• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অদৃষ্টৰ দোষত গণ্ডগোল লতাশিল বিহুত, ঘোষণা বিচাৰক অমৰেন্দ্ৰ গগৈৰ

Anirban Pathak অনিৰ্বাণ পাঠক
গুৱাহাটী , April 21, 2019 10:15 pm

2 min read

Latashil Bihu: Jury member Amarendra Gogoi blames "invisible'' for all the hue and cry

লতাশিল বিহু ২০১৯: মাজত সম্ৰাজ্ঞী, তেওঁলোকৰ ফালৰ পৰা সোঁহাতে ৰাণী আৰু বাওঁফালে কুঁৱৰী।

1.9k
VIEWS
Share on FacebookShare on Twitter

লতাশিলৰ বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাক লৈ চলিত বিতৰ্কৰ মাজত মুখ খুলি বিচাৰক অমৰেন্দ্ৰ গগৈয়ে ইয়াৰ বাবে “অদৃষ্ট”ক দোষ দিছে।

দেওবাৰে দিচপুৰ প্ৰে’চ ক্লাবত এক সংবাদমেলযোগে তেওঁৰ বিৰুদ্ধে উত্থাপিত “ফিক্সিং”ৰ অভিযোগ নাকচ কৰি বিহু নাচৰ বিচাৰকজনে এই মন্তব্য কৰিছে।

“মই কোনোধৰণৰ দুৰ্নীতি কৰা নাই। দুৰ্নীতি কৰি মই কি পাম? মোৰেই দুৰ্ভাগ্য মই এনেকুৱা এটা অপবাদ শুনিবলগীয়া হ’ল। মই প্ৰায় ৪০ বছৰ ধৰি বিচাৰকৰ দায়িত্ব পালন কৰিছো। কিন্তু এইবছৰহে কেনেকৈ কি হ’বলৈ পালে? মই অদৃষ্টকহে দোষাৰোপ কৰিম,” গগৈৰ মন্তব্য।

নিজৰ ক্ষেত্ৰত এয়া “জঘন্য মিছা অভিযোগ” বুলি সদৰী কৰি গগৈয়ে লগতে “আনৰ কথা নাজানো” বুলিও সংবাদমেলত উল্লেখ কৰে।

লতাশিলত গুৱাহাটী বিহু সন্মিলনীৰ “বিহু সম্ৰাজ্ঞী”ৰ খিতাপটো লখিমপুৰৰ নীলম দোলাকাষৰীয়া নামৰ নাচনীগৰাকীয়ে পোৱাক লৈ বিতৰ্কটোৰ সূত্ৰপাত ঘটিছে।

প্ৰতিযোগিতাখনৰ একাংশ নাচনী আৰু বিহুৱাই অভিযোগ উত্থাপন কৰিছে যে “বিহু সম্ৰাজ্ঞী” দোলাকাষৰীয়াই নাচোনত “বাৰেপতি ভুল” কৰিছিল।

যোৱা ১৭ এপ্ৰিলত প্ৰতিযোগিতাখনৰ ফলাফল ঘোষণাৰ পাছতেই বিচাৰকৰ ভূমিকাক লৈ অসন্তুষ্ট একাংশ বিহুৱা আৰু নাচনীয়ে পৰিৱেশ উত্তাল কৰি তুলিছিল।

অমৰেন্দ্ৰ গগৈৰ উপৰি মন্টু গোহাঁই আৰু অমিয়া গন্ধিয়া প্ৰতিযোগিতাখনৰ বিচাৰক আছিল।

লতাশিলৰ এইবাৰৰ বিহু প্ৰতিযোগিতাত লখিমপুৰৰ দোলাকাষৰীয়াক “বিহু সম্ৰাজ্ঞী” আৰু ডিব্ৰুগড়ৰ নীহাৰিকা শইকীয়া আৰু নিবেদিতা বৰাক ক্ৰমে “বিহু ৰাণী” আৰু “বিহু কুঁৱৰী” খিতাপ আগবঢ়োৱা হৈছিল।

Recent News

a modi

টীয়কত অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত শিল্পী দিৱস উদযাপন

FB_IMG_1610885972644

বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ তিনিচুকীয়াৰ ছাত্ৰ মুক্তিৰ নেতা উমানন্দ মুদৈ মৰাণ

gang-rape

এবাৰ দুবাৰ নহয়, তিনিবাৰকৈ অপহৰণ কৰি নি ১৩ বছৰীয়া কিশোৰীক দলৱদ্ধ ধৰ্ষণ ৯ জনৰ

Legendary classical musician Ustad Ghulam Mustafa Khan dies at 89

ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ কিংবদন্তি শিল্পী ওস্তাদ গুলাম মুস্তাফা খান আৰু নাই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd