• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগ্ৰীজুলিত গ্ৰাম্য বিকাশ মন স্বেচ্ছাসেৱী সংস্থাৰ মুখ্য কাৰ্য্যালয় মুকলি

মহিলা সবলীকৰণ, কৃষি, স্বাস্থ্য, শিক্ষা খণ্ডৰ লগতে গ্ৰামাঞ্চলৰ উন্নয়ন হ’ব মূল লক্ষ্য: আলাউদ্দিন আহমেদ

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
December 23, 2018 8:36 pm
Nagrijuli

কাৰ্য্যালয় মুকলি অনুষ্ঠানত স্থানীয় শিল্পীৰ গান পৰিৱেশন। ছবি- নৰ্থ ইষ্ট নাও।

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ  বৃহত্তৰ নাগ্ৰীজুলি অঞ্চলত কাৰ্য্যালয় মুকলি কৰিছে গ্ৰাম্য বিকাশ মন নামৰ এটি স্বেচ্ছাসেৱী সংস্হা।

কৃষি, স্বাস্হ্যখণ্ড, জলসিঞ্চন, শিক্ষা ক্ষেত্ৰ  আদিৰ উন্নয়নৰ লক্ষ্য আগত ৰাখি বৃহত্তৰ নাগ্ৰীজুলি অঞ্চলৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰ সংমিশ্ৰণেৰে গঠন কৰা হৈছে গ্ৰাম্য বিকাশ মন নামৰ সংস্হাটো। এই ভাষ্য নাগ্ৰীজুলি অঞ্চলটোৰ যুৱ  সমাজকৰ্মী তথা গ্ৰাম্য বিকাশ মনৰ মুখ্য পৃষ্ঠপোষক আলাউদ্দিন আহমেদৰ। সংস্হাটোৰ মুখ্য কাৰ্য্যালয় মুকলি অনুষ্ঠানৰ লগত সংগতি ৰাখি  দিনৰ ১ বজাত অনুষ্ঠিত মুকলি সভাত অংশ গ্ৰহণ কৰি আলাউদ্দিন আহমেদে এই দৰে কয়।

Apply Now

স্থানীয় সমাজকৰ্মী গোপাল আচাৰ্জীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত আহমেদে লগতে কয় যে ২০১৮ চনৰ ১ আগষ্টত ভূমিষ্ঠ হোৱা সংস্থাটোৰ তত্বাৱধানত এইসমূহ উদ্দেশ্য আগত ৰাখি অঞ্চলটোৰ বিভিন্ন গাঁৱত দহটাকৈ মহিলা আত্মসহায়ক গোট গঠন কৰা হৈছে।

গোটসমূহ গঠন কৰি চৰকাৰী সা-সুবিধা প্ৰদানৰ লগতে বেংকৰ পৰা পাবলগীয়া ঋণ আৰু অন্যান্য সুবিধা আদিৰ ক্ষেত্ৰটো গ্ৰাম্য বিকাশ মনে যোগাযোগ কৰাই দিয়াত সহায় সহায় কৰিছে বুলিও আলাউদ্দিন আহমেদে সভাত সদৰী কৰে।

অনাগত দিনত একাধিক আত্মসহায়ক গোট গঠন, দুখীয়া ছাত্র-ছাত্রীৰ শিক্ষা, স্বাস্হ্য খণ্ড, ভিতৰুৱা অঞ্চলৰ বাট পথৰ উন্নয়ন, জৈৱিক শস্য উৎপাদন আদিৰ উদ্দেশ্য আগত ৰাখি গ্ৰাম্য বিকাশ মনে কাম কৰিব বুলি আলাউদ্দিন আহমেদে সভাত  বক্তব্য ৰাখে।

ৰাজনীতিৰ পৰা মুক্ত গ্ৰাম্য বিকাশ মনৰ উদ্দেশ্য সফল কৰাৰ ক্ষেত্রত জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজক সহায়-সহযোগ কৰিবলৈ আহ্বান জনোৱাৰ লগতে গঠনমূলক দিহা-পৰামৰ্শ দিয়াৰ বাবে ৰাইজক আহমেদে অনুৰোধ জনায়।

নাগ্ৰীজুলি অঞ্চলৰ স্হানীয় শিল্পী সকলৰ দ্বাৰা পৰিৱেশিত সমবেত সংগীতেৰে আৰম্ভ কৰা মুকলি সভাত নিৰ্দিষ্ট বক্তাৰূপে অংশগ্ৰহণ কৰি সমাজকৰ্মী হিতেশ তালুকদাৰে ভাষণ ৰাখি গ্ৰাম্য বিকাশ মন নামৰ স্বেচ্ছাসেৱী সংস্থাটোৰ গঠনৰ জৰিয়তে অঞ্চলটোৰ যুৱক-যুৱতী সকলে স্বনিয়োজন আৰু স্বনিৰ্ভৰশীল হোৱাৰ পথ প্ৰশস্ত হ’ব বুলি মন্তব্য কৰে।

সভাত প্ৰতিভা দত্ত পাঠক,  মলয়া পাঠক, ৰুবুল আলীয়ে গীত পৰিৱেশন কৰি ৰাইজক আনন্দ দিয়ে।

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নাগ্ৰীজুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিখিল সিংহ, স্থানীয় জ্যেষ্ঠ চিকিৎসক ডাঃ মনোহৰ দাস, শিক্ষক ভক্তবাহাদুৰ ছেত্ৰী, দুলাল সাহা, লক্ষ্মীধৰ তাঁতী, লব হাসদা, ফাগুনী স্বৰ্গীয়াৰী, কমল দাস প্ৰমুখ্যে অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকল।

সভাৰ পূৰ্বে দেওবাৰে পুৱা ৯ বজাত অনুষ্ঠিত চাফাই অভিযান মুকলি কৰে নাগ্ৰীজুলি টিচিএলচিচিৰ ভাৰপ্ৰাপ্ত সভাপতি অজিত বসুমতাৰীয়ে।  ৯-৩০ বজাত গ্ৰাম্য বিকাশ মনৰ পতাকা উত্তোলন কৰে সংস্থাটোৰ সভাপতি জোন দাসে। পুৱা ৯-৪৫ বজাত এক মাংগলিক পৰিৱেশত  গ্ৰাম্য বিকাশ মনৰ মুখ্য কাৰ্য্যালয়ৰ দ্বাৰ মুকলি কৰে স্থানীয় শিক্ষক ৰঞ্জন দাসে। ১০ বজাত অনুষ্ঠিত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে গ্ৰাম্য বিকাশ মনৰ মুখ্য পৃষ্ঠপোষক আলাউদ্দিন আহমেদ, স্থানীয় গাওঁবুঢ়া কুমুদ দাস, নাগ্ৰীজুলি ভিচিডিচিৰ অধ্যক্ষ প্ৰদীপ সৰকাৰ আৰু সমাজকৰ্মী কৃষ্ণ টিকদাৰে। সভাত উপস্থিত বিশিষ্ট ব্যক্তিসকলক ফুলাম গামোচাৰে  গ্ৰাম্য বিকাশ মন নামৰ সংস্থাটোৰ দ্বাৰা উষ্ণ সম্বৰ্ধনা জনোৱা হয়।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফাঁচীৰ সলনি বিষাক্ত বেজীৰে মৃত্যু দণ্ড কিয় নিদিয়ে ভাৰতত? আবেদন খাৰিজ কৰি কি ক’লে উচ্চতম ন্যায়ালয়ে?

ফাঁচীৰ সলনি বিষাক্ত বেজীৰে মৃত্যু দণ্ড কিয় নিদিয়ে ভাৰতত? আবেদন খাৰিজ কৰি কি ক’লে উচ্চতম ন্যায়ালয়ে?

August 18, 2026 3:58 pm
আছিল কঁকাললৈকে বৈ পৰা চুলি; কি এনেকুৱা ঘটিল যে চুলি খুৰাই টকলা হ’ল নয়নতৰা?

আছিল কঁকাললৈকে বৈ পৰা চুলি; কি এনেকুৱা ঘটিল যে চুলি খুৰাই টকলা হ’ল নয়নতৰা?

August 18, 2026 3:27 pm
নতুন সমীক্ষাত দাবী! ইৰাণ যুদ্ধৰ বাবে বৰ্তমান কাৰ্যকালত ট্ৰাম্পৰ জনপ্ৰিয়তা সৰ্বনিম্ন স্তৰত

নতুন সমীক্ষাত দাবী! ইৰাণ যুদ্ধৰ বাবে বৰ্তমান কাৰ্যকালত ট্ৰাম্পৰ জনপ্ৰিয়তা সৰ্বনিম্ন স্তৰত

August 18, 2026 1:58 pm
২৮ গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত ১৪ গৰাকীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ গোচৰ; উচ্চতম ন্যায়ালয়ত সদৰী তথ্য

২৮ গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত ১৪ গৰাকীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ গোচৰ; উচ্চতম ন্যায়ালয়ত সদৰী তথ্য

August 18, 2026 12:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফাঁচীৰ সলনি বিষাক্ত বেজীৰে মৃত্যু দণ্ড কিয় নিদিয়ে ভাৰতত? আবেদন খাৰিজ কৰি কি ক’লে উচ্চতম ন্যায়ালয়ে?

ফাঁচীৰ সলনি বিষাক্ত বেজীৰে মৃত্যু দণ্ড কিয় নিদিয়ে ভাৰতত? আবেদন খাৰিজ কৰি কি ক’লে উচ্চতম ন্যায়ালয়ে?

August 18, 2026 3:58 pm
আছিল কঁকাললৈকে বৈ পৰা চুলি; কি এনেকুৱা ঘটিল যে চুলি খুৰাই টকলা হ’ল নয়নতৰা?

আছিল কঁকাললৈকে বৈ পৰা চুলি; কি এনেকুৱা ঘটিল যে চুলি খুৰাই টকলা হ’ল নয়নতৰা?

August 18, 2026 3:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd