নিৰ্বাচনত চাহ বাগিচাৰ ভোটাৰক বিলাবলৈ গাড়ীয়ে গাড়ীয়ে সুৰা মজুত কৰিছে বিজেপিয়ে : কংগ্ৰেছ

বিষাক্ত সুৰা কাণ্ডৰ পিছতো ভোটৰ স্বাৰ্থত “সুৰা হিতাধিকাৰী”?

Bhagirath Karan

ৰাজীৱ ভৱনত সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছৰ উপ সভাপতি ভগীৰথ কৰণ। ফটো : য়ু বি।

ৰাজ্যত শেহতীয়াভাৱে বিষাক্ত সুৰা সেৱন কৰি ডেৰ শতাধিক লোকে কৰুণ মৃত্যুক সাৱটি লোৱা ঘটনাৰ পিছতো কোনো শিক্ষা নহ’ল? সুৰা কাণ্ডৰ জোকাৰণি মাৰ নৌযাওঁতেই আকৌ সুৰাৰে ভোটাৰৰ মন জয়ৰ পাং পাতিছে চৰকাৰ চলোৱা দল বিজেপিয়ে।

গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল পাতি আজি মুকলিকৈ এই অভিযোগ আনিছে অসম প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি ভগীৰথ কৰণে। কৰণে জনোৱামতে, নিৰ্বাচনৰ আগমুহূৰ্তত ৰাজ্যৰ চাৰিটা সংসদীয় সমষ্টিত নিৰ্ণায়ক ভূমিকা পালন কৰিব চাহ শ্ৰমিক ভোটাৰসকলে। শাসনাধিষ্ঠিত দলটোৱে মদ বিলাই এই বৃহৎ সংখ্যক ভোট আদায়ৰ কৌশল লৈছে।

ডিব্ৰুগড়, যোৰহাট, কলিয়াবৰ আৰু তেজপুৰ সমষ্টিত চাহ শ্ৰমিক ভোটাৰে বিশেষ ভূমিকা লয় আৰু তেওঁলোকে যাকেই সমৰ্থন কৰে সেই দলেই জয়লাভ কৰিবলৈ সক্ষম হয় বুলি ভগীৰথ কৰণে মন্তব্য কৰে।

“বিজেপিয়ে বিগত সময়ত বাগিচাৰ ভোটাৰক দিয়া প্ৰতিশ্ৰুতি পালন নকৰিলে। এতিয়া নিৰ্বাচনৰ সময়ত কেৱল প্ৰলোভনৰ ৰাজনীতি কৰিব বিচাৰিছে”, কৰণৰ অভিযোগ।

“উজনি অসমৰ চাহ বাগিচা আৰু গাঁওসমূহত গাড়ীয়ে গাড়ীয়ে চুলাই মদ, অৰুণাচলী মদ আৰু ডিমাপুৰৰ মদ মজুত ৰাখিছে। এইবোৰ নিৰ্বাচনৰ আগত বিলাবলৈ ৰাখি থৈছে আৰু ইয়াৰ জৰিয়তে ভোট আদায়ৰ কৌশল কৰিছে”, ভগীৰথ কৰণে কয়।

তেওঁ কিছুমান ৰাজনৈতিক দলে এই কাম কৰি থকা বুলি কয় যদিও পৰৱৰ্তী সময়ত এই কাম বিজেপিৰ বাদে আন কোনেও কৰিবলৈ সাহস নকৰে বুলিও কয়।

এই সুৰা সেৱনৰ ফলত যদি পুনৰ এজনো চাহ শ্ৰমিকৰ মৃত্যু হয় চাহ শ্ৰমিকে নিৰ্বাচন বৰ্জন কৰিবলৈ সাজু থাকিব বুলিও প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতিজনে মন্তব্য কৰে।

ইপিনে, বিষাক্ত সুৰা সেৱনৰ পাছত ডেৰ শতাধিক লোকৰ মৃত্যু হোৱা ঘটনাৰ পাছত ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উজনি অসমৰ আয়ুক্ত জুলী সোণোৱালক তদন্তৰ নিৰ্দেশ দিছিল। কিন্তু এমাহ উকলি যোৱাৰ পাছতো এতিয়াও তদন্তৰ প্ৰতিবেদন দাখিল নোহোৱাটোতো কৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

একেখন সংবাদমেলতেই বিজেপিয়ে পূৰ্বতে চাহ শ্ৰমিকক দিয়া প্ৰতিশ্ৰুতি সমূহ মূলতঃ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰা, বাগিচা অঞ্চলত ১০০খন হাইস্কুল স্থাপন কৰা, চাহ শ্ৰমিকক ভূমিপট্টা দিয়া আদি কোনো এটাই পূৰণ নকৰিলে বুলি সদৰী কৰে। গতিকে প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ বিজেপিয়ে এতিয়া কেইদিনমানৰ বাবে প্ৰলোভিত কৰিবলৈ বিনামূলীয়া চাউল, চেনী, ৰন্ধন গেছ, বিজুলী, শিশুখাদ্য আদিৰ যোগানৰ আঁচনি ৰূপায়ণ কৰিছে বুলি তেওঁ মন্তব্য কৰে।

এনে হ্ৰস্বম্যাদী “হিতাধিকাৰী” আঁচনিসমূহে চাহ শ্ৰমিকসকলৰ লগতে অসমৰ কোনো উন্নতি সাধন নকৰে বুলিও ভগীৰথ কৰণে দাবী কৰে।

উল্লেখযোগ্য যে কংগ্ৰেছেও নিৰ্বাচনত চাহ শ্ৰমিকসকলৰ মাজত সুৰা বিতৰণেৰে ভোট আদায়ৰ কৌশল লৈ আহিছে বুলি বিজেপিয়ে পূৰ্বে অভিযোগ কৰিছিল। শাসনলৈ অহাৰ পিছত তেওঁলোকেও একেই “সুৰা হিতাধিকাৰী”ৰ কৌশলক আপোন কৰি লোৱাৰ অভিযোগ তাৎপৰ্য্যপূৰ্ণ।

ভোটৰ ৰাজনীতিৰ বাবে কংগ্ৰেছে লোৱা যিবোৰ কৌশলক এটা সময়ত বিজেপিয়ে সমালোচনা কৰিছিল, সেই আটাইবোৰ বিজেপিক অনুকৰণ কৰা দেখা গৈছে।