NORTHEAST NOW (Assamese)

অন্নদাতা কৃষকসকল সদায় আমাৰ সন্মানৰ আৰু আদৰৰ: ৰণজিৎ কুমাৰ দাস

December 18, 2020 6:48 am · এন ই নাও নিউজ
সভাত বিজেপিৰ ৰাজ্যিক সভাপতি ৰনজিৎ কুমাৰ দাস। ফটো সৌজন্য: টুইটাৰ

বৃহস্পতিবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত, ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ দ্বাৰা “কৃষক সন্মিলনী” অনুষ্ঠিত কৰা হয়। বিজেপিৰ ৰাজ্যিক সভাপতি  ৰণজিৎ কুমাৰ দাসে উক্ত সন্মিলনত কৃষক সকলৰ সৈতে মত বিনিময় কৰে।

সভাত ভাষণ প্ৰসংগত ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে কয় যে, দেশৰ অন্নদাতা কৃষক সকলৰ বাবে সদায় ভাৰতীয় জনতা পাৰ্টিৰ দল আৰু চৰকাৰে দায়বদ্ধতাৰে তথা নিষ্ঠাৰে কাম কৰিবলৈ যত্ন কৰিছে।

তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয়  আৰু মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰ দুখনে বহু শক্তিশালী সিদ্ধান্তৰে বহু বাধাৰ প্ৰাচীৰ ভাঙি কৃষকসকলৰ সু-নিশ্চিত সুৰক্ষাৰ বাবে কেইবাটাও দৃষ্টান্তমুলক পদক্ষেপ হাতত লৈছে।

সভাত অংশগ্ৰহণ কৰি বিজেপি, অসম প্ৰদেশৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডাই কয় যে, ভাৰতীয় জনতা পাৰ্টি দল তথা চৰকাৰে অতি যত্ন আৰু দায়বদ্ধতাৰে আমাৰ অন্নদাতা কৃষক সকলৰ বাবে কাম কৰি আছে আৰু আগলৈও কৰি যাব।

তেওঁৱো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে বহু অভূতপূৰ্ব শক্তিশালী সিদ্ধান্ত লৈ কৃষকৰ সুৰক্ষা তথা ভৱিষ্যত হিতৰ বাবে বিভিন্ন পদক্ষেপ লোৱাৰ কথা দোহাৰে।

এই সন্মিলনত সহ প্ৰভাৰী শ্ৰীযুত পৱন শৰ্মা, ৰাজ্যিক সাধাৰণ সম্পাদকদ্বয় তপন গগৈ আৰু পল্লব লোচন দাস, ৰাজ্যিক কৃষক মৰ্চ্চাৰ সভাপতি  প্ৰফুল্ল বৰা, ৰাজ্যিক বিষয়ববীয়া সকল,কার্যকতা সকল আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কৃষকসকল উপস্থিত থাকে।

Related News