NORTHEAST NOW (Assamese)

পবিত্ৰ ভাদ মাহ উপলক্ষে মাজুলীৰ নামঘৰত সেৱা ল’লে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসে

August 30, 2018 8:57 am · মিটু খাটনিয়াৰ

পবিত্ৰ ভাদ মাহ অসমীয়াৰ বাবে  ভক্তিৰসৰ সাগৰত বুৰ যোৱাৰ মাহ। হৰি নাম বন্দনাৰে মুখৰিত হৈ পৰিছে অসমীয়া জাতীয় সংস্কৃতিৰ পীঠস্থান নদী-দ্বীপ মাজুলীৰ সত্ৰ-নামঘৰ সমুহত। কৃষক, বনুৱা, শিপিনী, ৰোৱনী সকলোৰে বাবে হেঁপাহৰ মাহটো যেন বছৰৰ প্ৰতীক্ষাহে।

উল্লেখযোগ্য যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তসকলে এই পবিত্ৰ ভাদ মাহত নামঘৰত এভাগি শৰাই সফুৰা আগবঢ়াই সৰ্বজনৰ মংগল কামনা কৰা পৰিলক্ষিত হয়।

ঠিক সেইধৰে বুধবাৰে বিয়লি ভাৰতীয় জনতা পাৰ্টী চমুকৈ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসো নদীদ্বীপ মাজুলীত উপস্থিত হৈ ঐতিহাসিক শ্ৰী শ্ৰী গড়মূৰ সত্ৰত শৰাই আগবঢোৱাৰ লগতে অসমৰ সাধাৰণ জনতাৰ মংগলৰ বাবে নামঘৰত সেৱা লয়।

ৰাজ্যিক বিজেপিৰ সভাপতিৰ লগত সাধাৰণ সাংগঠনিক সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা, ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পুলক গোহাঁই, অনুসূচিত জনজাতি মৰ্চাৰ ৰাজ্যিক সভাপতি হৰেন দেউৰীয়েও নামঘৰত সেৱা লৈ সৰ্বমঙ্গলৰ কামনা কৰে।

ইয়াৰ পাছতে ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ লগতে তেওঁৰ লগত অহা বিজেপিৰ দলটো সন্ধিয়া মাজুলীৰ পৰা পুনৰ উভতি যায়।

 

Related News