NORTHEAST NOW (Assamese)

বিটিচিত BJP- UPPL ৰ চৰকাৰ গঠনৰ সম্ভাৱনা, পুৱা ৯ বজাত মুখ্যমন্ত্ৰীৰে আলোচনা প্ৰমোদ বড়োৰ

December 13, 2020 8:19 am · এন ই নাও নিউজ
Updated: December 13, 2020 8:36 am

বিটিচিত BJP- UPPL ৰ চৰকাৰ গঠনৰ সম্ভাৱনা একপ্ৰকাৰ স্পষ্ট হৈ পৰিছে।

যোৱা নিশা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনা কৰাৰ পিছত আজি পুৱা ৯ বজাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে চৰকাৰ গঠনকলৈ আলোচনাত মিলিত হ’ব UPPL ৰ নেতা প্ৰমোদ বড়োই।

পুৱতি নিশা ৪ বজালৈকে হিমন্ত বিশ্বৰ বাসভৱনত অনুষ্ঠিত বৈঠকত বিজেপিৰ সভাপতি ৰঞ্জিত দাস, UPPL ৰ নেতা প্ৰমোদ বড়ো আৰু GSP ৰ নেতা হীৰা শৰণীয়াই ভাগ লয়।।

পুৱা ৯ বজাত মুখ্যমন্ত্ৰীৰে আলোচনাৰ পিছতে বিটিচিৰ মুৰব্বী কোন হ’ব সেয়া পৰিস্কাৰ হৈ পৰিব।

আজি পুৱা ৯.৩০ বজাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদ মেলৰো আয়োজন কৰিছে।

উল্লেখ্য বিটিচি নিৰ্বাচনৰ ৪০ খন আসনৰ চূড়ান্ত  ফলাফল অনুসৰি  BPF-১৭,UPPL-১২ BJP-৯,,CONG-০১  আৰু GSP- এ  ১খন আসন লাভ কৰিছে।

চৰকাৰ গঠন কৰিবলৈ প্ৰয়োজন হোৱা মেজিক নম্বৰ ২১ কোনো এটা দলে লাভ কৰা নাই যদিও শেহতীয়া নিৰ্বাচনী ফলাফলে বিটিচিত যে মিত্ৰজোঁটৰেই চৰকাৰ হ’ব তাকেই প্ৰতীয়মান কৰিছে।

বিজেপিৰ সৈতে বিপিএফৰ বিধানসভাত মিত্ৰতা আছে যদিও বিটিচি নিৰ্বাচনত বিজেপিৰে দলটোৰ সংঘাতৰ সৃষ্টি হৈছে।

অৱশ্যে ৰাজনীতত যিহেতু সকলো সম্ভৱ সেয়ে চৰকাৰ গঠনৰ স্বাৰ্থত বিজেপিয়ে পুনৰ হাগ্ৰামাৰ সৈতে হাত মিলোৱাৰ সম্ভাৱনাও নুই কৰা নাই বহুতে।

উল্লেখ্য এইবাৰ বিটিচি নিৰ্বাচনত ৪০ সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল মুঠ ২৪১ গৰাকী প্ৰাৰ্থীয়ে।

বিটিচিত ৭ ডিচেম্বৰত প্ৰথম পৰ্যায়ৰ আৰু ১০ ডিচেম্বৰত দ্বিতীয় পৰ্যায়ৰ ভোটদান অনুষ্ঠিত হৈছিল।

Related News