NORTHEAST NOW (Assamese)

বান্দৰেহে নুবুজে নাৰিকলৰ মোল! কিন্তু গোপন কেমেৰা পাই আনন্দতে ৪০০ চেলফি তুলিলে ভালুকে

January 31, 2023 1:45 pm · এন ই নাও নিউজ, গুৱাহাটী

আজিকালি শিশুৰ পৰা বৃদ্ধলৈকে চেলফি লোৱাত সকলো দক্ষ হৈ পৰিছে। আনকি আজৰি সময়তো বহুলোকে সময় কটোৱাৰ বাবে চেলফি লোৱাত মগ্ন থাকে। দৰাচলতে আজিকালি বেছিভাগ মানুহৰ বাবে স্মাৰ্ট ফোনৰ আন বিশেষত্ব যিয়েই নাথাকক, কেমেৰাৰ মানদণ্ড বিশেষকৈ চেলফি কেমেৰা ভাল হোৱাৰ চাহিদা আছে। কিন্তু এবাৰতে বাৰু কিমান চেলফি ল’ব পাৰি! বৰ বেছি ১০-২০টা হ’ব পাৰে। তথাপি, প্ৰবল হেঁপাহ থাকিলে ধৰি ল’ব পাৰি সেয়া ৪০-৫০টা। কিন্তু তেতিয়াও কিন্তু আপুনি হাৰি গৈছে এটা ভালুকৰ হাতত।

কিয়নো হঠাতে হাতৰ কাষত কেমেৰা পাই এটা দুটা নহয়, একেৰাহে ৪০০ টা চেলফি ল’লে এটা ভালুকে। তাৰে কিছুমান চেলফি সামাজিক মাধ্যমত পোষ্ট কৰা হৈছে, যিটো দেখি স্বাভাৱিকতে নেটিজেনসকলে আমোদ পাইছে।

ঘটনাটো কলোৰাডোৰ বুলডাৰৰ জংঘলত সংঘটিত হৈছিল। আন বহুতো জংঘলৰ দৰে ইয়াতো বন্যপ্ৰাণীবোৰ গোপন কেমেৰাৰে নিৰীক্ষণ কৰা হয়। এটা সংস্থাৰ  সেই গোপন কেমেৰাত ভালুকৰ অগণন চেলফি ধৰা পৰিছে।

বুল্ডাৰ অপেন স্পেচ মাউণ্টেইন পাৰ্ক (বোল্ডাৰ অ’এছএমপি) নামৰ সেই সংস্থাটোৱে টুইটাৰত ভালুকটোৰ কিছু চেলফি শ্বেয়াৰ কৰিছে। একে সময়তে কৌতুকৰ সুৰত কোম্পানীটোৱে পোষ্টটোৰ শিৰোনামত লিখিছে, “শেহতীয়াকৈ এটা ভালুকে এটা ৱাইল্ডলাইফ কেমেৰা আৱিষ্কাৰ কৰিছে যাক আমি বন্যপ্ৰাণী নিৰীক্ষণ কৰিবলৈ ব্যৱহাৰ কৰোঁ। আৰু সেই কেমেৰাত তোলা ৫৮০ খন ফটোৰ ভিতৰত আছে ৪০০ খন ভালুকটোৰ চেলফি।”

উক্ত ধেমেলীয়া পোষ্টটো ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে। মাত্ৰ কেইদিনমানৰ ভিতৰতে, কেইবালাখো লোকে পোষ্টটো চাইছে আৰু এই সংখ্যাটো বাঢ়ি গৈ আছে। লগতে কেইবা হাজাৰোৰো অধিক লাইক আহিছে। ইয়াৰ উপৰিও, মানুহে এনে ধৰণৰ ধেমেলীয়া পোষ্টৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিভিন্ন ধৰণৰ মন্তব্য দিয়ে।

ভালুকটো চেলফি লোৱাত ইমান ব্যস্ত আছিল যে কিছুমান নেটিজেনে ধেমেলীয়া ধৰণে মন্তব্য কৰে যে বাকী জন্তুবোৰে সুযোগেই নাপালে। আন এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে কৌতুক কৰি কয়, “এই ভালুকটোক এটা ইনষ্টাগ্ৰাম প্ৰ’ফাইল দিয়ক।‘’

Related News