ধৰ্ষণৰ গোচৰত ৰঙাঘৰৰ ভাত খাব লগা হৈছে বিজেপিৰ যুৱমৰ্চাৰ এগৰাকী নেতা।
বিজেপিৰ মণ্ডল অধ্যক্ষ ৰূপে দলীয় কাম কাজ কৰি অহা মধ্যপ্ৰদেশৰ জবলপুৰৰ বাসিন্দা নেতাগৰাকীৰ নাম হৈছে ৰাজেশ শ্ৰীবাস্তৱ।
মধ্যপ্ৰদেশ আৰক্ষীয়ে তেওঁক এগৰাকী মহিলাৰ ওপৰত ধৰ্ষণ আৰু প্ৰৱঞ্চনা চলোৱাৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে।
প্ৰৱঞ্চিত মহিলাগৰাকীয়ে তেওঁৰ স্বামীৰ স’তে আৰক্ষীৰ কাষ চপাৰ পাছতে সমগ্ৰ কাণ্ডটো পোহৰলৈ আহে।
জবলপুৰ আৰক্ষীৰ মতে, শ্ৰীবাস্তৱে মহিলাগৰাকীৰ ঘৰলৈ স্বামী নথকা অৱস্থাত প্ৰায়ে অহা-যোৱা কৰি আছিল।
মহিলাগৰাকীৰ স্বামী এজন চৰকাৰী কৰ্মচাৰী, সেইসূত্ৰে তেওঁ ঘৰত নাথাকিছিল।
মহিলাগৰাকীয়ে নিজৰ অভিযোগপত্ৰত উল্লেখ কৰা যে এদিন মহিলাগৰাকীক অচেতন কৰি বিজেপি যুৱ মৰ্চাৰ নেতাজনে ধৰ্ষণ কৰে।
মহিলাগৰাকীয়ে আৰু জনায় যে যুৱ মৰ্চাৰ নেতাজনে তেওঁৰ কিছু আপত্তিজনক ফটো আৰু ভিডিঅ’ উঠায় আৰু লগতে ভাবুকিও প্ৰদান কৰে।
যেতিয়া মহিলাগৰাকীয়ে ২০২০ চনৰ ছেপ্টেম্বৰত স্বামীৰ লগত থাকিবলৈ গুছি যোৱাত যুৱ মৰ্চাৰ নেতাজনে তেওঁক তাৰ পৰা গুছি আহিবলৈ দাবী জনায়।
আৰু যদি তেওঁ গুচি নাহে, তেন্তে আপত্তিজনক ফটো আৰু ভিডিঅ’সমূহ তেওঁৰ স্বামীলৈ প্ৰেৰণ কৰিব বুলি ভাবুকি প্ৰদান কৰে।
তাৰপাছত মহিলাগৰাকীৰ যুৱ মৰ্চাৰ নেতাজনৰ কথা অগ্ৰাহ্য কৰে।
লগে লগে নেতাজনে ভিডিঅ’ আৰু ফটোসমূহ মহিলাগৰাকীৰ স্বামীলৈ প্ৰেৰণ কৰে।
কিন্তু কোনোধৰণৰ পাৰিবাৰিক অশান্তৰ সূত্ৰপাত নঘটাই পতি-পত্নী, দুয়ো আৰক্ষী থানালৈ যায়।
আৰক্ষীয়ে নেতাজনক ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬ (২-এন), ৫০৬ আই, ২৮৪ আৰু ৩৮৪ ধাৰাত গোচৰ আৰোপ কৰে।
ঘটনাটোৰ ৰাজ্যখনৰ বিৰোধী দল কংগ্ৰেছে কৈছে যে বিজেপি নেতাজনে সকলো সীমা লংঘন কৰি গৈছে।
আনহাতে, ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰাজনীশ আগৰৱালে কয় যে তেওঁ সম্পৰ্কত অৱগত নহয় যদিও আইনে নিজৰ বাট ল’ব বুলি তেওঁ বিশ্বাসী।