NORTHEAST NOW (Assamese)

আছুৰ সদস্যক বিজেপি কৰ্মীৰ আক্ৰমণ : মাৰ্ঘেৰিটাত আছুৰ টাইয়াৰ জ্বলাই উত্তাল প্ৰতিবাদ

March 28, 2021 3:44 pm · মানস প্ৰতিম গগৈ

২৬ মাৰ্চ নিশা আছুৰ সদস্যক বিজেপিৰ একাংশ সমৰ্থকে মাৰধৰা কৰাৰ প্ৰতিবাদত তথা দোষীক গ্ৰেপ্তাৰ কৰাৰ দাবীত মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ মাৰ্ঘেৰিটা চেগুনবাৰীস্থিত ৩১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ টাইয়াৰ জ্বলাই উত্তাল প্ৰতিবাদ।

বিজেপি মুৰ্দাবাদ, দোষীক গ্ৰেপ্তাৰ কৰিব লাগিবই, অসম পুলিচ মুৰ্দাবাদ আদি বিভিন্ন শ্ল’গানেৰে আকাশ বতাহ কপাই তুলে।

উল্লেখ্য যে ২৬ মাৰ্চ নিশা একাংশ বিজেপি সদস্যই মাৰ্ঘেৰিটাৰ চাহ বাগিচা এলেকাত মদ মাংস বিতৰণ কৰিবলৈ লওতে আছুৰ কৰ্মীয়ে বাধা প্ৰদান কৰাত আছুৰ সভাপতিসহ কেইবাজনো সদস্যক বিজেপি কৰ্মী সমৰ্থকে শাৰীৰিক ভাৱে আক্ৰমণ কৰিছিল।

ইয়াৰ পাছত আছুৰ মাৰ্ঘেৰিটা থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰি এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰাৰ প্ৰতিবাদ আজি আছুৰ তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰে।

Related News