উত্তৰ প্ৰদেশত পুনৰ চৰকাৰ গঠন কৰিব বুলি দৃঢ়তাৰে টুইট কৰিলে যোগী আদিত্যনাথে

Yogi-Adityanath-750x375

কেন্দ্ৰীয় নিৰ্বাচন আয়োগে আজি পাঁচ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সময়তে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই বুলি ঘোষণা কৰিছে যে উত্তৰ প্ৰদেশত পুনৰ বিজেপিয়েই চৰকাৰ গঠন কৰিব।

আদিত্যনাথে ৰাজ্যখনত নিৰ্বাচনৰ তাৰিখ ঘোষণাক আদৰণি জনাই কয় যে বিজেপি “একক সংখ্যাগৰিষ্ঠতা” ৰে পুনৰ ক্ষমতালৈ ঘূৰি আহিব। নিৰ্বাচন আয়োগে ১০ ফেব্ৰুৱাৰীৰ পৰা উত্তৰ প্ৰদেশত সাতটা পৰ্যায়ত ভোটগ্ৰহণৰ দিন ঘোষণা কৰিছে। ভোট গণনা মাৰ্চ মাহত হ’ব, লগতে আন চাৰিখন ৰাজ্যতো নিৰ্বাচন অনুষ্ঠিত হ’ব।

” আমি গণতন্ত্ৰৰ উৎসৱক স্বাগতম জনাইছো। জনসাধাৰণৰ আশীৰ্বাদত আৰু বৰ্তমানৰ চৰকাৰৰ সাফল্যৰ ভিত্তিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে নিজৰ চৰকাৰ গঠন কৰিব,” আদিত্যনাথে আজি এনেদৰে টুইট কৰে৷

ৰাজ্যখনত ১০ ফেব্ৰুৱাৰী, ১৪ ফেব্ৰুৱাৰী, ২০ ফেব্ৰুৱাৰী, ২৩ ফেব্ৰুৱাৰী, ২৭ ফেব্ৰুৱাৰী, ৩ মাৰ্চ আৰু ৭ মাৰ্চত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

উত্তৰ প্ৰদেশত ভোটগণনা পঞ্জাৱ, উত্তৰাখণ্ড, গোৱা আৰু মণিপুৰৰ সৈতে ১০ মাৰ্চত অনুষ্ঠিত হ’ব।