লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত যোগদান কৰিলে হাৰিয়ানাৰ বিজেপি সাংসদ ব্রিজেন্দ্ৰ সিঙে।
দেওবাৰে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ উপস্থিতিত দলটোত যোগদান কৰে সাংসদ গৰাকীয়ে।
ইয়াৰ পূৰ্বে দেওবাৰে “বাধ্য ৰাজনৈতিক কাৰণত” বিজেপি দলৰ প্ৰাথমিক সদস্যপদৰ পৰা পদত্যাগ কৰে সাংসদগৰাকীয়ে।
“মই বাধ্যতামূলক ৰাজনৈতিক কাৰণত বিজেপিৰ প্ৰাথমিক সদস্যপদৰ পৰা পদত্যাগ কৰিছো। মোক সংসদ হিচাপে সেৱা আগবঢ়াবলৈ সুযোগ প্ৰদান কৰাৰ বাবে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীযুত জে পি নাড্ডা, প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোডী আৰু শ্ৰী অমিত শ্বাহক কৃতজ্ঞতা জ্ঞাপন কৰিছো।” – টুইটযোগে এইদৰে কয় ব্রিজেন্দ্ৰ সিঙে।
I have resigned from the primary membership of BJP,due to compelling political reasons.
I extend gratitude to the party, National President Sh. JP Nadda, Prime Minister Sh. Narendra Modi, & Sh Amit Shah for giving me the opportunity to serve as the Member of Parliament for Hisar.— Brijendra Singh (@BrijendraSpeaks) March 10, 2024
বিজেন্দ্ৰ সিঙে কংগ্ৰেছ দলত যোগদান কৰাৰ সময়ত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অজয় মাকেন, মুকুল ৱাছনিক, আৰু দীপক বাবাৰিয়াও উপস্থিত আছিল।
কংগ্ৰেছৰ সূত্ৰ অনুসৰি সিঙ এতিয়া কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাবে হিছাৰ সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াবলৈ সাজু হৈছে।
#WATCH | Haryana's Hisar BJP MP Brijendra Singh joins the Congress Party in the presence of party president Mallikarjun Kharge. https://t.co/M2MiDj7zlf pic.twitter.com/e7a97oqQWM
— ANI (@ANI) March 10, 2024
উল্লেখ্য যে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত হিছাৰ সমষ্টিত বিজেন্দ্ৰ সিঙে জেজেপিৰ দুষ্যন্ত চৌটালা আৰু তেতিয়া কংগ্ৰেছৰ সৈতে মিত্ৰতা হোৱা ভৱ্য বিষ্ণোইক পৰাস্ত বিজয়ী সাব্যস্ত কৰিছিল।