বঙাইগাঁৱত ‘কা’ বাতিলৰ দাবীত আছুৰ ক’লা দিৱস পালন

‘কা’ বাতিলৰ দাবীত শনিবাৰে বঙাইগাঁৱত আছুই ক’লা পতাকা উৰুৱাই ক’লা দিৱস পালন কৰে ৷

বঙাইগাঁও জিলা ছাত্ৰ সন্থাই কাৰ্যালয়ৰ সন্মুখৰ ৰাজহুৱা স্থানত ক’লা পতাকা উৰুৱাই এই ক’লা দিৱস পালন কৰি অসাংবিধানিক ‘কা’ বাতিলৰ দাবী জনায় ৷

উল্লেখ্য যে বি জে পি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ২০১৯ চনৰ ১১ ডিচেম্বৰত অবৈধ বাংলাদেশীৰ ৰক্ষক, খিলঞ্জীয়া বিৰোধী তথা উত্তৰ পূৰ্বাঞ্চাল বিৰোধী, সাম্প্ৰদায়িক আৰু অসাংবিধানিক নাগৰিকত্ব সংশোধনী আইন ২০১৯ ( কা) বলপূৰ্বকভাৱে জাপি দিছিল ৷

উক্তদিনটো উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনে (নেছ ) ক’লা দিৱস হিচাপে পালন কৰি আহিছে ৷

সেয়ে উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনৰ আহ্বানত সদৌ অসম ছাত্ৰ সন্থায়ো ৰাজ্যৰ প্ৰতিখন জিলা সদৰত ক’লা পতাকা উত্তোলন কৰি ক’লা দিৱস পালন কৰে ৷