ক’ৰ’নাৰ মৃত্যুৰ প্ৰমাণপত্ৰতো মোদীৰ ছবি থকা উচিৎ, সহযোগীয়েই মাৰিলে সমালোচনাৰ শৰ

Modi-and-Jitan-Ram-manjhi

দেশজুৰি ক’ৰ’নাই সংহাৰৰ সৃষ্টি কৰাৰ সময়তে ৰাজ্যই ৰাজ্যই প্ৰতিদিনে বহু লোকে এই মাৰক ভাইৰাছ বিধৰ চিকাৰ হ’বলগীয়া হৈছে।

এনে সময়তে কোভিডৰ ভেকচিন প্ৰদানৰ প্ৰমাণপত্ৰত বহু কেই খন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ঢবি প্ৰকাশ কৰাৰ বিষয়টোও চৰ্চালৈ আহিছে।

এতিয়া ক’ৰ’নাত মৃত্যু ঘটা লোকৰ পৰিয়ালক যি মৃত্যুৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয় সেই প্ৰমাণপত্ৰতো প্ৰধানমন্ত্ৰী মোদীৰ ছবি চপোৱাৰ কথা ক’লে এগৰাকী ৰাজনীতিকে।

এনডিএৰ সহযোগী দল হিন্দুস্তান আৱামী মৰ্চাৰ মুৰব্বী জিতন ৰাম মাঝিয়ে এই পৰামৰ্শ আগবঢ়াই কয় যে ক’ৰ’নাৰ ভেকচিন প্ৰদানৰ প্ৰমাণপত্ৰত যদি মোদীৰ ছবি থাকিব পাৰিছিল তেন্তে ক’ৰ’নাৰ মৃত্যুৰ প্ৰমাণপত্ৰত মোদীৰ ছবি নাথাকিব কিয়?

দৰাচলতে বিজেপিৰ সহযোগী দল হোৱা সত্বেও হিন্দুস্তান আৱামী মৰ্চাৰ মুৰব্বী জিতন ৰাম মাঝিয়ে মোদীক সমালোচনা কৰাৰ মানসেৰেই এনেদৰে কৈছে। কোভিড পৰিস্থিতি নিয়ন্ত্ৰণত মোদীৰ চৰকাৰ ব্যৰ্থ হোৱা বুলি এতিয়ী মাঝিয়ে মুকলিকৈয়ে অভিযোগ কৰিবলৈ আৰম্ভ কৰিছে।

বিহাৰৰ দৰে ৰাজ্যতো কোভিডত হোৱা মৃত্যু ৰোধ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ সফল হ’ব পৰা নাই।

সেইবাবেই মাঝিয়ে মোদী আৰু বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰকো চোকা ভাষাৰে সমালোচনা কৰা দেখা গৈছে। দেশত দেওবাৰে কোভিডত মৃত্যু ঘটা লোকৰ সংখ্যাই ৩ লাখৰ ঘৰ অতিক্ৰম কৰিছে।

উল্লেখ্য কোভিডৰ ভেকচিন প্ৰদানৰ প্ৰমাণপত্ৰত পূৰ্বতে মোদীৰ ছবি ছপা কৰা হৈছিল যদিও এই বিষয়ত ব্যাপক সমালোচনা হোৱাৰ পিছত আদালতে মোদীৰ ছবি আঁতৰাবলৈ নিৰ্দেশ দিছিল।