বিদেশীক স্বদেশী আৰু স্বদেশীক বিদেশী কৰা এনআৰচি বিজেপিয়ে কেতিয়াও গ্ৰহণ নকৰে : অশোক সিংহাল

‘স্বদেশীক বিদেশী কৰা, বিদেশীক স্বদেশী কৰা এন আৰ চি বিজেপিৰ বাবে কেতিয়াও গ্ৰহনযোগ্য নহয়’ – এই বক্তব্য ভাৰতীয় জনতা পাৰ্টীৰ শীৰ্ষ নেতা তথা ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ বিধায়ক অশোকানন্দ সিংহালৰ ।

কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত তামুলপুৰ বিজেপি সংমণ্ডলৰ উদ্যোগত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত বিজেপিৰ জনজাগৰন সভাত অংশগ্ৰহণ কৰি নেতাগৰাকীয়ে এইদৰে কয়।

ভাষণ প্ৰসঙ্গত তেওঁ হুৰিয়তে ভাৰতীয় সংবিধান নামানে বুলি উল্লেখ কৰি কয়, ‘ভাৰতীয় সংবিধানৰ ৩৭০ ধাৰা বাতিলৰ বিষয়টো গৰিষ্ঠ সংখ্যকে সমৰ্থন কৰে। ‘পৃথিবীৰ ভুস্বৰ্গ এতিয়া অগ্নিগৰ্ভা’ বুলি উল্লেখ কৰি আৰু কয়, ‘কাশ্মীৰৰ নিৰ্বাচনত কেৱল আঠ দহ গৰাকী ভোটাৰেহে ভোটদান কৰি চৰকাৰ গঠন কৰে ই কেতিয়াও জনসমৰ্থনৰ ভিত্তি হ’ব নোৱাৰে’।

নেতাগৰাকীয়ৈ তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই কয়, ‘বিটিচিত বিজেপিৰ সহযোগতহে চৰকাৰ গঠন হ’ব আৰু তেতিয়াহে বিটিচিত শান্তি, প্ৰগতি আৰু উন্নয়ন সাধন সম্ভৱ হ’ব’।

আজি বাক্সা জিলা বিজেপিৰ সভাপতি ৰাম দাহালৰ সভাপতিত্বত অনুষ্ঠিত হোৱা দলটোৰ ৰাষ্ট্ৰীয় একতা অভিযান আৰু কোকৰাঝাৰ লোকসভা ভিত্তিক জনজাগৰণ সভাত কোকৰাঝাৰ জিলা বিজেপিৰ সভাপতি বিভূতি বৰগয়াৰী, অসম নেপালী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অৰ্জুন চেত্ৰীসহ কেইবাগৰাকী নেতা উপস্থিত আছিল ৷

বাক্সা জিলা বিজেপি আৰু যুৱ মৰ্চাৰ ৰ সাধাৰণ সম্পাদক ৰাজেশ বৰ আৰু সভাপতি কৰণ ছেত্ৰীয়ে আঁত ধৰা সভাখনত  কংগ্ৰেছ দলকে ধৰি  বিভিন্ন দল সংগঠনৰ কেবাগৰাকী লোকে আনুষ্ঠানিক ভাবে বিজেপি দলত যোগদান কৰে ৷