NORTHEAST NOW (Assamese)

ৰাজনৈতিক চমক! দুটা ৱাৰ্ডত জয়ী হৈয়ে টীয়ক পৌৰসভা দখলৰ দিশে বিজেপি

March 30, 2022 9:29 am · নিৰ্মলেন্দু পাঠক, টীয়ক

বিগত পৌৰসভাৰ নিৰ্বাচনত যোৰহাট জিলাৰ টীয়ক পৌৰসভাৰ ১০ টা ৱাৰ্ডৰ মাত্ৰ দুটাহে ৱাৰ্ড বিজিপিয়ে দখল কৰিবলৈ সক্ষম হৈছিল।

এই দুটা ৱাৰ্ডত জয়ী হৈয়ে টীয়ক পৌৰ সভা দখলৰ ফালে অগ্ৰসৰ হৈছে বিজেপি।

৭ নং ৱাৰ্ডৰ পৰা জয় লাভ কৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী টুলটুল হাজৰিকা আৰু ৫ নং ৱাৰ্ডৰ পৰা নিৰ্দলীয়ভাৱে জয়লাভ কৰা দিগন্ত বৰাই মঙ্গলবাৰে বিজেপিত যোগদান কৰে।

দুয়োজন বিজয়ী প্ৰাৰ্থীয়ে নিজ নিজ সমৰ্থকসকলক লৈ আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰাৰ পিছতে টীয়ক পৌৰসভাখন বিজেপিৰ দখলতে গঠন হোৱাৰ পূৰ্ণ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

কেৱল নগৰখনৰ উন্নয়ন অক্ষুন্ন ৰখাৰ স্বাৰ্থতে দুয়োগৰাকী সদ্য বিজয়ী প্ৰাৰ্থীয়ে গেৰুৱা দলত যোগদান কৰিছে বুলি মত প্ৰকাশ কৰি সকলোৱে হাতে হাত ধৰি কাম কৰি যোৱাৰ সংকল্পবদ্ধ হৈছে।

প্ৰাৰ্থী দুগৰাকীৰ সমান্তৰালকৈ সমষ্টিৰ অগপ আৰু কংগ্ৰেছৰ কেইবাজনো কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰি টীয়কত বিজেপিৰ ভেঁটি শক্তিশালী কৰা পৰিলক্ষিত হৈছে।

Related News