• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

খং কমিল শিলাদিত্যৰ! : সভাপতি আৰু মোনা লোৱা নেতাৰে বাজপেয়ী ভৱনত বৈঠক

জংক-পংক এৰি বাজপেয়ী ভৱনত অংক মিলালে বিজেপি বিধায়ক শিলাদিত্যই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 25, 2020 2:50 pm
index
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খং কমিছে হোজাই সমষ্টিৰ বিদ্ৰোহী বিধায়ক শিলাদিত্য দেৱৰ।

আজিৰ পৰা দুসপ্তাহ পূৰ্বে সংবাদমেল পাতি দলীয় সতীৰ্থ নেতাৰ বিৰুদ্ধে ক্ষোভ উজৰা শিলাদিত্যই দলৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল।

Apply Now

আনকি শিলাদিত্যৰ মুখত নাম উচ্চাৰিত নহ’লেও কান্ধত মোনা লোৱা নেতা বুলি শব্দটো বাৰেপতি উচ্চাৰিত হৈছিল। সকলোৱে বিজেপিৰ সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাক সেই মোনা লোৱা নেতাজন বুলি ধৰি লৈছিল।

কিন্তু ১৪ জুলাই পাৰ হোৱাৰ পাছত যেন এতিয়া ক্ৰমান্বয়ে খং কমি আহিছে বিদ্ৰোহী বিধায়ক শিলাদিত্যৰ।

আজি হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত সভাপতি ৰঞ্জিত দাস, সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা আৰু শিলাদিত্যৰ মাজত অনুষ্ঠিত হয় এক বৈঠক।

উক্ত বৈঠকৰ অন্তত শিলাদিত্যদেবৰ সংবাদ মাধ্যমৰ আগত ভাষ্য “যিখিনি আলোচনা কৰিলো, এতিয়া মোৰ খং নাই। দলৰ আৰু কৰ্মীৰ স্বাৰ্থত আজিৰ আলোচনা হৈছে।”

ইপিনে আলোচনাৰ সময়ত শিলাদিত্যই ৰখা ভাষ্য ভালৰ বাবে কৰা বুলি দাবী কৰি তেওঁ কয় “মই যিখিনি কথা ৰাখিছো বিজেপিৰ ভালৰ কাৰণে হ’ব। মোৰ খং আছিল। আৱেগিকভাৱে কিছু কথা পূৰ্বতে কৈছিলো। সেই কথাখিনিয়ে আজি সভাপতিৰ আগত ৰাখিলো। মই কথা খুলি ক’বলৈ সংকোচ নকৰো। পেটত যি আছে মুখতো সেই একেই।”

ইয়াৰোপৰি, দলৰ সভাপতি হিচাপে ৰঞ্জিত দাসৰ মানি চলিব বুলি সদৰী কৰি শিলাদিত্যই কয় “তেওঁৰ লগত বহু আগৰ পৰা কাম কৰি আহিছো। গতিকে তেওঁৰ যিকোনো কথাই সন্মান জনাওঁ।”

ইপিনে, দুসপ্তাহ পূৰ্বে খং আৰু ক্ৰোধত দলৰ পৰা অৱসৰৰ কথা ঘোষণা কৰা শিলাদিত্যৰ খং কমাৰ পাছত মন্তব্য “ত্যাগ বেলেগ বস্তু। দল ত্যাগৰ কথা কোৱা নাছিলো। দলৰ কাৰণে ত্যাগ কৰি যাম বুলি কৈছিলো।”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

June 18, 2026 8:33 pm
২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

June 18, 2026 8:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd