নাটকীয় ৰূপত সঘনাই পট পৰিবৰ্তন হৈছে মহাৰাষ্ট্ৰৰ ৰাজনীতিত। উচ্চতম ন্যায়ালয়ে বুধবাৰে উদ্ধৱ ঠাকৰে শিবিৰৰ আবেদন নাকচ কৰি আস্থাভোট অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতে মুখ্যমন্ত্ৰী আসনৰ লগতে পদৰ লগতে বিধায়ক পদৰ পৰাও পদত্যাগ কৰিছিল ঠাকৰেই।
ঠাকৰেৰ পদত্যাগৰ পিছতে মহাৰাষ্ট্ৰ বিধানসভাত আস্থাভোটৰ প্ৰয়োজনীয়তা নোহোৱা হৈ পৰে। এনে পৰিস্থিতিত ৰাজ্যখনৰ ৰাজ্যপাল ভগত সিং কোশিয়াৰীয়ে আস্থাভোট স্থগিত ৰাখিবলৈ নিৰ্দেশ দিয়াৰ কথা জানিব পৰা গৈছে।
ঠাকৰেৰ পদত্যাগ আৰু আস্থাভোটৰ বাতিলৰ পিছতে মহাৰাষ্ট্ৰত নতুন চৰকাৰ গঠনৰ পূৰ্ণ প্ৰস্তুতি চলিছে। বিসম্বাদৰ ৰাজনীতিয়ে ৰাজ্যখনত সৃষ্টি কৰা ৰাজনৈতিক সংকটৰ সৈতে কোনো সম্পৰ্ক নাই বুলি দাবী কৰি অহা বিজেপিৰ নেতৃত্বতে ৰাজ্য খনত নতুন চৰকাৰ গঠন হ’ব বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে।
বিসম্বাদৰ সূচনা কৰা একনাথ সিন্দেৰ সমৰ্থনত ৰাজ্যখনৰ পূৰ্বৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ দেৱেন্দ্ৰ ফাড়নবিছৰ নেতৃত্বত নতুন চৰকাৰ গঠন হোৱাটো প্ৰায় চূড়ান্ত হৈ পৰিছে। বিজেপিৰ নেতৃত্বত গঠন কৰিবলগীয়া চৰকাৰত একনাথ সিন্দেই উপ মুখ্যমন্ত্ৰীৰ পদ লাভ কৰাৰ সম্ভাৱনা আছে বুলিও সূত্ৰটোৱে প্ৰকাশ কৰিছে।
আনহাতে বিসম্বাদী বিধায়কসকলে আজি গোৱাত এক বৈঠকত মিলিত হ’ব। বৈঠকৰ পিছতে বিসম্বাদী শিবিৰে মহাৰাষ্ট্ৰলৈ উভতিব আৰু ৰাজ্যৰ ৰাজ্যপালক সাক্ষাৎ কৰিব বুলি জানিব পৰা গৈছে।
উদ্ধৱ ঠাকৰেৰ পদত্যাগৰ পিছতে মহাৰাষ্ট্ৰ বিজেপিৰ নেতৃত্বই তাজ হোটেলত এক বিজয় উৎসৱ আয়োজন কৰা দেখিবলৈ পোৱা গৈছিল। মহাৰাষ্ট্ৰ বিজেপিয়ে টুইট যোগে ফাড়নবিছৰ এক ভাষণৰ ভিডিঅ’ শ্বেয়াৰ কৰিছিল।
ভিডিঅ’টোত ফাড়নবিছে ‘এক নতুন মহাৰাষ্ট্ৰ নিৰ্মাণৰ বাবে মই পুনৰ উভতি আহিম’ বুলি মন্তব্য কৰা দেখিবলৈ পোৱা গৈছিল। ইয়াৰ লগে লগে বিজেপিৰ নেতৃত্বতে যে মহাৰাষ্ট্ৰৰ নতুন চৰকাৰ গঠন হ’ব, ই পৰিষ্কাৰ হৈ পৰিছিল।