NORTHEAST NOW (Assamese)

কেজৰিৱালে পাঁচ বছৰত দিল্লীৰ বিকাশৰ বাবে একো নকৰিলে : দিল্লীত বিজেপিৰ হৈ প্ৰচাৰ অভিযানত মুখ্য মন্ত্ৰী সোণোৱাল

February 5, 2020 8:55 am · এন ই নাও নিউজ
Updated: February 5, 2020 8:57 am
প্ৰচাৰ অভিযানত সোণোৱাল

দিল্লীৰ বিধানসভাৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত মঙলবাৰে দিল্লীত বিজেপিৰ হৈ প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

মঙলবাৰে সোণোৱালে দিল্লীৰ ৰোহতাছ নগৰত বিজেপিৰ প্ৰাৰ্থী জিতেন্দৰ মহাজনৰ হৈ পদযাত্ৰাত অংশগ্ৰহণ কৰে।

নিৰ্বাচনী প্ৰচাৰ অভিযানত সোণোৱালে বিজেপিয়ে দিল্লীত চৰকাৰ গঠন কৰিব বুলি কয়।

‘‘দিল্লীৰ জনতাই বিগত পাঁচবছৰৰ শাসন দেখিছে। অৰবিন্দ কেজৰিৱাল আৰু তেওঁৰ পাৰ্টিয়ে পাঁচবছৰত দিল্লীৰ জনসাধাৰণৰ বিকাশৰ বাবে একো নকৰিলে,’’ সোণোৱালে কয়।

উল্লেখযোগ্য যে, দিল্লীত বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ সকলৰ ভিতৰত অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালো আছে।

মঙলবাৰে সোণোৱালে দিল্লীত বাসকৰা উত্তৰ-পূবৰ জনসাধাৰণৰ সৈতেও মত বিনিময় কৰে।

দিল্লীত বিজেপিৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱাৰ পাছত সোণোৱালে টুইটাৰত দিল্লীত পদযাত্ৰাত অংশগ্ৰহণ কৰাৰ ছবি আপলোড কৰে।

সোণোৱালৰ উপৰিও অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডু, ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেবে দিল্লীত বিজেপিৰ প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিছে।

Related News