• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, April 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

খং কমিল শিলাদিত্যৰ! : সভাপতি আৰু মোনা লোৱা নেতাৰে বাজপেয়ী ভৱনত বৈঠক

জংক-পংক এৰি বাজপেয়ী ভৱনত অংক মিলালে বিজেপি বিধায়ক শিলাদিত্যই

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , July 25, 2020 3:34 pm

2 min read

index
2.1k
VIEWS
Share on FacebookShare on Twitter

খং কমিছে হোজাই সমষ্টিৰ বিদ্ৰোহী বিধায়ক শিলাদিত্য দেৱৰ।

আজিৰ পৰা দুসপ্তাহ পূৰ্বে সংবাদমেল পাতি দলীয় সতীৰ্থ নেতাৰ বিৰুদ্ধে ক্ষোভ উজৰা শিলাদিত্যই দলৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল।

আনকি শিলাদিত্যৰ মুখত নাম উচ্চাৰিত নহ’লেও কান্ধত মোনা লোৱা নেতা বুলি শব্দটো বাৰেপতি উচ্চাৰিত হৈছিল। সকলোৱে বিজেপিৰ সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাক সেই মোনা লোৱা নেতাজন বুলি ধৰি লৈছিল।

কিন্তু ১৪ জুলাই পাৰ হোৱাৰ পাছত যেন এতিয়া ক্ৰমান্বয়ে খং কমি আহিছে বিদ্ৰোহী বিধায়ক শিলাদিত্যৰ।

আজি হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত সভাপতি ৰঞ্জিত দাস, সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা আৰু শিলাদিত্যৰ মাজত অনুষ্ঠিত হয় এক বৈঠক।

উক্ত বৈঠকৰ অন্তত শিলাদিত্যদেবৰ সংবাদ মাধ্যমৰ আগত ভাষ্য “যিখিনি আলোচনা কৰিলো, এতিয়া মোৰ খং নাই। দলৰ আৰু কৰ্মীৰ স্বাৰ্থত আজিৰ আলোচনা হৈছে।”

ইপিনে আলোচনাৰ সময়ত শিলাদিত্যই ৰখা ভাষ্য ভালৰ বাবে কৰা বুলি দাবী কৰি তেওঁ কয় “মই যিখিনি কথা ৰাখিছো বিজেপিৰ ভালৰ কাৰণে হ’ব। মোৰ খং আছিল। আৱেগিকভাৱে কিছু কথা পূৰ্বতে কৈছিলো। সেই কথাখিনিয়ে আজি সভাপতিৰ আগত ৰাখিলো। মই কথা খুলি ক’বলৈ সংকোচ নকৰো। পেটত যি আছে মুখতো সেই একেই।”

ইয়াৰোপৰি, দলৰ সভাপতি হিচাপে ৰঞ্জিত দাসৰ মানি চলিব বুলি সদৰী কৰি শিলাদিত্যই কয় “তেওঁৰ লগত বহু আগৰ পৰা কাম কৰি আহিছো। গতিকে তেওঁৰ যিকোনো কথাই সন্মান জনাওঁ।”

ইপিনে, দুসপ্তাহ পূৰ্বে খং আৰু ক্ৰোধত দলৰ পৰা অৱসৰৰ কথা ঘোষণা কৰা শিলাদিত্যৰ খং কমাৰ পাছত মন্তব্য “ত্যাগ বেলেগ বস্তু। দল ত্যাগৰ কথা কোৱা নাছিলো। দলৰ কাৰণে ত্যাগ কৰি যাম বুলি কৈছিলো।”

Recent News

index.jpg

অনন্য দৃষ্টান্ত ৰাহুল গান্ধীৰ : কোভিড পৰিস্থিতিৰ বাবে পশ্চিমবংগৰ সকলো নিৰ্বাচনী ৰেলী বাতিল

index.jpgz

দেশজুৰি পুনৰ কোভিড আতংক : এপ্ৰিলত অনুষ্ঠিতব্য JEEৰ মূল পৰীক্ষা স্থগিত

index

কোভিড আতংক! : ডিব্ৰুগড় বিশ্বিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষা স্থগিত

index.jpg2

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ ২০২১-২৩ বৰ্ষৰ নতুন সমিতিৰ আনুষ্ঠানিকভাৱে দ্বায়িত্ব গ্ৰহণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd