• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁৱত অব্যাহত ব্লেক মেনৰ আতংক : নেতৃস্থানীয় লোকৰ সৈতে জিলা উপায়ুক্তৰ বৈঠক

প্ৰণৱ কুমাৰ ডেকা by প্ৰণৱ কুমাৰ ডেকা
July 26, 2021 6:07 pm
dc
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত কিছুদিন ধৰি বঙাইগাঁও জিলাৰ বইটামাৰী, সৃজনগ্ৰাম,পালপাৰা, নতুনপাৰা আদি ঠাইত ক’লা মানুহৰ বাতৰি বিয়পি পৰা সন্দৰ্ভত জিলা প্ৰশাসনে সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে।

বইটামাৰী, সৃজনগ্ৰাম আদি ঠাইত স্থানীয় লোকৰ সৈতে ৰাজহ চক্ৰ বিষয়াৰ পৰ্যায়ত ইতিমধ্যে সভা অনুষ্ঠিত কৰা হৈছে। এই সন্দৰ্ভত বঙাইগাঁও জিলাৰ উপায়ুক্ত ডা: এম এচ লক্ষ্মী প্ৰিয়াই জিলাখনৰ উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাসহ অতিৰিক্ত উপায়ুক্ত, মহকুমাধিপতি, মহকুমা আৰক্ষী বিষয়া , সংবাদ মাধ্যমৰ লোক তথা নেতৃস্থানীয় লোকৰ সৈতে এক বিশেষ আলোচনা সভাত মিলিত হয়।

Apply Now

সভাত বইটামাৰী, লেংটিছিঙা, মালেগড়, ৰৌমাৰী, হৰিপুৰ, পীৰাধৰা, বাতাবাৰী, দেওহাটী, চেদামাৰী, ৰাঙাপানী, অভয়াপুৰী চহৰ আদি ঠাইৰ পৰা উপস্থিত থকা গাঁওৰক্ষী বাহিনী আৰু গাঁও-পঞ্চায়তৰ সভাপতি আদি নেতৃস্থানীয় কেবাগৰাকীও লোকে ক’লা মানুহ সন্দৰ্ভত নিজৰ নিজৰ বক্তব্য দাঙি ধৰে।

তেওঁলোকে কোৱা অনুসৰি কোনেও আজিলৈকে কোনো ক’লা মানুহ দেখা নাই। গাঁওৰক্ষী বাহিনীৰ লোকেও নিজৰ বক্তব্য দাঙি ধৰে যে তেওঁলোকে নিয়মিত পহৰা দি আছে আৰু এতিয়ালৈকে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই।

সংবাদ মাধ্যমৰ কেবাগৰাকীও লোকে কয় যে পহৰা দিয়া লোকসকলে যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নকৰে তাৰ বাবে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

জিলা উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়াই কয় যে জিলা প্ৰশাসনৰ লগত সমাজৰ নেতৃস্থানীয় লোকসকলে সহযোগিতাৰে কাম কৰিব লাগিব যাতে সাধাৰণ ৰাইজ এনেধৰণৰ উৰাবাতৰিৰ দ্বাৰা আতংকিত নহয়।

উদ্দেশ্য প্ৰণোদিতভাৱে কিছুমান লোকে এনে বাতৰি বিয়পাই নিজৰ অসৎ অভিপ্ৰায় পূৰণ কৰিব বিচাৰিছে।

উপায়ুক্তগৰাকীয়ে কয় যে আৰক্ষী অধীক্ষকে গাঁওৰক্ষী বাহিনীৰ লোকক মাতি আনি সভা পাতিব লাগে  আৰু নিজৰ নিজৰ এলেকাৰ সাধাৰণ ৰাইজক বুজাব লাগে যে ক’লা মানুহ বুলি একো কোনেও প্ৰত্যক্ষভাৱে দেখা নাই আৰু ৰাতি পুলিচ পেট্ৰোলিং তীক্ষ্ণ কৰিব লাগে।

আনহাতে জিলা পৰিষদে গাঁও-পঞ্চায়ত এলেকাসমূহত মাইকযোগে ৰাইজক ক’লা মানুহৰ উৰাবাতৰিত আতংকিত নহ’বলৈ আহ্বান জনাব লাগে। গাঁও-পঞ্চায়তৰ ৱাৰ্ডবোৰতো সভা পাতিব লাগে।

গাঁৱৰ মহিলাসকলকো বুজাব লাগে যে কিবা অনাকাংক্ষিত ঘটনা সংঘটিত হ’লে আৰক্ষী আৰু প্ৰশাসনৰ লোকক জনাব লাগে।কিছুমান মানুহে হয়তো ক’লা মানুহৰ আতংক বিয়পাই নিজে শত্ৰু জ্ঞান কৰা লোকৰ ওপৰত প্ৰতিশোধ লোৱাৰ অভিসন্ধি কৰিব পাৰে।

গতিকে আমি জনসাধৰণৰ মাজত সজাগতা আনিব লাগিব। আনহাতে

সভাত জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই কয় যে সময়ে সময়ে কিছুমান দুষ্ট লোকে নিজৰ উদ্দেশ্য সিদ্ধিৰ বাবে কিছুমান ভিত্তিহীন বাতৰি বিয়পায়।

গতিকে কিবা অবাঞ্চিত ঘটনা সংঘটিত হ’লে আৰক্ষী প্ৰশাসনক জনাবলৈ নেতৃস্থানীয় লোকসকলক তেওঁ আহ্বান জনায়। সেইদৰে তেওঁ সংবাদ মাধ্যমৰ লোকসকলক আহ্বান জনায় যাতে কোনো ভিত্তিহীন বাতৰি সংবাদ মাধ্যমত প্ৰচাৰ নকৰে।

প্ৰণৱ কুমাৰ ডেকা

প্ৰণৱ কুমাৰ ডেকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd