব বটদ্ৰৱাত। তাৰ পাছতে মন্ত্ৰীগৰাকীয়ে বটদ্ৰৱা থানত সেৱা জনাই ১১ বজাত ভাগ ল’ব এক নিৰ্বাচনী সভাত।

উক্ত দিনটোতে বটদ্ৰৱাৰ পৰা ১২ বজাত হেলিকপ্তাৰৰে চামগুৰিলৈ ৰাওনা হ’ব মন্ত্ৰীগৰাকী। চামগুৰিটো এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব হিমন্তই। তাৰ পাছত মন্ত্ৰীগৰাকীয়ে হেলিকপ্তাৰৰে ১:৫০ মিনিটত দেৰগাঁৱত উপস্থিত হ’ব। তাত অগপ-বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব মন্ত্ৰীগৰাকীয়ে।

দেৰগাঁৱত নিৰ্বাচনী প্ৰচাৰ চলাই উক্ত দিনটোৰ বাবে প্ৰচাৰ সামৰিব মন্ত্ৰীগৰাকীয়ে। দেৰগাঁৱৰ পৰা বিয়লি ৩:৪৫ মিনিটত আহি খানাপাৰাত হেলিকপ্তাৰ অৱতৰণ কৰিব মন্ত্ৰী হিমন্তৰ। উক্ত দিনটোত মুঠ ৬ ঘন্টা ৪৫ মিনিট সময় হেলিকপ্তাৰেৰে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থাকিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

ইপিনে, তাৰ পাছদিনা অৰ্থ্যাৎ ১ এপ্ৰিলৰ দিনা মন্ত্ৰীগৰাকীয়ে ৯:২০ত খানাপাৰৰ পৰা পোনে পোনে হেলিকপ্তাৰৰে ৰাওনা হ’ব টিংখংলৈ। টিংখংত বিজেপিৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলীৰ হৈ প্ৰচাৰ চলাব মন্ত্ৰীজনে। তাৰ পাছতেই হিমন্তই লাহোৱালতো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি তাৰ পৰা বিয়লি ২ বজাত আহি মাৰ্ঘেৰিটাত উপস্থিত হ’ব। মাৰ্ঘেৰিটাৰ পৰা সৰুপথাৰত মণি মাধৱ মহন্তৰ হৈ নিৰ্বাচনী সভাত প্ৰচাৰ চলাই সন্ধ্যা ৫:০০ বজাত আহি খানাপাৰাত হিমন্তৰ হেলিকপ্তাৰ অৱতৰণ কৰিব।

উক্ত দিনটোত মুঠ ৭ ঘন্টা ৪০ মিনিটত হেলিকপ্তৰৰে প্ৰচাৰ চলোৱাত ব্যস্ত থাকিব মন্ত্ৰীগৰাকী।

তদুপৰি ২ এপ্ৰিলৰ দিনা ৯:২০ বজাত খানাপাৰাৰ পৰা নাজিৰাত প্ৰচাৰ চলাবলৈ যাব হিমন্ত বিশ্ব শৰ্মা। নাজিৰাত নিৰ্বাচনী প্ৰচাৰ শেষ কৰি মন্ত্ৰীগৰাকী দুপৰীয়া ১২:৩০ বজাত আহি মৰিয়নী সমষ্টিত উপস্থিত হৈ তপন গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব বুলি জানিব পৰা গৈছে। তাৰ পাছতেই হিমন্ত পোনে পোনে ৰাওনা হ’ব তিতাবৰলৈ। তাতো তেওঁ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ৩:৩০ বজাত বোকাখাতত উপস্থিত হ’ব মন্ত্ৰীগৰাকী। বোকাখাতত মণিমাধৱ মহন্তৰ হৈ প্ৰচাৰ চলাই খানাপাৰাত আহি উপস্থিত হ’ব মন্ত্ৰীগৰাকী।

উক্ত দিনটোত মুঠ ৭ ঘন্টা ৫৫ মিনিট হেলিকপ্তাৰযোগে নিৰ্বাচনী প্ৰচাৰ চলাব হিমন্তই।

মন কৰিবলগীয়া যে, তিনিদিনত মুঠ ২২ ঘন্টা ২০ মিনিট হেলিকপ্তাৰ ব্যৱহাৰ কৰি নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

যদি প্ৰতি ঘন্টাৰ হেলিকপ্তাৰৰ খৰচ ১ লাখ ২০ হাজাৰ টকা ধৰা হয় তেন্তে কেৱল হিমন্ত বিশ্বই প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ বাবদ এখন হেলিকপ্তাৰত ব্যয় কৰিব ২৭ লাখ ৬০ হাজাৰ টকা।

প্ৰশ্ন হয়, কেৱল এজন কেম্পেইনাৰৰ বাবদ যদি মাত্ৰ তিনি দিনৰ প্ৰচাৰত প্ৰায় ২৮ লাখ টকা খৰচ কৰে, তেন্তে সঁচাকৈয়ে নিৰ্বাচনী আয়োগে বান্ধি দিয়া নিৰ্বাচনী ব্যয়ৰ সীমা অতিক্ৰম কৰিব নেকি শাসকীয় দল বিজেপিয়ে? নে নিজৰ প্ৰাৰ্থীক জয়ী কৰোৱাৰ স্বাৰ্থত বিজেপিয়ে ভংগ কৰিব নিৰ্বাচনী আচৰণ বিধিও?

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

July 29, 2026 8:22 am
সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

July 29, 2026 7:42 am

হাজাৰটা নিয়ম মানিও ডায়েবেটিছ নিয়ন্ত্ৰণলৈ অহা নাই নেকি? ভাত বা ৰুটি খোৱাৰ আগতে খাওক এইবিধ খাদ্য

July 29, 2026 6:45 am
চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

July 29, 2026 8:22 am
সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

July 29, 2026 7:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd