DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

আৰু ৩৯৯ দিন, ক্ষমতাচ্যুত হ’ব বিজেপি! হুংকাৰ অখিলেশৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 18, 2023 8:10 pm
Akhilesh Yadav
110
VIEWS
Share on FacebookShare on Twitter

চমু চাপিছে লোকসভা নিৰ্বাচন। ২০২৪ ৰ নিৰ্বাচনলৈ সাজু হৈছে শাসক-বিৰোধী উভয়েই। ইতিমধ্যে ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাত প্ৰধানমন্ত্ৰী মোদীয়ে নিৰ্বাচনলৈ মাত্ৰ ৪০০ দিন বাকী আছে বুলি হিচাপ-নিকাচ আৰম্ভ কৰিছেই। পিছে মোদীৰ এই হিচাপত ভেটা দি এক সাৱধানবাণী শুনাইছে সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱে।

মোদীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অখিলেশ যাদৱে আজি কয় যে শাসকীয় বিজেপি দলে এতিয়া দিন গণনা কৰিবলৈ আৰম্ভ কৰিছে। মাজত আৰু ৩৯৯ টা দিন আছে আৰু ইয়াতকৈ এটা দিনো বিজেপি ক্ষমতাত নাথাকিব বুলি হুংকাৰ দিছে যাদৱে।

ভাৰত ৰাষ্ট্ৰ সমিতিৰ প্ৰথমখন ৰাজহুৱা সভাত বক্তব্য ৰাখি যাদৱে কয় যে ৩৯৯ দিনৰ পিছত বিজেপি ক্ষমতাৰ পৰা আঁতৰি যাব আৰু ৪০০ সংখ্যক দিনত নতুন চৰকাৰ গঠন হ’ব।

তেওঁ কয় যে শাসকীয় বিজেপিয়ে জাতিটোক পিছলৈ ঠেলি আহিছে আৰু সকলো প্ৰগতিশীল নেতাই একত্ৰিত হৈ দেশৰ উন্নয়নৰ বাবে কাম কৰাৰ সময় আহি পৰিছে।

ঐতিহাসিক খাম্মামৰ ভূমিত তেলেংগানাৰ মুখ্যমন্ত্ৰী তথা ভাৰত ৰাষ্ট্ৰ সমিতিৰ সভাপতি কে চন্দ্ৰশেখৰ ৰাৱে বিশাল জনসমাগম গোটাই সমগ্ৰ দেশলৈ বাৰ্তা প্ৰেৰণ কৰিছে বুলিও মন্তব্য কৰে অখিলেশ যাদৱে।

উত্তৰ প্ৰদেশে আন ৰাজ্যৰ সৈতে একেলগ হৈ শাসকীয় বিজেপিক নাকচ কৰিব বুলি উল্লেখ কৰি তেওঁ কয়, “আজি যেতিয়া আমি ইমান বৃহৎ সমাৱেশৰ সন্মুখত সমবেত হৈছো, মই ক’ব পাৰো যে যদি তেলেংগানাত বিজেপিক প্ৰতিহত কৰা হৈছে, তেন্তে উত্তৰ প্ৰদেশো বহু পিছ পৰি থকা নাই।”

উল্লেখ্য যে খম্মামত অনুষ্ঠিত হোৱা ভাৰত ৰাষ্ট্ৰ সমিতিৰ প্ৰথমখন ৰাজহুৱা সভাত দলটোৰ সভাপতি কে চন্দ্ৰশেখৰ ৰাওৰ লগতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়ন, চিপিআইৰ সাধাৰণ সম্পাদক ডি ৰাজাও উপস্থিত থাকে।

Recent News

Sharjeel Imam

কা বিৰোধী প্ৰতিবাদৰ গোচৰত শ্বাৰ্জিল ইমামক দোষমুক্ত ঘোষণা আদালতৰ

মই এগৰাকী প্ৰাপ্তবয়স্ক আৰু মই নিজ ইচ্ছামতে ধৰ্মান্তৰিত আৰু বিয়া হৈছোঁ, আৰক্ষীয়ে আমাক সুৰক্ষা দিয়ক।

মই এগৰাকী প্ৰাপ্তবয়স্ক আৰু মই নিজ ইচ্ছামতে ধৰ্মান্তৰিত আৰু বিয়া হৈছোঁ, আৰক্ষীয়ে আমাক সুৰক্ষা দিয়ক।

কন্ঠশিল্পী বাণী জয়ৰামৰ শেষ নিশ্বাস ত্যাগ

কন্ঠশিল্পী বাণী জয়ৰামৰ শেষ নিশ্বাস ত্যাগ

মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ-ৰ ব্যৱহাৰ

মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ-ৰ ব্যৱহাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd