• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ন-বিজেপি আৰু পুৰণি বিজেপিৰ মাজত কোনো সংঘাত নাই : দিলীপ শইকীয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 2, 2025 8:17 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৫ চনৰ আৰম্ভণিতে ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে দায়িত্ব লয় বিজেপিৰ জ্যেষ্ঠ নেতা দিলীপ শইকীয়াই।

উল্লেখ্য যে দলৰ সভাপতি হিচাপে শইকীয়াৰ নিযুক্তি এনে এক গুৰুত্বপূৰ্ণ সময়ত হৈছে যেতিয়া দলৰ ভিতৰত আভ্যন্তৰীণ বিভাজন আলোচনাৰ বিষয় হৈ পৰিছে।

Apply Now

বিজেপি দলৰ জ্যেষ্ঠ নেতাসকলৰ মাজত  ৰাজহুৱাভাৱেই চলিছে বাক-বিতণ্ডা।

২০২৩ চনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ প্ৰতিবাদত মন্ত্ৰীসভাৰ পদৰ পৰা পদত্যাগ কৰাৰ লগতে মুকলিকৈ অভিযোগ উত্থাপন কৰি কৈছিল যে দলৰ ভিতৰত ক্ষমতাৰ ভাৰসাম্য বজাই ৰখাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিফল হৈছে।

আনকি মুখ্যমন্ত্রীগৰাকীয়ে বিজেপিক বিপথে পৰিচালিত কৰিছে বুলিও অভিযোগ উত্থাপন কৰে বিজেপিৰ প্রবীণ নেতাগৰাকীয়ে৷

২০২৪ চনৰ লোকসভা নির্বাচনৰ সময়ত অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই গোহাঁইক দল বিৰোধী বক্তব্য নিদিবলৈ কঠোৰভাবে সকীয়াই দিয়াৰ সময়তে পুনৰ আৰম্ভ হয় ন-বিজেপি আৰু পুৰণি বিজেপিৰ সংঘাতৰ আলোচনা।

ৰাজেন গোঁহাই সম্পৰ্কত হিমন্ত বিশ্ব শৰ্মাই কয়, “সেইজন ব্যক্তি দলত থাকিব নে নাথাকিব সেয়া বিজেপিয়েহে সিদ্ধান্ত ল’ব৷”

এইবোৰ চলি থকাৰ মাজতে দলৰ ৰাজ্যিক সভাপতি হিচাপে নিযুক্তি দিয়া হয় দিলীপ শইকীয়াক। এতিয়া যেন দিলীপ শইকীয়াৰ নেতৃত্বত দলৰ ভিতৰত ঐক্য পুনৰুদ্ধাৰৰ প্ৰচেষ্টা চলি আছে।

উল্লেখ্য যে কাৰ্যভাৰ গ্ৰহণ কৰাৰ লগে লগে শইকীয়াই বিজেপিৰ প্ৰবীণ কৰ্মকৰ্তাসকলক সাক্ষাৎ কৰি তেওঁলোকৰ আশীৰ্বাদ গ্ৰহণ কৰিছিল।

এইক্ষেত্ৰত অন্যতম উল্লেখযোগ্য মুহূৰ্ত আছিল ৰাজেন গোহাঁইৰ সৈতে হোৱা সাক্ষাৎ। অকল সাক্ষাৎ কৰাই নহয় নতুন সভাপতি দিলীপ শইকীয়াক ৰাজেন গোঁহাইয়ে সম্বৰ্ধনাও প্ৰদান কৰিছিল।

শেহতীয়াকৈ সংবাদ মাধ্যমৰ এক আছুতীয়া সাক্ষাৎকাৰত ৰাজ্যিক বিজেপিৰ সভাপতি শইকীয়াই দলৰ সামূহিক দৃষ্টিভংগী আৰু ঐক্যৰ ওপৰত গুৰুত্ব দি পুৰণি আৰু নতুন দলীয় কৰ্মীৰ মাজত বিভাজনৰ নাই হোৱা বুলি স্পষ্টীকৰণ দিয়ে।

সাক্ষাৎকাৰটোত তেওঁ দৃঢ়তাৰে কয়, ‘বিজেপি এটা পৰিয়াল। আমাৰ লগত মতাদৰ্শগত আৰু ৰাজনৈতিকভাৱে একত্ৰিত হোৱাসকলৰ এক উমৈহতীয়া লক্ষ্য আছে—ভাৰতক বিশ্বগুৰু কৰি অসমক উন্নত প্ৰদেশলৈ ৰূপান্তৰিত কৰাই আমাৰ লক্ষ্য। বিজেপিত পুৰণি আৰু নতুন কৰ্মকৰ্তাৰ মাজত কোনো পাৰ্থক্য নাই; প্ৰচাৰ কৰা এনে আখ্যান সম্পূৰ্ণৰূপে ভিত্তিহীন।”

শইকীয়াই কয় যে মুখ্যমন্ত্ৰী শৰ্মা আৰু ৰাজেন গোহাঁইৰ মাজত কোনো সংঘাত নাই। যিকোনো পৰিয়ালতে জ্যেষ্ঠ সদস্যসকলে স্বাভাৱিকতে ইয়াৰ ভৱিষ্যতক লৈ অধিক চিন্তিত হয়, আৰু ৰাজেন গোহাঁইৰ ক্ষেত্ৰতো একেই কথা। দল আৰু অসমৰ প্ৰগতিৰ প্ৰতি তেওঁৰ দায়বদ্ধতা অদম্য হৈয়েই আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

July 5, 2026 7:37 am
মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd