পাক প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে বিদ্বেষমূলক শ্ল’গান: বিপদত ইমৰান খান, গ্ৰেপ্তাৰৰ সম্ভাৱনা

Imran Khan

বিপদে লগ নেৰা হৈছে প্ৰাক্তন পাক প্ৰধানমন্ত্ৰী ইমৰান খানক। কিছুদিন পূৰ্বে ক্ষমতাৰ পৰা অপসাৰিত হোৱাৰ পিছত এইবাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী কাৰগাৰমুখী হোৱাৰ সম্ভাৱনা গা কৰি উঠিছে।

ফৈজালাবাদত ইমৰান খানৰ বিৰুদ্ধে বিদ্বেষৰ এটা গোচৰ ৰুজু কৰা হৈছে। কেইদিনমান পূৰ্বে ইমৰানৰ দল পাকিস্তান তেহৰিক-ই-ইনচাফৰ কৰ্মী আৰু সমৰ্থকসকলে চৌদি আৰৱৰ মদিনা ভ্ৰমণৰত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল।

প্ৰতিবাদৰ সময়ত তেহৰিক-ই-ইনচাফৰ কৰ্মী আৰু সমৰ্থকসকলে শ্বাহবাজ শ্বৰীফক উদ্দেশ্যি “চোৰ চোৰ” বুলি শ্ল’গান দিছিল।এই সন্দৰ্ভত বৰ্তমানৰ পাকিস্তান চৰকাৰে ইমৰান খান আৰু আন কেইবাজনৰো বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

পাকিস্তানী সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, দেশখনৰ অভ্যন্তৰীণ মন্ত্ৰী ৰাণা ছানাউল্লাহে ইমৰান খানৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। তেওঁ ইমৰান খানক গ্ৰেপ্তাৰ কৰাৰ সতৰ্কবাণী দিছে।

গোচৰটোৰ বাকী অভিযুক্তসকলৰ তালিকাত প্ৰাক্তন আভ্যন্তৰীণ মন্ত্ৰী শ্বেখ ৰছিদ আৰু ইমৰান খানৰ মুখ্য কৰ্মচাৰী শ্বাহবাজ গিলৰ নামো অন্তৰ্ভুক্ত আছে।

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এটা ভিডিঅ’ত শ্বাহবাজ আৰু তেওঁৰ নেতৃত্বত দলটোৰ সদস্যসকলে বৃহস্পতিবাৰে মদিনাৰ পয়গম্বৰমছত ভৰি দিয়াৰ সময়ত তেওঁলোকক উদ্দেশ্যি তেহৰিক-ই-ইনচাফৰ কৰ্মীসকলে “চোৰ, বিশ্বাসঘাতক” আদি শব্দৰে আক্ৰমণ কৰাৰ দৃশ্য প্ৰকাশ পাইছে।

মদিনা আৰক্ষীয়ে ইতিমধ্যে ঘটনাটোত জড়িত থকাৰ অভিযোগত পাঁচজন পাকিস্তানীক গ্ৰেপ্তাৰ কৰিছে।

আনহাতে ইমৰান খানে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ নাকচ কৰিছে। বৰ্তমানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত তেওঁ জড়িত নহয় বুলি দাবী কৰিছে ইমৰান খানে।

এটা টিভি সাক্ষাৎকাৰত তেওঁ কয় যে এনে এক পবিত্ৰ তীৰ্থগৃহত তেওঁ কাকো বিদ্বেষমূলক শ্ল’গান দিবলৈ নিৰ্দেশ দিয়াৰ কল্পনা কৰিব নোৱাৰে।