NORTHEAST NOW (Assamese)

কংগ্রেছৰ দুৰ্গ আমলখিত বিজেপিৰ সদ্য নিৰ্বাচিত পঞ্চায়ত প্ৰাৰ্থীকলৈ দলৰ বিজয় উৎসৱ

December 23, 2018 8:26 pm · বিদ্যুৎ জ্যোতি বৰা
Updated: December 23, 2018 8:27 pm
চামগুৰিৰ আমলখিত বিজেপিৰ পঞ্চায়তত বিজয়ী প্ৰাৰ্থীক সম্বৰ্দ্ধনা। ফটো : নৰ্থইষ্ট নাও

নগাঁও জিলা চামগুৰি সমষ্টিৰ বৰ্তমানৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ গৃহ পঞ্চায়ত আমলখিত কংগ্ৰেছক ধূলিসাৎ কৰি সদ্য সমাপ্ত গাঁও পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱা বিজেপিৰ প্ৰায় পঞ্চাশ গৰাকী প্ৰাৰ্থীক আজি সম্বৰ্ধনা জনোৱাৰ লগতে বিজয় উৎসৱ পালন কৰা হয় ৷

চামগুৰি সমষ্টিৰ অন্তৰ্গত আমলখি গাঁও পঞ্চায়তৰ বিজেপিৰ নিবাৰ্চনী প্ৰচাৰ সমিতিৰ উদ্যোগত আমলখি উচ্চ ইংৰাজী বিদ্যালয় খেল পথাৰত প্ৰচাৰ সমিতিৰ সভাপতি ৰাজীৱ প্ৰধানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সম্বৰ্ধনা অনুষ্ঠান আঁত ধৰে প্ৰচাৰ সম্পাদক ৰিংকু পৰীৰাই ৷

আজিৰ সম্বৰ্ধনা আৰু বিজয় উৎসৱ অনুষ্ঠানত আমলখি গাঁও পঞ্চায়তৰ বিজেপিৰ প্ৰচাৰ সমিতিৰ উপদেষ্টা তথা আমনি ব্যৱসায় সন্থাৰ সভাপতি ৰূপ নাৰায়ন শ্বাহে নিজৰ ভাষণ প্ৰসংগত প্ৰাক্তন প্ৰতাপী মন্ত্ৰী ৰকিবুল হুছেইনক তীব্ৰ সমালোচনাৰে থকাসৰকা কৰাৰ লগতে বিগত কংগ্ৰেছৰ আমোলত সম্পূৰ্ণৰূপে উন্নয়ন শূন্য আমলখি পঞ্চায়তৰ পৰাই নহয় ৮৮ নং চামগুৰি সমষ্টিৰ পৰাই কংগ্ৰেছক চিৰ বিদায় জনাবলৈ আহ্বান জনায় ৷

তদুপৰি আগন্তুক অসম বিধান সভা নিৰ্বাচনত চামগুৰি সমষ্টিৰ পৰা বিজেপিৰ মনোনীত প্ৰাৰ্থী হিচাপে বিজেপিৰ কলিয়াবৰ লোক সভা সমষ্টিৰ বৰ্তমানৰ বিস্তাৰক লাওখোৱা নিবাসী মহেন্দ্ৰ কোঁৱৰক মুকলি সমৰ্থন জনোৱাত সমবেত সহস্ৰাধিক ৰাইজে হৰ্ষ উল্লসেৰে আদৰণি জনোৱা পৰিলক্ষিত হয় ৷

আজিৰ সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি মহেন্দ্ৰ কোঁৱৰে নিজৰ ভাষণত বিজেপিয়ে দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল স্থিতি গ্ৰহণ কৰা প্ৰসঙ্গত ৰাইজক সহযোগ কৰিবলৈ আহ্বান জনোৱাৰ লগতে চামগুৰিত ৰকিবুলক প্ৰত্যাহ্বান জনোৱা আঁৰৰ ব্যক্তি গৰাকীয়ে দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী বিশেষকৈ বাজিয়া গাঁও উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া গৰাকীক শীঘ্ৰে বিহিত ব্যৱস্থা কৰিব বুলি কোৱাৰ লগতে দুৰ্নীতিগ্ৰস্ত পঞ্চায়ত সচিব সকলকো সকীয়াই দিয়ে ৷

আজিৰ সভাত অসম চাহ নিগমৰ উপাধ্যক্ষ সীমাঞ্চল দিগাল উপস্থিত থাকি চৰকাৰী আঁচনি সমূহ সঠিকভাৱে ৰূপায়ন কৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায় ৷

Related News