অবৈধ ইলেক্ট্ৰ’ৰেল বণ্ডৰ জৰিয়তে ধন চপোৱা বিজেপিৰ বাবেই দাম বাঢ়িল জীৱনদায়িনী ঔষধৰ : আপ

নতুন বিত্তীয় বৰ্ষৰ আৰম্ভণিৰ দিনটোৰ পৰা বিজেপি চৰকাৰে ৯২৩বিধ জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধিৰ সিদ্ধান্তক আম আদমি পাৰ্টীয়ে তাৰ্র ভাষাৰে গৰিহণা দিয়ে। 

এক সংবাদমেল সম্বোধন কৰি আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে কয় যে মোডী চৰকাৰে অবৈধ ইলেক্ট’ৰেল বণ্ডৰ জৰিয়তে বিভিন্ন কোম্পানীৰ পৰা ভয়-ভাবুকিৰে চান্দা উঠাই অহাৰ বাবেই আজিৰে পৰা জীৱনদায়িনী  ঔষধৰ দাম বৃদ্ধি পালে৷ উচ্চতম ন্যায়ালয়ে ইলেক্ট’ৰেল বণ্ডক অবৈধ ঘোষণা কৰি কোন কোন কোম্পানীয়ে ৰাজনৈতিক দলক ধন দিছে, সেই তথ্য ৰাজহুৱা নকৰা হ’লে বিজেপিৰ ‘চান্দা সংস্কৃতি, পোহৰলৈ নাহিলহেঁতেন।

হিতাধিকাৰী ৰাজনীতিৰ নামত চৰকাৰে কেই কেজিমান চাউল আৰু প্ৰতিমাহে কেইশমান টকা একাংশ মানুহৰ একাউণ্টত সোমোৱাই দি ঔষধৰ দাম ২০ৰ পৰা ৮০ শতাংশ বৃদ্ধি কৰি সাধাৰণ জনতাক জীয়াই থকাৰ সুবিধাকণৰ পৰাই বঞ্চিত কৰিছে। ঔষধ নিৰ্মাণ কৰা কোম্পানী ড০ ৰেড্ডীছ লেব, চিপলা লিমিটেড, ছান ফাৰ্মা লেবৰেটৰী, জাইদাচ, টৰেণকে ধৰি প্ৰায় সকলো কোম্পানীৰ পৰা বিজেপিয়ে শ শ কোটি টকা চান্দা সংগ্ৰহ কৰিছে। এই তথ্য ইতিমধ্যে জনতাই লাভ কৰিছে। টৰেণ কোম্পানীয়ে বিজেপিক ৬১ কোটি টকা, চিপলাই ৩৭ কোটি টকা, জাইদাচে ১৮ কোটি টকা বিজেপিক দিছে। এয়া দুটামান উদাহৰণ মাত্ৰ।

বিজেপি চৰকাৰৰ দিনত দুৰ্নীতি নোহোৱা বুলি দলটোৱে দাবী কৰিলেও জনতাই বুজি পাইছে বিজেপিয়ে কি স্তৰত দুৰ্নীতি কৰে৷ বিজেপিয়ে ইডি, চিবিআই, আই টিৰ দৰে সংস্থাবোৰক অপব্যৱহাৰ কৰি কোম্পানীবোৰক ভয়-ভাবুকি দি ইলেক্টৰেল বণ্ডৰ জৰিয়তে চান্দা সংগ্ৰহ কৰিছিল আৰু ইয়াৰ পাৰ্শ্বক্ৰিয়া হিচাপে কোম্পানীবোৰে ঔষধ, নিত্য ব্যৱহাৰ্য সা-সামগ্ৰীৰ দাম বৃদ্ধি কৰি জনতাৰ ওপৰত ৰাম টাঙোন সোধাই আহিছে। এক সুস্থ আৰু সন্মানজনক জীৱনৰ স্বাৰ্থতে এই লোকসভা নিৰ্বাচনত বিজেপিক উৎখাত কৰিবলৈ আম আদমি পাৰ্টীয়ে আহ্বান জনাইছে।।