NORTHEAST NOW (Assamese)

নাও চলাচলত বঙাইগাঁও জিলা দণ্ডাধীশৰ, সংশোধিত নিৰ্দেশনা জাৰি

June 30, 2022 4:10 pm · প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

বঙাইগাঁও জিলাত জিলাখনৰ নৈসমূহত বৰ্ধিত জলপৃষ্ঠৰ বাবে যাত্ৰীৰ বিপদৰ আশংকা কৰি জিলা দণ্ডাধীশৰ এক নিৰ্দেশনামৰ্মে নাও চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছিল।

কিন্তু ডাংতল ৰাজহ চক্ৰৰ অধীনৰ চম্পাৱতী নৈৰ ছিকিবিকি-বিদ্যাপুৰ ঘাটেৰে নাও চলাচল বন্ধ হৈ থকা বাবে ইপাৰ-সিপাৰ হ’ব পৰা নাই ভাণ্ডাৰাণী, দুৰ্গামাৰী, হল্লাগুৰি, টাকুৱামাৰী, ছিকিবিকি, নাচোনকুৰি, বগুলামাৰী,বৰছৰা আৰু নইটামাৰা আদি কৰি ৯ খন গাঁৱৰ ৰাইজে।শেহতীয়াকৈ চম্পাৱতী নদীৰ জলপৃষ্ঠ ক্ৰমশ: হ্ৰাস হৈ থকা বুলি জানিব পাৰি লগতে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াই উক্ত স্থান পৰিদৰ্শন কৰি দিয়া প্ৰতিবেদনমৰ্মে বিশেষকৈ বিভিন্ন লোকৰ চিকিৎসা, শিক্ষা আৰু দৈনন্দিন কাৰ্যালয়ৰ কামৰ বাবে বিদ্যাপুৰলৈ যোৱাত অসুবিধাৰ সৃষ্টি হৈছে বুলি জানিব পাৰি কিছুমান চৰ্ত সাপেক্ষে বঙাইগাঁৱৰ জিলা দণ্ডাধীশ নবদ্বীপ পাঠকে নাও চলাচলৰ নিষেধাজ্ঞাত আংশিক সংশোধন কৰি ছিকিবিকি-বিদ্যাপুৰ ঘাটেৰে নাও চলাচলৰ নিৰ্দেশনা জাৰি কৰিছে।

সেই অনুসৰি ছিকিবিকি-বিদ্যাপুৰ ঘাটেৰে নাও চলাচলৰ ক্ষেত্ৰত এবাৰত সৰ্বোচ্ছ ১২জন যাত্ৰী লৈহে নাও চলাচল কৰিব পাৰিব। নাওত উঠাৰ বাবে প্ৰতিজন যাত্ৰীক টিকট দিয়া হ’ব আৰু তেওঁলোকৰ নাম-ঠিকনা, মোবাইল নম্বৰ আদি ৰেজিষ্ট্ৰাৰত লিখি ৰাখিব লাগিব।

নাওৰ গৰাকীয়ে যাত্ৰীসকলে জৰুৰী সময়ত কৰিবলগীয়া আৰু নকৰিবলগীয়া কাম, লাইফ জেকেটৰ ব্যৱহাৰ আদিৰ বিষয়ে ডাঙৰ ডাঙৰকৈ ক’ব লাগিব।আভ্যন্তৰীণ জলপৰিবহন বিভাগৰ নিয়মসমূহ লিখিতভাৱে যাত্ৰীসকলক দিয়া হ’ব।চাৰিজন যাত্ৰীৰ বিপৰীতে এটা লাইফবয় ৰিং থাকিব।লাইফবয়ৰ লগত ৩০ ফুট দীঘল ৰচী বন্ধা থাকিব।

প্ৰতিজন যাত্ৰীয়ে লাইফ জেকেট নিপিন্ধা পৰ্যন্ত নাও চলিব নোৱাৰিব। সকলো নাও মেগাফোন, চাইৰেন, এলডিছ লাইট আৰু মোবাইল ফোনেৰে সুসজ্জিত হ’ব লাগিব৷ সকলো নাওতে দুডালকৈ লংগৰ থাকিব লাগিব। প্ৰতিখন নাওতে যাত্ৰী কঢ়িওৱাৰ নিৰ্ধাৰিত আসনৰ সংখ্যা স্পষ্টকৈ দেখাকৈ চাইনবোৰ্ড আঁৰিব লাগিব।

সংশ্লিষ্ট কৰ্তৃপক্ষৰ আগতীয়া অনুমতি অবিহনে নাওৰ গৰাকী সলনি কৰিব নোৱাৰিব। বঙাইগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াই ডাংতল ৰাজহ চক্ৰৰ চম্পাৱতী নৈৰ ছিকিবিকি-বিদ্যাপুৰ ঘাটেৰে নাও চলাচলৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থাপনা গ্ৰহণ কৰিব।

Related News