DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 11, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাও চলাচলত বঙাইগাঁও জিলা দণ্ডাধীশৰ, সংশোধিত নিৰ্দেশনা জাৰি

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
June 30, 2022 4:10 pm
83
VIEWS
Share on FacebookShare on Twitter

বঙাইগাঁও জিলাত জিলাখনৰ নৈসমূহত বৰ্ধিত জলপৃষ্ঠৰ বাবে যাত্ৰীৰ বিপদৰ আশংকা কৰি জিলা দণ্ডাধীশৰ এক নিৰ্দেশনামৰ্মে নাও চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছিল।

কিন্তু ডাংতল ৰাজহ চক্ৰৰ অধীনৰ চম্পাৱতী নৈৰ ছিকিবিকি-বিদ্যাপুৰ ঘাটেৰে নাও চলাচল বন্ধ হৈ থকা বাবে ইপাৰ-সিপাৰ হ’ব পৰা নাই ভাণ্ডাৰাণী, দুৰ্গামাৰী, হল্লাগুৰি, টাকুৱামাৰী, ছিকিবিকি, নাচোনকুৰি, বগুলামাৰী,বৰছৰা আৰু নইটামাৰা আদি কৰি ৯ খন গাঁৱৰ ৰাইজে।শেহতীয়াকৈ চম্পাৱতী নদীৰ জলপৃষ্ঠ ক্ৰমশ: হ্ৰাস হৈ থকা বুলি জানিব পাৰি লগতে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াই উক্ত স্থান পৰিদৰ্শন কৰি দিয়া প্ৰতিবেদনমৰ্মে বিশেষকৈ বিভিন্ন লোকৰ চিকিৎসা, শিক্ষা আৰু দৈনন্দিন কাৰ্যালয়ৰ কামৰ বাবে বিদ্যাপুৰলৈ যোৱাত অসুবিধাৰ সৃষ্টি হৈছে বুলি জানিব পাৰি কিছুমান চৰ্ত সাপেক্ষে বঙাইগাঁৱৰ জিলা দণ্ডাধীশ নবদ্বীপ পাঠকে নাও চলাচলৰ নিষেধাজ্ঞাত আংশিক সংশোধন কৰি ছিকিবিকি-বিদ্যাপুৰ ঘাটেৰে নাও চলাচলৰ নিৰ্দেশনা জাৰি কৰিছে।

সেই অনুসৰি ছিকিবিকি-বিদ্যাপুৰ ঘাটেৰে নাও চলাচলৰ ক্ষেত্ৰত এবাৰত সৰ্বোচ্ছ ১২জন যাত্ৰী লৈহে নাও চলাচল কৰিব পাৰিব। নাওত উঠাৰ বাবে প্ৰতিজন যাত্ৰীক টিকট দিয়া হ’ব আৰু তেওঁলোকৰ নাম-ঠিকনা, মোবাইল নম্বৰ আদি ৰেজিষ্ট্ৰাৰত লিখি ৰাখিব লাগিব।

নাওৰ গৰাকীয়ে যাত্ৰীসকলে জৰুৰী সময়ত কৰিবলগীয়া আৰু নকৰিবলগীয়া কাম, লাইফ জেকেটৰ ব্যৱহাৰ আদিৰ বিষয়ে ডাঙৰ ডাঙৰকৈ ক’ব লাগিব।আভ্যন্তৰীণ জলপৰিবহন বিভাগৰ নিয়মসমূহ লিখিতভাৱে যাত্ৰীসকলক দিয়া হ’ব।চাৰিজন যাত্ৰীৰ বিপৰীতে এটা লাইফবয় ৰিং থাকিব।লাইফবয়ৰ লগত ৩০ ফুট দীঘল ৰচী বন্ধা থাকিব।

প্ৰতিজন যাত্ৰীয়ে লাইফ জেকেট নিপিন্ধা পৰ্যন্ত নাও চলিব নোৱাৰিব। সকলো নাও মেগাফোন, চাইৰেন, এলডিছ লাইট আৰু মোবাইল ফোনেৰে সুসজ্জিত হ’ব লাগিব৷ সকলো নাওতে দুডালকৈ লংগৰ থাকিব লাগিব। প্ৰতিখন নাওতে যাত্ৰী কঢ়িওৱাৰ নিৰ্ধাৰিত আসনৰ সংখ্যা স্পষ্টকৈ দেখাকৈ চাইনবোৰ্ড আঁৰিব লাগিব।

সংশ্লিষ্ট কৰ্তৃপক্ষৰ আগতীয়া অনুমতি অবিহনে নাওৰ গৰাকী সলনি কৰিব নোৱাৰিব। বঙাইগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াই ডাংতল ৰাজহ চক্ৰৰ চম্পাৱতী নৈৰ ছিকিবিকি-বিদ্যাপুৰ ঘাটেৰে নাও চলাচলৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থাপনা গ্ৰহণ কৰিব।

Recent News

নৰ্থ ইষ্ট নাওৰ বাতৰি প্ৰভাৱ: জীৰমিকা তিমুংপিৰ সন্ধান লাভ কৰি নগাঁওৰ পৰা লৈ গ’ল বায়েক গ্ৰেছলিয়ে

নৰ্থ ইষ্ট নাওৰ বাতৰি প্ৰভাৱ: জীৰমিকা তিমুংপিৰ সন্ধান লাভ কৰি নগাঁওৰ পৰা লৈ গ’ল বায়েক গ্ৰেছলিয়ে

দল আৰু চৰকাৰৰ স্বাৰ্থত ব্যৱহাৰ কৰা হিতাধিকাৰী ব্যৱস্থা বন্ধ হওক; সৰ্বোচ্চ আদালতৰ সিদ্ধান্তক আদৰণি মানৱ অধিকাৰ কর্মীৰ

দল আৰু চৰকাৰৰ স্বাৰ্থত ব্যৱহাৰ কৰা হিতাধিকাৰী ব্যৱস্থা বন্ধ হওক; সৰ্বোচ্চ আদালতৰ সিদ্ধান্তক আদৰণি মানৱ অধিকাৰ কর্মীৰ

independence day Hiren Gohain

ৰাষ্ট্ৰৰ মালিক যেন জনসাধাৰণ নহয়, ক্ষমতাশালী মহলহে যেন ইয়াৰ মালিক! মন্তব্য ড০ হীৰেন গোহাঁইৰ

Shashi Tharoor: কংগ্ৰেছ সাংসদ শশী থাৰুৰলৈ ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘লিজিয়ন অফ অনাৰ’

Shashi Tharoor: কংগ্ৰেছ সাংসদ শশী থাৰুৰলৈ ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘লিজিয়ন অফ অনাৰ’

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd