৫৬ বাৰ ৰক্ত দান কৰা শ্বাহাজাদা হুছেইনক তেজপুৰত সম্বৰ্ধনা

ৰক্তই জীৱন এক স্বেচ্ছাসেৱী সংস্থাই আজি তেজপুৰৰ ঈদগাহ সমূহীয়াভৱনত এখন সাধাৰণ সভাৰ লগতে সজাগতা সভাও আয়োজন কৰে।

আজিৰ সভাতে সংস্থাটোৱে বিশিষ্ট ৰক্তদাতা তথা ৫৬ বাৰ ৰক্তদান কৰি বহু জনৰ জীৱন ৰক্ষা কৰা শ্বাহাজাদা হুছেইনক সম্বৰ্ধনা জনোৱা হয়।

উল্লেখযোগ্য যে ৰক্তদানৰ লগতে শৰীৰ চৰ্চাৰ লগত জড়িত শ্বাহাজাদা হুছেইনে ২০০৯ চনত মিষ্টাৰ ইণ্ডিয়া খিতাপ লাভ কৰিছিল।

ৰক্তই জীৱন এক স্বেচ্ছাসেৱী সংস্থাটো ২০১৬ চনত প্ৰতিজন ধনী-দুখীয়া অসহায় লোকক নিস্বাৰ্থভাৱে সহায় কৰাৰ মানসেৰে গঠন কৰা হৈছিল।

উক্ত সংস্থাটোৱে বহু অসহায় লোকক সহায় কৰাৰ উপৰি চিকিৎসালয়ত ভৰ্তি হৈ থকা অসহায় লোকক বিনামূল্যে ৰক্ত যোগান ধৰি বহুলোকৰ জীৱন ৰক্ষা কৰি আহিছে।