• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিজেপিৰ বেয়া দিন আৰম্ভ হৈছে আৰু নিৰ্বাচনত দলটোৰ পতন নিশ্চিত – গৌৰৱ গগৈৰ বিস্ফোৰক মন্তব্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 9, 2026 11:40 am
28
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিৰ বেয়া দিন আৰম্ভ হৈছে আৰু আগন্তুক নিৰ্বাচনত দলটোৰ পতন নিশ্চিত বুলি মন্তব্য কৰিছে সাংসদ তথা কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে। শিৱসাগৰত উপস্থিত হৈ এক সংবাদমেল সম্বোধন কৰি তেওঁ বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে। তেওঁ কয় যে যোৱা ৭-৮ মাহৰ পৰা বিজেপিৰ ভিতৰচ’ৰাত চলা বিভিন্ন অনিয়ম আৰু দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিবলৈ ধৰিছে। গগৈৰ মতে বিজেপিৰ মাজত থকা গৰু চোৰ আৰু চাউল চোৰৰ মুখা এতিয়া খোল খাইছে। আনকি জাতি-মাটি-ভেটিৰ কথা কোৱা চৰকাৰখনৰ নিজৰ বিধায়কেহে এতিয়া নাগৰিকত্বৰ প্ৰমাণ দিব পৰা নাই বুলি তেওঁ কটাক্ষ কৰে।

নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকা সংশোধনক লৈ বিজেপিয়ে ষড়যন্ত্ৰ কৰা বুলি গৌৰৱ গগৈয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী অশোক সিংহলে বহিঃৰাজ্যৰ পৰা ভোটাৰ আনি অসমৰ প্ৰকৃত থলুৱা ভোটাৰৰ নাম কৰ্তন কৰাৰ পৰিকল্পনা কৰিছে। অসমৰ সচেতন ভোটাৰৰ অধিকাৰ খৰ্ব কৰিবলৈ কৰা এই কাৰ্যক তেওঁ গণতন্ত্ৰৰ বাবে ভাবুকি বুলি অভিহিত কৰে। এই বিষয়ত নিৰ্বাচন আয়োগে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব লাগিছিল বুলি উল্লেখ কৰি তেওঁ নিৰ্বাচন আয়োগৰ নিষ্ক্ৰিয়তাক লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁ প্ৰশ্ন কৰে যে যদি বিজেপি ইমানেই জনপ্ৰিয় তেন্তে কিয় তেওঁলোকে বহিঃৰাজ্যৰ ভোটাৰৰ সহায় ল’বলগীয়া হৈছে।

Apply Now

বিৰোধী মিত্ৰতাৰ সন্দৰ্ভত গৌৰৱ গগৈয়ে কয় যে অসমৰ জনসাধাৰণে বিৰোধী দলবোৰ এক হোৱাটো বিচাৰে। অখিল গগৈৰ নেতৃত্বাধীন ৰাইজৰ দলৰ সৈতে আসন বুজাবুজিৰ বিষয়ত তেওঁ কয় যে কংগ্ৰেছৰ মাজত প্ৰাৰ্থীৰ অভাৱ নাই যদিও মিত্ৰতাৰ স্বাৰ্থত তেওঁলোকে কেইবাখনো আসন ত্যাগ কৰিবলৈ সাজু আছে। তেওঁ দৃঢ়তাৰে কয় যে বিৰোধীৰ মাজত ১০০ শতাংশ মিত্ৰতা হ’ব। ইয়াৰ বিপৰীতে বিজেপি আৰু অগপৰ মাজতহে আসন ভাগ-বাটোৱাৰাক লৈ তীব্ৰ সংঘাত চলি থকা বুলি তেওঁ দাবী কৰে। আনকি এই মিত্ৰতা নিৰ্বাচনলৈকে টিকিব নে নাই তাক লৈও তেওঁ সন্দেহ প্ৰকাশ কৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি গগৈয়ে কয় যে আগন্তুক নিৰ্বাচনত বিজেপিৰ পতনৰ মূল কাৰণ হ’ব মুখ্যমন্ত্ৰীগৰাকী নিজে। তেওঁৰ মতে মুখ্যমন্ত্ৰীৰ কথা-বতৰা দিনক দিনে পাতল হৈ গৈছে আৰু তেওঁৰ বিবেক-বুদ্ধিয়ে সঠিকভাৱে কাম কৰা নাই। আগন্তুক নিৰ্বাচনটো কোনো ৰাজনৈতিক দলৰ মাজত নহয়, বৰঞ্চ মুখ্যমন্ত্ৰী আৰু অসমৰ সাধাৰণ ৰাইজৰ মাজতহে হ’ব বুলি তেওঁ মন্তব্য কৰে। তেওঁ আৰু কয় যে অমিত শ্বাহৰ বাবেই সৰ্বানন্দ সোণোৱালে পুনৰ মুখ্যমন্ত্ৰীৰ পদ নাপালে। এইবাৰ অসমৰ ৰাইজে বিজেপিৰ শাসন ওফৰাই পেলাব আৰু নিৰ্বাচনৰ পিছত হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ চকী সুৰক্ষিত নহয় বুলিও তেওঁ ভৱিষ্যদ্বাণী কৰে।

অসম প্ৰদেশ কংগ্ৰেছৰ এই বিশেষ অভিযান ‘ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ’ৰ জৰিয়তে তেওঁলোকে জনসাধাৰণৰ সমস্যাৰ বুজ লৈছে আৰু নিৰ্বাচনী ইস্তাহাৰৰ বাবে মতামত সংগ্ৰহ কৰিছে। শিৱসাগৰৰ এই সংবাদমেলত গৌৰৱ গগৈৰ সৈতে ৰ’জলীনা তিৰ্কী, অজয় গগৈ আৰু শুভ্ৰমিত্ৰ গগৈকে ধৰি দলটোৰ কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকে। তেওঁলোকে একমুখে দাবী কৰে যে আগন্তুক বিধানসভা নিৰ্বাচনে অসমৰ লগতে দেশবাসীক এক নতুন ৰাজনৈতিক পৰিৱৰ্তনৰ বাৰ্তা দিব।

আগন্তুক নিৰ্বাচনত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আৰু বিজেপিৰ ভুৱা প্ৰতিশ্ৰুতিৰ বিৰুদ্ধে থিয় হ’বলৈ তেওঁ ৰাইজক আহ্বান জনায়। বিশেষকৈ থলুৱা ৰাইজক তেওঁলোকৰ ভোটৰ সুৰক্ষা নিশ্চিত কৰিবলৈ তেওঁ অনুৰোধ কৰে। গগৈৰ মতে এইবাৰ নিৰ্বাচনত ৰাইজে মামা-মামীৰ ৰাজনীতিৰ পৰা অসমক মুক্ত কৰিব আৰু কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটক আশীৰ্বাদ দিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm
নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

August 16, 2026 5:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd