DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home আন্ত: ৰাষ্ট্ৰীয়

দুৰ্দ্দান্ত ব্ৰুনো: কাটাৰ বিশ্বকাপলৈ যোগ্যতা অৰ্জন ৰোনাল্ডোৰ পৰ্তুগালৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 30, 2022 10:53 am
Portugal qualify for 2022 World Cup
142
VIEWS
Share on FacebookShare on Twitter

অৱশেষত বিশ্বৰ ফুটবল প্ৰেমীৰ বাবে স্বস্তি! ফুটবল অনুৰাগীৰ আকাঙ্খা পূৰণ কৰি কাটাৰ বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিলে ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ পৰ্তুগালে।

মঙলবাৰে নিশা উত্তৰ মেচিডোনিয়াক ২-০ গ’লত পৰাজিত কৰি বিশ্বকাপত স্থান নিশ্চিত কৰিলে পৰ্তুগালে।

বৃহস্পতিবাৰে ইউৰো চেম্পিয়ন ইটালীক পৰাস্ত কৰি বিশ্বকাপৰ দৌৰৰ পৰা প্ৰস্থানৰ পথ দেখুওৱা উত্তৰ মেচিডোনিয়াৰ সন্মুখত দুৰ্দ্দান্ত হৈ পৰে পৰ্তুগীজ তাৰকা ব্ৰুনো ফাৰ্ণাণ্ডেজ।

মেচখনত দুটাকৈ গল স্ক’ৰ কৰি পৰ্তুগালৰ বিশ্বকাপৰ যাত্ৰা নিশ্চিত কৰে ব্ৰুনো ফাৰ্ণাণ্ডেজে।

ইয়াৰ জৰিয়তে পৰ্তুগালে ফ্ৰান্সত ১৯৯৮ চনৰ বিশ্বকাপলৈ যোগ্যতা অৰ্জনত ব্যৰ্থ হোৱাৰ পিছত অনুষ্ঠিত হোৱা প্ৰতিখন বিশ্বকাপলৈকে যোগ্যতা অৰ্জনৰ অভিলেখ অক্ষুণ্ণ ৰাখে।

মঙ্গলবাৰে নিশা অনুষ্ঠিত হোৱা মেচখনত ৩২ মিনিটত পৰ্তুগালক প্ৰথমটো গলৰ সোৱাদ দিয়ে ফাৰ্ণাণ্ডেজে। তাৰকা ষ্ট্ৰাইকাৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ নিখুঁত পাছ গললৈ ৰূপান্তৰ কৰি উত্তৰ মেচিডোনিয়াৰ শিবিৰত প্ৰথমটো আঘাত হানে ব্ৰুনো ফাৰ্ণাণ্ডেজে।

প্ৰথমাৰ্দ্ধ ১-০ গলৰ ব্যৱধানত সামৰণি পৰা পিছত দ্বিতীয়াৰ্দ্ধতো মেচিডোনিয়াৰ গলবক্সত নিৰন্তৰ আক্ৰমণ অব্যাহত ৰাখে পৰ্তুগালে।

অৱশেষত ৬৫ মিনিটত ডিয়েগো জ’টাই বাওঁফালৰ পৰা তুলি দিয়া এটা ক্ৰছ নেটলৈ ঠেলি দ্বিতীয়টো গল কাৰ্যকৰী কৰে ব্ৰুনোৱে।

নিৰ্দ্ধাৰিত সময়ত ২-০ ব্যৱধানৰ জয়ৰ লগে লগে ২১ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া কাটাৰ বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰে পৰ্তুগালে।

উল্লেখ্য যে কাটাৰ বিশ্বকাপেই সাম্প্ৰতিক সময়ৰ অন্যতম শ্ৰেষ্ঠ ফুটবলাৰ হিচাপে স্বীকৃত পৰ্তুগীজ তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ অন্তিম বিশ্বকাপ হ’ব বুলি আশংকা কৰা হৈছে।

প্ৰিয় তাৰকাগৰাকীক বিশ্বকাপ ফুটবলত শেষবাৰৰ বাবে চাবলৈ অধীৰ আগ্ৰহেৰে বাট চাইছে প্ৰতিজন ফুটবল প্ৰেমীয়ে।

Recent News

Plane Missing in Nepal: নেপালত ৪ ভাৰতীয়সহ ২২ জন যাত্ৰীৰ সৈতে সন্ধানহীন বিমান

Plane Missing in Nepal: নেপালত ৪ ভাৰতীয়সহ ২২ জন যাত্ৰীৰ সৈতে সন্ধানহীন বিমান

Human rights activist: মানৱ অধিকাৰ কৰ্মী মাৰ্ক থাংমাং হাওকিপক ন্যায়িক জিম্মালৈ প্ৰেৰণ

Human rights activist: মানৱ অধিকাৰ কৰ্মী মাৰ্ক থাংমাং হাওকিপক ন্যায়িক জিম্মালৈ প্ৰেৰণ

Retired Education Officer Arrested: একালৰ প্ৰতাপী শিক্ষা বিষয়া আনোৱাৰ হুছেইনক আটক; সংবাদ মাধ্যমৰ সমুখত হুছেইনৰ বিস্ফোৰণ!

Retired Education Officer Arrested: একালৰ প্ৰতাপী শিক্ষা বিষয়া আনোৱাৰ হুছেইনক আটক; সংবাদ মাধ্যমৰ সমুখত হুছেইনৰ বিস্ফোৰণ!

Lioness dies of snake bite: ভুৱনেশ্বৰৰ নন্দনকাননত ভয়ংকৰ ঘটনা; বিষাক্ত সাপৰ কামোৰত মৃত্যু সিংহিনীৰ

Lioness dies of snake bite: ভুৱনেশ্বৰৰ নন্দনকাননত ভয়ংকৰ ঘটনা; বিষাক্ত সাপৰ কামোৰত মৃত্যু সিংহিনীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd