NORTHEAST NOW (Assamese)

গুৱাহাটীৰ অ-কংগ্ৰেছী ভোটাৰেও বুজি পাইছে সাংসদ হোৱাৰ যোগ্যতা ববিতা শৰ্মাৰ আছে : তৰুণ গগৈ

April 21, 2019 6:57 pm · কল্পজ্যোতি শইকীয়া
গুৱাহাটীত কংগ্ৰেছৰ ৰ'ড শ্ব'ৰ সময়ত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু ববিতা শৰ্মা। ফটো : য়ু বি।

“গুৱাহাটীৰ অ-কংগ্ৰেছীয়েও এইটো উপলব্ধি কৰিছে যে সাংসদ হোৱাৰ যোগ্যতা ববিতা শৰ্মাৰ আছে”, লোকসভা নিৰ্বাচনত গুৱাহাটী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলোৱাৰ সময়ত এই মন্তব্য প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ।

তৃতীয় পৰ্য্যায়ত ভোটগ্ৰহণ হ’ব লগীয়া সমষ্টিবোৰৰ বাবে প্ৰচাৰৰ আজি অন্তিম দিনা গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা জালুকবাৰীলৈ উলিওৱা এটা ৰেলী উদ্বোধন কৰাৰ সময়তে সংবাদমাধ্যমৰ আগত গগৈয়ে এই মন্তব্য কৰিছে।

ইয়াৰোপৰি কুইন ওজাৰ শিক্ষাগত অৰ্হতাক লৈ পুনৰ সৰৱ হৈ পৰে প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকী।

“কুইন ওজাৰ জিলা পৰিষদ খেলাৰে যোগ্যতা নাই। তেওঁ সংসদলৈ জয়ী হৈ গ’লেও, বাংলাদেশী অসমলৈ আনিব লাগে বুলি ক’লেও হাত চাপৰি বজাব”, সমষ্টিটোত কংগ্ৰেছৰ মূল প্ৰতিদ্বন্দ্বীগৰাকীৰ দুৰ্বলতম দিশটোক টানি আনি গগৈৰ মন্তব্য।

“আমি কাক প্ৰাৰ্থিত্ব দিছো?” প্ৰশ্ন কৰি গগৈয়ে উত্তৰত কয় নিজে, “আমিতো তেনেকুৱা প্ৰাৰ্থী নিদিওঁ। শিক্ষাৰ ক্ষেত্ৰতে হওক, সংস্কৃতিয়েই হওক, সমাজসেৱাতে হওক, সকলো ফালৰ পৰা যোগ্যতা থকা প্ৰাৰ্থী এই সন্মানীয় সমষ্টিটোত দিছো। সংসদত গৈ অসমৰ বা গুৱাহাটীৰ সমস্যাক লৈ মাত মাতিব পাৰিব।”

ইপিনে, ওজাক গগৈয়ে, ‘ব্যৱসায়ী মহিলা’ বুলি আখ্যা দি কয়, “তেওঁৰ ব্যৱসায়ৰ লাভ হ’ব। তাৰ বাদে গুৱাহাটীবাসী ৰাইজৰ একো উন্নয়ন কৰিব নোৱাৰে।”

আনহাতে, স্বাভাৱিকভাৱেই গগৈয়ে হিমন্তক আক্ৰমণ কৰি কয়, “হিমন্তই যদি ৰাইজৰ আশীৰ্বাদ পাইছে তেনেহ’লে এনেদৰে নাচি-বাগি ঘূৰিব লগীয়া কিয় হৈছে? হেলিকপ্টাৰত ঘূৰি কোটি-কোটি টকা খৰচ কৰিব লগীয়া কিয় হৈছে?”

তেওঁ আৰু কয়, “ৰাইজৰ আশীৰ্বাদ থাকিলে তেওঁ হেলিকপ্টাৰো উৰুৱাব নালাগে, নাচিবও নালাগে, তেওঁ ঘৰত বহি থাকিলেই হ’ল।”

“আশা কৰাতকৈয়ো অধিক সংখ্যক লোকে কংগ্ৰেছৰ ৰ’ড-শ্ব’ত অংশগ্ৰহণ কৰিছে”, বুলিও গগৈৰ দাবী।

Related News