• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শৌচৰ সৈতে তেজ যোৱা কাৰ্যক অৱহেলা নকৰিব, ই হ’ব পাৰে মাৰাত্মক কেন্সাৰৰ পূৰ্ব লক্ষণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:42 am
208
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাম্প্ৰতিক দ্ৰুতগতিত সলনি হোৱা জীৱনশৈলী, অস্বাস্থ্যকৰ খাদ্যাভ্যাস আৰু শাৰীৰিক পৰিশ্ৰমহীন কৰ্মপদ্ধতিৰ বাবে সমগ্ৰ দেশতে পেট বা হজমৰ সমস্যা ক্ৰমাগতভাৱে বৃদ্ধি পাবলৈ ধৰিছে। শেহতীয়াকৈ কৰা এক দেশজুৰি সমীক্ষাত পোহৰলৈ আহিছে যে বেছিভাগ মানুহেই হজমৰ সমস্যা বা শৌচত তেজ যোৱাৰ দৰে গুৰুতৰ লক্ষণসমূহক সাধাৰণ বুলি আওকাণ কৰি নিজে নিজে ঔষধ সেৱন (Self-medication) কৰে। বিশেষজ্ঞসকলৰ মতে, শৌচৰ সৈতে তেজ যোৱাটো ক‘ল‘ৰেক্টেল কেন্সাৰ অৰ্থাৎ বৃহদান্ত্ৰ আৰু মলাশয়ৰ কৰ্কট ৰোগৰ এক অন্যতম প্ৰাথমিক লক্ষণ হ‘ব পাৰে। কিন্তু সজাগতাৰ অভাৱৰ বাবেই সৰহসংখ্যক ৰোগীৰ ক্ষেত্ৰত এই ৰোগ অতি পলমকৈ ধৰা পৰে, যাৰ ফলত চিকিৎসা প্ৰক্ৰিয়া জটিল হৈ পৰে।

মাৰ্চ মাহটোক সমগ্ৰ বিশ্বতে ক‘ল‘ৰেক্টেল কেন্সাৰ সজাগতা মাহ হিচাপে পালন কৰা হয় আৰু ইয়াৰ সৈতে সংগতি ৰাখিয়েই দিল্লী, মুম্বাই, বেংগালুৰু, চেন্নাই, হায়দৰাবাদকে ধৰি দেশৰ ১৪খন আগশাৰীৰ চহৰত এক বৃহৎ সমীক্ষা চলোৱা হৈছিল। ২৫ৰ পৰা ৬৫ বছৰ বয়সৰ ১০,০০০ তকৈ অধিক লোকৰ মাজত চলোৱা এই সমীক্ষাত দেখা গৈছে যে ৮০ শতাংশতকৈ অধিক লোকেই এচিডিটি, বদহজম বা কোষ্ঠকাঠিন্যৰ দৰে সমস্যাৰ বাবে চিকিৎসকৰ কাষ চপাৰ পৰিৱৰ্তে নিজাববীয়াকৈ ঔষধ সেৱন কৰে। আটাইতকৈ উদ্বেগজনক কথাটো হ‘ল, সমীক্ষাত অংশগ্ৰহণ কৰা ৮০ শতাংশতকৈ অধিক লোকেই নাজানে যে শৌচত তেজ যোৱাটো ক‘ল‘ৰেক্টেল কেন্সাৰৰ পূৰ্বজাননী হ‘ব পাৰে। আনহাতে, প্ৰায় ৪০ শতাংশ লোকে পেটৰ বিভিন্ন সমস্যাবোৰ কেৱল জীৱনশৈলীৰ বাবে হোৱা বুলি ধৰি লৈ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণৰ পৰা বিৰত থাকে আৰু ৬৫ শতাংশতকৈ অধিক লোকে নিয়মীয়া শৌচৰ অভ্যাস ব্যাহত হোৱা বুলি স্বীকাৰ কৰিছে।

Apply Now

দিল্লীৰ ছাৰ গংগাৰাম হাস্পতালৰ মেডিকেল অংকলজী বিভাগৰ পৰামৰ্শদাতা ডাঃ আদিত্য ছাৰিনে এই সন্দৰ্ভত কয় যে বৰ্ধিত ক‘ল‘ৰেক্টেল কেন্সাৰৰ আঁৰত মানুহৰ অস্বাস্থ্যকৰ জীৱনশৈলীয়ে এক মুখ্য ভূমিকা পালন কৰিছে। সঘনাই বাহিৰৰ খাদ্য গ্ৰহণ, শাৰীৰিক ব্যায়ামৰ অভাৱ, ধঁপাত সেৱন আৰু মেদবহুলতাই এই কৰ্কট ৰোগৰ আশংকা বহু পৰিমাণে বৃদ্ধি কৰে। তেওঁ লগতে কয় যে আঁহযুক্ত বা ফাইবাৰযুক্ত খাদ্য গ্ৰহণ, নিয়মীয়া ব্যায়াম আৰু ধঁপাত বৰ্জন কৰাৰ লগতে নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰালে এই ৰোগৰ পৰা হাত সাৰিব পাৰি।

একেদৰে, দিল্লীৰ যশোদা মেডিচিটিৰ মেডিকেল অংকলজী বিভাগৰ উপ-াধ্যক্ষ ডাঃ মনীষ সিংঘালে সতৰ্ক কৰি দি কয় যে ক‘ল‘ৰেক্টেল কেন্সাৰ সাধাৰণতে বৃহদান্ত্ৰ বা মলাশয়ত ‘প‘লিপছ‘ (Polyps) নামৰ সৰু মাংসপিণ্ডৰ পৰা আৰম্ভ হয় আৰু সময়মতে চিকিৎসা নকৰিলে ই কৰ্কট ৰোগলৈ ৰূপান্তৰিত হয়। তেওঁৰ মতে, শৌচৰ অভ্যাসৰ অস্বাভাৱিক পৰিৱৰ্তন, শৌচত তেজ যোৱা, পেটৰ বিষ, অত্যধিক ভাগৰ লগা বা কাৰণ নোহোৱাকৈ ওজন হ্ৰাস পোৱা আদি লক্ষণসমূহ কেতিয়াও আওকাণ কৰিব নালাগে। ক‘ল‘ন‘স্কপিৰ দৰে স্ক্ৰীনিং পদ্ধতিৰে প্ৰাৰম্ভিক অৱস্থাতে এই ৰোগ ধৰা পেলাব পাৰিলে ইয়াৰ ফলপ্ৰসূ চিকিৎসা সম্ভৱ। সমীক্ষাত লগতে পোহৰলৈ আহিছে যে প্ৰায় ৩৯.৯ শতাংশ লোকে ধঁপাত সেৱন কৰে আৰু ২৫.১ শতাংশ লোকৰ পৰিয়ালত কৰ্কট ৰোগ বা অন্ত্ৰৰ আন ৰোগৰ ইতিহাস আছে। পৰিয়ালৰ ইতিহাস থকাৰ পিছতো বংশগত বিপদাশংকাৰ বিষয়ে বহুলোকে গুৰুত্ব প্ৰদান নকৰাটো অত্যন্ত চিন্তনীয় বিষয় বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

October 13, 2026 10:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd