NORTHEAST NOW (Assamese)

বি এম ডব্লিউৰ ভাৰতৰ মুখ্য কাৰ্য্যবাহী ৰুদ্ৰতেজ সিঙৰ হৃদক্ৰিয়া বন্ধ হৈ ৪৬ বছৰ বয়সত মৃত্যু

April 20, 2020 6:27 pm · এন ই নাও নিউজ
Updated: April 20, 2020 6:46 pm
ৰুদ্ৰতেজ সিং

বিলাসী বাহন নিৰ্মাতা প্ৰতিষ্ঠান বি এম ডব্লিউৰ ভাৰতৰ মুখ্য কাৰ্য্যবাহী ৰুদ্ৰতেজ সিঙৰ আজি ৰাতিপুৱা হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ বিয়োগ ঘটে।

হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা সিঙৰ মৃত্যুৰ সময়ত বয়স আছিল মাত্ৰ ৪৬ বছৰ।

বিলাসী বাহন নিৰ্মাতা প্ৰতিষ্ঠান বি এম ডব্লিউৰ ভাৰতৰ মুখ্য কাৰ্য্যবাহী হিচাপে ৰুদ্ৰতেজ সিঙক ২০১৯ চনৰ ১ আগষ্টত নি়যুক্তি দিয়া হৈছিল।

ৰুদ্ৰতেজ সিঙৰ ২৫ বছৰ বাহন নিৰ্মাতা প্ৰতিষ্ঠানত কাম কৰাৰ অভিজ্ঞতা আছিল।

বি এম ডব্লিউত যোগদানৰ পূৰ্বে সিঙে ৰোয়েল এনফিল্ডত গ্লোবেল প্ৰচিডেণ্ট হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল।

আনহাতে, ৰোয়েল এনফিল্ডত কাম কৰাৰ পূৰ্বে সিঙৰ হিন্দুস্তান য়ুনিলিভাৰ আদিৰ দৰে বৃহৎ গোষ্ঠীতো কাম কৰাৰ অভিজ্ঞতা আছিল।

ৰুদ্ৰতেজ সিঙে দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আছিল। সিঙৰ বিয়োগত বি এম ডব্লিউৰ তৰফৰ পৰা শোক ব্যক্ত কৰি শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

Related News