NORTHEAST NOW (Assamese)

নিৰ্বাচনী চমক! : কলিয়াবৰত হাতে হাতে ঝাড়ু, বাঢ়নী লৈ বজাৰ পৰিষ্কাৰ বিজেপি কৰ্মীৰ

September 15, 2020 5:49 pm · ৰিদীপ শৰ্মা
Updated: September 15, 2020 6:35 pm

কলিয়াবৰত হাতে হাতে ঝাড়ু, বাঢ়নী লৈ বজাৰ পৰিষ্কাৰ বিজেপি কৰ্মীৰ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টীৰ পশ্চিম কলিয়াবৰ মণ্ডল সমিতিৰ সভাপতি শশী ভূষণ ৰায়ৰ নেতৃত্বত পশ্চিম কলিয়াবৰৰ অন্তৰ্গত মুঠ আঠটা গাঁও পঞ্চায়তত ‘সেৱা সপ্তাহ’ কাৰ্যসূচীৰ আজি শুভাৰম্ভ কৰা হয়।

ভাৰতীয় জনতা পাৰ্টীৰ পশ্চিম কলিয়াবৰ মণ্ডল সমিতিৰ সভাপতি শশী ভূষণ ৰায়ৰ নেতৃত্বত নিজ বৰভগীয়া গাঁও পঞ্চায়তৰ সভানেত্ৰী পবিত্ৰা বৰাই এই কাৰ্যসূচী উন্মোচন কৰে।

এই কাৰ্যসূচীৰ অধীনত পঞ্চায়তৰ বিষয়ববীয়া তথা ভাৰতীয় জনতা পাৰ্টীৰ সদস্য তথা শুভাকাংক্ষীসকলে আজি কলিয়াবৰৰ মিছাৰ দৈনিক তথা দেওবৰীয়া সাপ্তাহিক বজাৰত হাতে হাতে ঝাড়ু, বাঢ়নী লৈ স্বচ্ছ ভাৰতৰ আৰ্হিত সমগ্ৰ বজাৰখন চাফ চিকুণ কৰে।

শুভাৰম্ভণি অনুষ্ঠানতে অনাগত সপ্তাহ জোৰা বিভিন্ন কৰ্মসূচীৰ তালিকা প্ৰস্তুত কৰে বিজেপিৰ কৰ্মীসকলে। ইয়াৰ ভিতৰত বৃক্ষ ৰোপন, ৰক্তদান অনুষ্ঠান, ৰোগীৰ মাজত ফলমূল বিতৰণ অন্যতম।

আনহাতে এই ‘সেৱা সপ্তাহ’ৰ শুভাৰম্ভণি অনুষ্ঠানৰ পাছতে পশ্চিম কলিয়াবৰৰ অন্তৰ্গত ৰহধলা গাঁও পঞ্চায়তৰ সভাপতি ৰামেশ্বৰ বৰাৰ সহযোগত পঞ্চায়তৰ বিষয়ববীয়া তথা ভাৰতীয় জনতা পাৰ্টীৰ সদস্য তথা শুভাকাংক্ষীসকলে ৰহধলা গাঁও পঞ্চায়তৰ অন্তৰ্গত গঢ়গুৰি প্ৰাথমিক বিদ্যালয়ত ‘স্বচ্ছতা অভিযান’ৰ চিন স্বৰূপে বিদ্যালয় পৰিষ্কাৰ কৰে।

লগতে ৰহধলা গাঁও পঞ্চায়তৰ সভাপতি ৰামেশ্বৰ বৰাই ক’ৰ’ণা মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাইজৰ মাজত মাস্ক বিতৰণ কৰে।

এনেদৰেই পশ্চিম কলিয়াবৰ অন্তৰ্গত আঠটা পঞ্চায়তৰ লগতে অন্যান্য ১০ টা পঞ্চায়ততো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অহা ১৭ ছেপ্টেম্বৰত হ’বলগীয়া জন্ম দিৱসটি দেশজুৰি সাত দিনীয়াকৈ ‘সেৱা সপ্তাহ’ কাৰ্যসূচী হিচাপে পালন কৰাৰ ব্যৱস্থা কৰিছে সমগ্ৰ ভাৰতীয় জনতা পাৰ্টীৰ কার্যকৰ্তাই।

Related News