• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটীৰ অ-কংগ্ৰেছী ভোটাৰেও বুজি পাইছে সাংসদ হোৱাৰ যোগ্যতা ববিতা শৰ্মাৰ আছে : তৰুণ গগৈ

ৰাইজৰ আশীৰ্বাদ থাকিলে হিমন্তই হেলিকপ্টাৰ উৰুৱাবও নালাগে, নাচিবও নালাগে : গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 21, 2019 6:57 pm
Tarun Gogoi_Bobeeta Sarma

গুৱাহাটীত কংগ্ৰেছৰ ৰ'ড শ্ব'ৰ সময়ত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু ববিতা শৰ্মা। ফটো : য়ু বি।

2.2k
VIEWS
Share on FacebookShare on Twitter

“গুৱাহাটীৰ অ-কংগ্ৰেছীয়েও এইটো উপলব্ধি কৰিছে যে সাংসদ হোৱাৰ যোগ্যতা ববিতা শৰ্মাৰ আছে”, লোকসভা নিৰ্বাচনত গুৱাহাটী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলোৱাৰ সময়ত এই মন্তব্য প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ।

তৃতীয় পৰ্য্যায়ত ভোটগ্ৰহণ হ’ব লগীয়া সমষ্টিবোৰৰ বাবে প্ৰচাৰৰ আজি অন্তিম দিনা গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা জালুকবাৰীলৈ উলিওৱা এটা ৰেলী উদ্বোধন কৰাৰ সময়তে সংবাদমাধ্যমৰ আগত গগৈয়ে এই মন্তব্য কৰিছে।

ইয়াৰোপৰি কুইন ওজাৰ শিক্ষাগত অৰ্হতাক লৈ পুনৰ সৰৱ হৈ পৰে প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকী।

“কুইন ওজাৰ জিলা পৰিষদ খেলাৰে যোগ্যতা নাই। তেওঁ সংসদলৈ জয়ী হৈ গ’লেও, বাংলাদেশী অসমলৈ আনিব লাগে বুলি ক’লেও হাত চাপৰি বজাব”, সমষ্টিটোত কংগ্ৰেছৰ মূল প্ৰতিদ্বন্দ্বীগৰাকীৰ দুৰ্বলতম দিশটোক টানি আনি গগৈৰ মন্তব্য।

“আমি কাক প্ৰাৰ্থিত্ব দিছো?” প্ৰশ্ন কৰি গগৈয়ে উত্তৰত কয় নিজে, “আমিতো তেনেকুৱা প্ৰাৰ্থী নিদিওঁ। শিক্ষাৰ ক্ষেত্ৰতে হওক, সংস্কৃতিয়েই হওক, সমাজসেৱাতে হওক, সকলো ফালৰ পৰা যোগ্যতা থকা প্ৰাৰ্থী এই সন্মানীয় সমষ্টিটোত দিছো। সংসদত গৈ অসমৰ বা গুৱাহাটীৰ সমস্যাক লৈ মাত মাতিব পাৰিব।”

ইপিনে, ওজাক গগৈয়ে, ‘ব্যৱসায়ী মহিলা’ বুলি আখ্যা দি কয়, “তেওঁৰ ব্যৱসায়ৰ লাভ হ’ব। তাৰ বাদে গুৱাহাটীবাসী ৰাইজৰ একো উন্নয়ন কৰিব নোৱাৰে।”

আনহাতে, স্বাভাৱিকভাৱেই গগৈয়ে হিমন্তক আক্ৰমণ কৰি কয়, “হিমন্তই যদি ৰাইজৰ আশীৰ্বাদ পাইছে তেনেহ’লে এনেদৰে নাচি-বাগি ঘূৰিব লগীয়া কিয় হৈছে? হেলিকপ্টাৰত ঘূৰি কোটি-কোটি টকা খৰচ কৰিব লগীয়া কিয় হৈছে?”

তেওঁ আৰু কয়, “ৰাইজৰ আশীৰ্বাদ থাকিলে তেওঁ হেলিকপ্টাৰো উৰুৱাব নালাগে, নাচিবও নালাগে, তেওঁ ঘৰত বহি থাকিলেই হ’ল।”

“আশা কৰাতকৈয়ো অধিক সংখ্যক লোকে কংগ্ৰেছৰ ৰ’ড-শ্ব’ত অংশগ্ৰহণ কৰিছে”, বুলিও গগৈৰ দাবী।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd