৩৩ লক্ষৰ লক্ষ্যৰে আৰম্ভ বিজেপিৰ সদস্য ভৰ্তি অভিযান

অসমত ৩৩ লাখ নতুন সদস্য ভৰ্তিৰ লক্ষ্যৰে বিজেপিয়ে শনিবাৰৰ পৰা অভিযান আৰম্ভ কৰিছে।

বাৰাণসীত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শাসকীয় দলটোৰ এই ৰাষ্ট্ৰীয় অভিযান আৰম্ভ কৰাৰ সমান্তৰালকৈ গুৱাহাটীত অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পখৰিয়ালে ইয়াৰ শুভাৰম্ভ কৰে।

গেৰুৱা দলটোৰ বিষয়ববীয়াই জনোৱা মতে এই নতুন সদস্যভুক্তি অভিযানত তেওঁলোকে মুছলিম সংখ্যাগৰিষ্ঠ অঞ্চলৰ লগতে জনজাতীয় এলেকাত অধিক মনোযোগ দিব।

“আমি চবকা চাথ, চবকা বিকাশ, চবকা বিশ্বাসৰ বাবে কাম কৰি আছো,” জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে দলে ইতিমধ্যে বিপুল সমৰ্থন পোৱাৰ কথা উল্লেখ কৰি এজন জ্যেষ্ঠ নেতাই কয়।

লোকসভাৰ শেহতীয়া নিৰ্বাচনেই দলৰ জনপ্ৰিয়তাৰ প্ৰমাণ বুলি উল্লেখ কৰি তেওঁ কয় যে তথাপি কিছুমান অঞ্চলত অধিক মনোনিৱেশৰ প্ৰয়োজন আছে।

পূৰ্বে চিৰদিনে কংগ্ৰেছৰ অধিপত্য থকা অসমৰ চাহ বাগিচা অঞ্চলসমূহৰ লগতে জনজাতীয় অঞ্চলৰ নিয়ন্ত্ৰণ গেৰুৱা দলে বৰ্তমান নিজৰ নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছে।

কিন্তু তেওঁ জনাই যে শাসকীয় দলটোৱে এতিয়া বি টি এ দি অঞ্চলত সংগঠন শক্তিশালী কৰাত জোৰ দিব।

“কাৰ্বি আংলং আৰু ডিমা হাচাওত আমি সংগঠন শক্তিশালী কৰিছো আৰু দুয়োখন পাহাৰীয়া জিলা অন্তৰ্ভুক্ত হৈ থকা লোকসভা সমষ্টিটো আমাৰ দখললৈ আনিছো। আমি এতিয়া বড়োলেণ্ডত আমাৰ ভেটি মজবুত কৰা প্ৰয়োজন,” জ্যেষ্ঠ নেতাজনে কয়।

অসম বিধান সভাত বিজেপিৰ ৬১গৰাকী বিধায়ক থকাৰ বিপৰীতে ইয়াৰ মিত্ৰ দল অগপ আৰু বি পি এফৰ দখলত ক্ৰমে ১৪ আৰু ১২খন আসন আছে।

দেশৰ ২০১৯ৰ সাধাৰণ নিৰ্বাচনত বিজেপিয়ে অসমৰ ১৪টা লোকসভা সমষ্টিৰ ৯টাই দখল কৰিবলৈ সক্ষম হৈছিল। বিপৰীতে কংগ্ৰেছে তিনিটা আৰু এ আই ইউ দি এফ আৰু নিৰ্দলীয়ই এখনকৈ আসন পাইছিল।